গুৱাহাটী জিলা পুথি ভৰাল প্ৰেক্ষাগৃহত ২১ ছেপ্টেম্বৰৰ পৰা ২৬ ছেপ্টেম্বৰলৈ ছয় দিনীয়া কাৰ্য্যসূচৰে অনুষ্ঠিত হ’ব ত্ৰয়োদশ বাৰ্ষিক ব্ৰজনাথ শৰ্মা সোঁৱৰণী আন্তঃৰাজ্যিক নাট সমাৰোহ।
গুৱাহাটীস্থিত নাট্য গোষ্ঠী সমাহাৰ নাট্য গোষ্ঠীয়ে প্ৰতিবছৰে নাট সমাৰোহখনি আয়োজন কৰি আহিছে। চলিত বৰ্ষত ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনে নাট সমাৰোহখনি আয়োজন কৰাৰ ক্ষেত্ৰত উদ্যোক্তা সমিতিক সহযোগিতা আগবঢ়াইছে।
উদ্যোক্তা সমিতিৰ সভাপতি ললিত শৰ্মাই সংবাদ মাধ্যমক সাক্ষাৎ কৰি প্ৰতিবছৰে সুকলমে নাট সমাৰোহখনি আয়োজন কৰি থাকিব পৰাতো তেওঁলোকৰ বাবে অতি সুখৰ বিষয় হিচাপে অভিহিত কৰাৰ লগতে চলিত বৰ্ষতো ইয়াক সফলৰূপত আয়োজন কৰাৰ ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা কামনা কৰে।
অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতৃ পুৰুষ ব্ৰজনাথ শৰ্মাৰ সোঁৱৰণত ২০০৭ চনৰ পৰা প্ৰতিবছৰে সমাহাৰ নাট্যগোষ্ঠীয়ে ব্ৰজনাথ শৰ্মা সোঁৱৰণী নাট সমাৰোহখনি আয়োজন কৰি আহিছে।
ব্ৰজনাথ শৰ্মাই প্ৰথম বাৰৰ বাবে ১৯৩৩ চনত অসমীয়া নাটকত অভিনেত্ৰীৰ আত্মপ্ৰকাশ কৰাইছিল।
২১ ছেপ্টেম্বৰত সন্ধিয়া বিশিষ্ট সমাজ কৰ্মী দিলীপ হাজৰিকাই ব্ৰজনাথ শৰ্মা সোঁৱৰণী নাট সমাৰোহখনি উদ্বোধন কৰিব।
নাট সমাৰোহখনি লগত সংগতি ৰাখি প্ৰকাশ পাবলগীয়া স্মৃতিগ্ৰন্থ ‘কহিনুৰ’ মুকলি কৰিব জেষ্ঠ সাংবাদিক হাইদৰ হুছেইনে।
চলিত বৰ্ষত নাট সমাৰোহখনি বেশ্যা, ডাকঘৰ, কালচক্ৰ, বন্দে মাতৰম, চোৰ উবাস আৰু কহয় চান্দে দশা নামৰ মুঠ ছয়খন নাট পৰিবেশন কৰা হ’ব বুলি উদ্যোক্তা সমিতিয়ে জনাইছে।