বাৰ্ধক্যজনিত ৰোগত দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ অৱশেষত আজীৱন সাম্যবাদী, ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টী (The Revolutionary Communist Party of India) চমুকৈ আৰ চি পি আই দলৰ এগৰাকী বৰেণ্য নেতা শ্ৰদ্ধেয় অম্বু বৰাৰ দেহাৱসান ঘটিল। অম্বু বৰাৰ মৃত্যুৰ লগে লগে অসমৰ ৰাজনৈতিক ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায়ৰো যেন যৱনিকা পৰিল। বিশেষকৈ বিগত শতিকাৰ পঞ্চাশৰ দশকৰ পৰা আৰ চি পি আইৰ নেতৃত্বত যি এক বৈপ্লৱিক ধাৰা আৰম্ভ হৈছিল সেই ধাৰাৰ এগৰাকী অন্যতম সাক্ষীস্বৰূপ আৰু সক্ৰিয় কৰ্মী আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই গ’ল। বিগত বৰ্ষত অম্বু বৰাদেৱৰ জীৱন আৰু ৰাজনৈতিক পৰিক্ৰমা সামৰি এই লেখকে সাক্ষাৎকাৰ আৰু সম্পাদনাৰ ভিত্তিত ‘অম্বু বৰা আৰু অসমত আৰ চি পি আই আন্দোলন’ শীৰ্ষক এখন গ্ৰন্থ প্ৰণয়ন কৰি উলিয়াইছিলো। অসমৰ ৰাজনৈতিক ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ক্ষণত বিপ্লৱী সত্তাৰে আৰ চি পি আই আন্দোলনৰ নেতৃত্ব দিয়া অম্বু বৰাৰ জীৱন পৰিক্ৰমাৰ মাজত ফুটি উঠিছে ভাৰতৰ স্বাধীনতা আন্দোলন, অসমৰ প্ৰেক্ষাপটত ভূমি আন্দোলন, আধিয়াৰ আন্দোলন, জমিদাৰ মহাজনৰ বিৰুদ্ধে কৰা কৃষক বিদ্ৰোহ আদি অসংখ্য ৰাজনৈতিক ঘাত-প্ৰতিঘাতৰ সমাহাৰ। অম্বু বৰাৰ লগতে তেখেতৰ অগ্ৰগামী খগেন বৰবৰুৱা, বিষ্ণু প্ৰসাদ ৰাভা আদিৰ লেখীয়া বৰেণ্য লোকে আৰ চি পি আই আন্দোলনৰ জৰিয়তে অসমৰ কমিউনিষ্ট আন্দোলনক যি এক নতুন প্ৰাণ দিছিল তাৰ মৌখিক সাক্ষী আছিল স্বয়ং প্ৰয়াত অম্বু বৰা। অসমৰ বিপ্লৱী আন্দোলনৰ সেই স্বৰ্ণিল অধ্যায়টো অম্বু বৰাৰ জীৱন পৰিক্ৰমাৰ মাজেৰে বিচাৰ কৰাটোৱেই আছিল আমাৰ উল্লিখিত গ্ৰন্থখনৰ উদ্দেশ্য।
১৯২৯ চনত নগাওঁ জিলাৰ ৰহা মৌজাৰ অন্তৰ্গত হাৰিয়ামুখ গাঁৱত জন্মগ্ৰহণ কৰা অম্বু বৰাৰ পিতৃ আছিল ৰহেশ্বৰ বৰা আৰু মাতৃ পেঞ্চনবালা ৰাভা। ৰহা হাৰিয়ামুখ স্কুলত প্ৰাথমিক আৰু ৰহা হাইস্কুলত মধ্যমিক শিক্ষা লোৱা অম্বু বৰাদেৱে হাইস্কুলত পঢ়ি থকা সময়তে আৰ চি পি আইৰ ছাত্ৰ সংগঠন ‘অসম প্ৰাদেশিক ছাত্ৰ ফেডাৰেছন’ৰ লগত জড়িত হৈ পৰে। সেয়া হৈছে ১৯৪৬ চনৰ কথা। উক্ত বৰ্ষত আৰ চি পি আইৰ এই ছাত্ৰ সংগঠনটোৰ ৰাজ্যিক সভা ৰহাত অনুষ্ঠিত হৈছিল আৰু সেই ৰহা অধিৱেশনতেই সভাপতিৰ পদ অলংকৃত কৰিছিল বিষ্ণু প্ৰসাদ ৰাভাদেৱে। ৰহা অধিৱেশনৰ এগৰাকী উদ্যোগক্তা হিচাপে অম্বু বৰাদেৱে বিষ্ণু ৰাভাক নিচেই ওচৰৰ পৰা লগ পোৱাৰ সুযোগ পায় আৰু পৰৱৰ্তী সময়ত কৃষক বিদ্ৰোহৰ সৈতে জড়িত হৈ পৰে। ১৯৪৯ চনত ৰহা হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষা পাছ কৰা বৰাই ছিলংস্থিত এন্থনী কলেজত নামভৰ্তি কৰে আৰু সেই সময়তে আৰ চি পি আই দলক বে-আইনী হিচাপে ঘোষণা কৰা হয়। এই ঘোষণাৰ পাছত বৰাৰ নামতো গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি হয় আৰু সেই খবৰ পোৱাৰ লগে লগে তেওঁ ছিলং ত্যাগ কৰি গুৱাহাটী পায়হি। সেই সময়ত দক্ষিণ কামৰূপ, গোৱালপাৰা আৰু উত্তৰ কামৰূপত আৰ চি পি আই দলৰ গণ সংগঠন ‘কৃষক বনুৱা পঞ্চায়ত’ৰ দ্বাৰা আধিয়াৰ আন্দোলন তীব্ৰতৰ হৈ উঠিছিল। এই আন্দোলনৰ মূল দাবী আছিল— “নাঙল যাৰ, মাটি তাৰ”। আত্মগোপন কৰি থকা এই কালছোৱাতে অম্বু বৰা আন্দোলনটোত সক্ৰিয় হৈ পৰে আৰু সেই সময়খিনিতে তেওঁৰ শৈক্ষিক জীৱন ব্যাহত হৈ পৰে। পৰৱৰ্তী কালত ৰহাত স্থানীয় সমাজকৰ্মী আৰু শিক্ষানুৰাগীসকলৰ প্ৰচেষ্টাত ৰহা কলেজ স্থাপন কৰা হয় আৰু এই কলেজ প্ৰতিষ্ঠাতো তেখেত জড়িত হৈ পৰে। ১৯৬৫ চনতহে তেওঁ পি. ইউ. পাছ কৰিবলৈ সক্ষম হয়।
১৯৫৩ চনৰ পৰা ১৯৭৮ চনলৈকে আৰ চি পি আই দলৰ ৰাজ্যিক সম্পাদকৰ দায়িত্ব নিৰ্বাহ কৰা বৰাদেৱ নিজেও আছিল প্ৰকাশনৰ লগত জড়িত। পাৰ্টীৰ বিপ্লৱী কৰ্মকাণ্ডৰ লগত মৃত্যুপৰ্য্যন্ত জড়িত হৈ থকাৰ উপৰি পাৰ্টীৰ মুখপত্ৰ ‘জনসাধাৰণ’ কাকতৰো তেওঁ প্ৰকাশকৰ দায়িত্বত আছিল। পৰৱৰ্তী সময়ত এক সাধাৰণ মেনুৱেল প্ৰেছ চলাই নিজ পৰিয়ালটোক পোহপাল দিয়া বৰাদেৱে জীৱনৰ বিভিন্ন ক্ষণত অজস্ৰ ৰাজনৈতিক ঘাত-প্ৰতিঘাত পোৱাৰ লগতে বিশেষকৈ অসম আন্দোলনৰ সময়ত নিজৰ মূৰত পাতি ল’ব লগা হৈছিল সামাজিক বদনাম আৰু ৰাজনৈতিক শত্ৰুতা। চল্লিশৰ দশকত বিপ্লৱী কমিউনিষ্ট পাৰ্টীয়ে গ্ৰহণ কৰা নীতি আৰু কৌশল অনুকৰণ কৰি তেওঁ ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল। পাছলৈ তেওঁ বিপ্লৱী কমিউনিষ্ট পাৰ্টীৰ অধীনত কৃষক বনুৱা পঞ্চায়ত সমিতিৰ লগত জড়িত হৈ পৰে। এই সমিতিয়ে ভূমি ব্যৱস্থাৰ সংস্কাৰ, কৃষকৰ মাটিৰ ওপৰত অধিকাৰ, ভূমিহীনক ভূমি দিয়াৰ দাবী, মহাজনী ধাৰৰ সুত কমোৱা, মাটিগিৰীৰ আধি-চুকানিৰ নিৰিখ কমোৱা আদি দাবীবোৰ অসমৰ সৰ্বস্তৰত প্ৰচাৰ কৰিছিল। প্ৰথমে দক্ষিণ কামৰূপৰ ৰাণী, ভোলাগাওঁ, ৰামছাৰাণী, বকো, ছয়গাওঁ, বেলতলা, সোণাপুৰ আদি মৌজাত এনে সংগঠন গঢ়ি তোলা হয় আৰু পাছলৈ ইয়াৰ সম্প্ৰসাৰণ ঘটে গোৱালপাৰা, দৰং, নগাওঁ, শিৱসাগৰ, লখিমপুৰ আদি ঠাইলৈ। কমৰেড বিষ্ণু প্ৰসাদ ৰাভা, সৰোজ কুমাৰ সেন, প্ৰকাশ বসুমতাৰী আদিয়ে কৃষক বনুৱাৰ পঞ্চায়ত সংগঠন উত্তৰ গোৱালপাৰাত শক্তিশালী কৰি তুলিছিল আৰু এনে আন্দোলনসমূহৰ এগৰাকী অন্যতম যোদ্ধা আছিল প্ৰয়াত অম্বু বৰাদেৱ।
১৯৪৯-৫০ চনৰ সশস্ত্ৰ বিপ্লৱৰ পাছত এক গৰিষ্ঠসংখ্যক আৰ চি পি আই নেতা কাৰাৰুদ্ধ হয় আৰু কাৰাগাৰৰ পৰা ওলাই অহাৰ পাছতে ইয়াৰে এক বুজনসংখ্যকে চি পি আই দলত যোগদান কৰে। দলটোৰ বৰেণ্য নেতাসকলে দলত্যাগ কৰাৰ পাছত আৰ চি পি আই দলটো একেবাৰে নিশকটীয়া হৈ পৰে আৰু তেনে এক কঠিন আৰু সংকটপূৰ্ণ ক্ষণতে পাৰ্টীৰ সম্পাদকৰ দায়িত্ব চম্ভালিব লগা হয় অম্বু বৰাদেৱে। এই কাৰ্য্যকালৰ সময়ছোৱাত তেখেতৰ দলে কেইবাটাও গুৰুত্বপূৰ্ণ সফলতা লাভ কৰে। খাদ্য সংকটৰ কালছোৱাত বৰাদেৱৰ নেতৃত্বত আন্দোলনৰ জৰিয়তে পাৰ্টীক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াস কৰা হৈছিল। একেদৰে তেওঁৰ অহোপুৰুষাৰ্থ প্ৰচেষ্টাৰ বলতে তেল শোধনাগাৰ আন্দোলন, ১৯৬০ চনৰ ভাষা আন্দোলন, ১৯৬২ চনৰ চীন-ভাৰত যুদ্ধ, জৰুৰীকালীন শাসন, মাধ্যম আন্দোলন, অসম আন্দোলন আদিত আৰ চি পি আইয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। জৰুৰীকালীন শাসনৰ বিৰোধিতা কৰিবলৈ গৈ তেখেতে বিভিন্ন ধৰণে ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হ’ব লগা হৈছিল তথা এই বিৰোধিতাৰ বাবে দলটোৰ বহুসংখ্যক কৰ্মীয়ে জে’ল খাব লগাত পৰিছিল। ১৯৭৯-৮৫ চনৰ বিদেশী নাগৰিক বহিষ্কাৰ আন্দোলনৰ বাস্তৱসন্মত আইনগত দিশেৰে সমস্যাটো সমাধান কৰিবলৈ পাৰ্টীৰ পৰা প্ৰস্তাৱ ৰখা হৈছিল আৰু ইয়াৰ গুৰি ধৰিছিল অম্বু বৰাই।
কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক সাংগঠনিকভাৱে অতি নিবিড়ভাৱে লগ পোৱা বৰাদেৱৰ বিপ্লৱী শিল্পীজনৰ প্ৰতি আছে এক গভীৰ অনুভৱ। বিষ্ণু প্ৰসাদ সম্পৰ্কে তেওঁ মত প্ৰকাশ কৰিছিল এনেদৰে— “আজি কিছুবছৰৰপৰা বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু হিচাপে অসমৰ সাহিত্য-সংস্কৃতিৰ লগত জড়িত দল, সংগঠন আদিৰ ফালৰপৰা আৰু আনকি চৰকাৰৰ উদ্যোগত সন্মান প্ৰদৰ্শনৰ দিহা কৰি অহা হৈছে। ৰাভাই মাৰ্ক্সবাদ গ্ৰহণ নকৰা হ’লে তেওঁক চিনা বা জনাৰ কি উপায় হ’লহেঁতেন তাক জনা নগ’লহেঁতেন। ১৯৪৫ চনত কৃষক বনুৱা পঞ্চায়তৰ মাজেদি তেওঁ পাৰ্টীৰ লগত জড়িত হৈ পৰে। আপুনি দেখিব ৰাভাৰ অধিকাংশ সৃষ্টিশীল গীত কৃষক বনুৱা পঞ্চায়ত আৰু আৰ চি পি আই নীতি আদৰ্শৰ প্ৰতি উৎসৰ্গিত গীত। এনেবোৰ গীতে পাৰ্টীৰ সাংগঠনিক বিস্তৃতি বঢ়োৱাৰ ক্ষেত্ৰত দলটোক উদ্দীপনা প্ৰদান কৰিছিল। যদিও তেওঁ ১৯৪৯ চনতহে পাৰ্টীৰ সদস্য পদ লয়, কিন্তু বাস্তৱত পাৰ্টীৰ গণ সংগঠনত সোমোৱাৰ পৰাই প্ৰকাৰান্তৰে তেওঁক পাৰ্টীৰ সদস্য বুলি ধৰিব পাৰি। সেই অৰ্থত তেওঁ ১৯৪৫ চনৰপৰাই পাৰ্টীৰ লগত জড়িত। আধিয়াৰ আন্দোলনৰ সময়ত ৰাভাদেৱক কেইবাবাৰো লগ পাইছিলো। প্ৰথমবাৰ তেখেতক লগ পাইছিলো ৰহাত বহা অসম প্ৰাদেশিক ছাত্ৰ ফেডাৰেচনৰ সাংস্কৃতিক সভাৰ মঞ্চত। পাৰ্টীলৈ ৰাভাৰ আগমন ঘটাত বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষক সমস্যাবোৰক লৈ পাৰ্টীয়ে সাংগঠনিক কাম-কাজ বঢ়াব পাৰিছিল। অসমৰ জনজাতীয় লোকৰ মাজত পাৰ্টীৰ স্থিতি মজবুত কৰাৰ ক্ষেত্ৰত ৰাভাদেৱৰ অৱদান আছিল বিশেষভাৱে উল্লেখনীয়। কোকৰাঝাৰৰ চেৰফাংগুৰি, দোতমাৰপৰা মঙলদৈৰ খৈৰাবাৰী-ভকতপাৰালৈকে বিস্তীৰ্ণ বড়ো এলেকাত ৰাভাৰ প্ৰভাৱতে নিপীড়িত বড়ো জনগোষ্ঠীক সংগঠিত কৰিবলৈ আমাৰ পাৰ্টী সক্ষম হৈছিল।…আমাৰ খেদ হয় আজিৰ বিষ্ণু ৰাভাৰ গুণানুকীৰ্তন কৰা সকলোৱে এজন বিষ্ণু ৰাভাক ৰাজদৰবাৰলৈ উলিয়াই নিছে আৰু আনহাতে আনজন বিষ্ণু ৰাভাক ‘এজাৰৰ ছাঁত’ ৰাখি উপেক্ষা কৰিছে। আমি মনত ৰখা দৰকাৰ যে ১৯৬২ চনত ৰাভাক তেজপুৰত গ্ৰেপ্তাৰ কৰি কঁকালত পঘাৰে বান্ধি উৰিষ্যাৰ বেৰহামপুৰ জেললৈ পঠিওৱা হৈছিল। এতিয়া ৰাভাক সকলোৱে নিজ নিজ স্বাৰ্থত ব্যৱহাৰ কৰি কলাগুৰু আখ্যাৰে পূজিত কৰিছে। এতিয়া সময় হ’ল ‘এজাৰৰ ছাঁ’ত উপেক্ষিত বিষ্ণু ৰাভাজনক জগাই তোলা।”
মৃত্যুপৰ্য্যন্ত সাম্প্ৰদায়িক ৰাজনীতি, বিজেপি দলৰ অতিকেন্দ্ৰিকতাৰ বিৰোধিতা কৰা বৰাদেৱে শেহতীয়াভাৱে অসম ৰাজ্যলৈ অহা ৰাজনৈতিক তথা আৰ্থিক সংকট সম্পৰ্কত প্ৰকাশ কৰিছিল অতি গভীৰ শংকা। তেখেতৰ মতে বৰ্তমানৰ বিজেপি দলটোৱে যদি দীৰ্ঘদিনৰ বাবে দেশ শাসন কৰে তেন্তে ভাৰতবৰ্ষত সংঘীয় চেতনা পূৰ্ণৰূপত লুপ্ত হ’ব আৰু দেশখনৰ সামাজিক-সাংস্কৃতিক বৈচিত্ৰ্য পূৰ্ণৰূপত চূৰমাৰ হ’ব। একমাত্ৰ জনসাধাৰণৰ সামূহিক প্ৰতিৰোধেহে এনে এককেন্দ্ৰিক, একভাষিক আৰু এক-সাংস্কৃতিক আগ্ৰাসনক ৰোধ কৰিব পাৰিব বুলি অম্বু বৰাই মনে-প্ৰাণে বিশ্বাস কৰিছিল। অম্বু বৰাৰ জীৱন পৰিক্ৰমাত প্ৰতিফলিত হৈছে এগৰাকী নিঃস্বাৰ্থ ৰাজনীতিবিদৰ সৰলতা আৰু দেশ তথা জাতিৰ প্ৰতি দ্বিধাহীন ভালপোৱা। এইজনা বিপ্লৱী সাম্যবাদীৰ জীৱন তথা আদৰ্শ পৰৱৰ্তী প্ৰজন্মৰ বাবে হওক অনুকৰণীয়।
(লেখক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা, ই-মেইল: [email protected])