• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 6, 2026 7:22 am
66
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফিফা বিশ্বকাপ আৰম্ভ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত টিকট বিক্ৰীৰ ক্ষেত্ৰত এক গুৰুতৰ কাৰিকৰী বিজুতি পোহৰলৈ আহিছে। অনলাইন টিকট বুকিং ৱেবছাইটৰ এক প্ৰযুক্তিগত সমস্যাৰ ফলত ৬০ গৰাকী ফুটবল অনুৰাগীয়ে বিনামূলীয়াকৈ বিশ্বকাপৰ টিকট লাভ কৰাৰ পিছত এতিয়া ফিফাই তেওঁলোকক সাত দিনৰ ভিতৰত টিকটৰ মূল্য পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে। অহা ১১ জুনৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাখনৰ পূৰ্বে ফিফাৰ এই জাননীয়ে ক্ৰীড়ামহলত নতুন বিতৰ্কৰ সূত্ৰপাত ঘটাইছে।

প্ৰাপ্ত তথ্য অনুসৰি, অনলাইনযোগে টিকট ক্ৰয় কৰিবলৈ যোৱা এই ৬০ গৰাকী অনুৰাগীয়ে ৱেবছাইটৰ বিজুতিৰ বাবে কোনো মূল্য পৰিশোধ নকৰাকৈয়ে টিকট লাভ কৰিবলৈ সক্ষম হৈছিল। পৰৱৰ্তী সময়ত যিসকল দৰ্শকে বৃহৎ পৰিমাণৰ ধন ব্যয় কৰি টিকট ক্ৰয় কৰিছিল, তেওঁলোকে এই বৈষম্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতহে সমগ্ৰ বিষয়টো ফিফা কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হয়। ইয়াৰ লগে লগে ফিফাই স্পষ্ট কৰি দিয়ে যে বিশ্বকাপৰ বাবে কোনো বিনামূলীয়া টিকটৰ ব্যৱস্থা নাই আৰু কেৱল প্ৰযুক্তিগত সমস্যাৰ বাবেহে এনে ঘটনা সংঘটিত হৈছে। যোৱা ৩ জুনত সংশ্লিষ্ট অনুৰাগীসকলক এই বিষয়ে আনুষ্ঠানিকভাৱে অৱগত কৰা হৈছে আৰু তেওঁলোকৰ টিকটসমূহ সাত দিনৰ বাবে সংৰক্ষিত কৰি ৰখা হৈছে। নিৰ্ধাৰিত সময়ৰ ভিতৰত টিকটৰ মূল্য আদায় নিদিলে এই বুকিংসমূহ বাতিল কৰা হ’ব বুলি কৰ্তৃপক্ষই জাননী জাৰি কৰিছে।

Apply Now

উল্লেখ্য যে, এইবাৰৰ বিশ্বকাপৰ টিকটৰ অত্যধিক মূল্যক লৈ পূৰ্বৰে পৰা তীব্ৰ সমালোচনা চলি আহিছে। টিকটৰ চৰা দামৰ বাবে ইতিমধ্যে আইনী সমস্যাৰ সন্মুখীন হোৱা ফিফাক আমেৰিকা যুক্তৰাষ্ট্ৰৰ আদালতে তদন্তৰ নিৰ্দেশ দিছে। কেৱল সাধাৰণ অনুৰাগীয়েই নহয়, পেপ গুৱাৰ্ডিঅ’লাৰ দৰে বিশ্ববিশ্ৰুত ফুটবল ব্যক্তিয়েও টিকটৰ অত্যধিক মূল্য নিৰ্ধাৰণক লৈ মুকলি সমালোচনা কৰিছে। এনে প্ৰেক্ষাপটত প্ৰযুক্তিগত বিজুতিৰ দৰে ঘটনাই ফিফাৰ দৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংস্থা এটাৰ পৰিচালনাৰ ওপৰত প্ৰশ্নবোধক চিহ্ন আঁকি দিছে।

অহা ১১ জুনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৰ যৌথ আতিথ্যত এইবাৰৰ ফিফা ফুটবল বিশ্বকাপ অনুষ্ঠিত হ’ব। প্ৰথমবাৰৰ বাবে ৪৮ খন দেশে অংশগ্ৰহণ কৰিবলগীয়া এই প্ৰতিযোগিতাখনৰ বাবে আয়োজক দেশকেইখনে সুকীয়াকৈ উদ্বোধনী অনুষ্ঠান আয়োজন কৰাৰ পৰিকল্পনা কৰিছে। মেক্সিকোৰ ঐতিহাসিক এজটেকা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী মেচখনত ঘৰুৱা দল মেক্সিকোৱে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। বৰ্তমান সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে বিনামূলীয়া টিকট লাভ কৰা অনুৰাগীসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত মূল্য পৰিশোধ কৰে নে তেওঁলোকৰ টিকট বাতিল কৰা হয়, তাৰ ওপৰত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

August 16, 2026 12:59 pm
ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

August 16, 2026 11:41 am
অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

August 16, 2026 10:39 am
হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

August 16, 2026 9:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

August 16, 2026 12:59 pm
ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

August 16, 2026 11:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd