• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 6, 2026 7:48 am
61
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হলিউডৰ প্ৰবীণ অভিনেতা জেমছ হেণ্ডিৰ মৰ্মান্তিক মৃত্যুৰ খবৰে বিনোদন জগতখনত শোকৰ ছাঁ পেলাইছে। ‘টপ গান: মেভেৰিক’, ‘জুমানজী’, ‘লোগান’কে ধৰি কেইবাখনো জনপ্ৰিয় ছবি আৰু টেলিভিছন ধাৰাবাহিকত তেওঁক দেখা গৈছে।

লছ এঞ্জেলছৰ ঘৰত ছুৰীবিদ্ধ অৱস্থাত উদ্ধাৰ হৈছে অভিনেতাজনৰ মৃতদেহ। এই ঘটনাত অভিনেতাজনৰ প্ৰেয়সীৰ পুত্ৰক গ্ৰেপ্তাৰ কৰা হৈছে।

Apply Now

আৰক্ষী সূত্ৰৰ মতে, বুধবাৰে পুৱা লছ এঞ্জেলছৰ টাৰ্জানা অঞ্চলৰ জেমছ হেণ্ডিৰ ঘৰৰ পৰা ৯১১ নম্বৰত ৰহস্যজনক ফোন আহিছিল। তেওঁ নিজকে ‘মই ঈশ্বৰৰ পুত্ৰ, মই এজন পাপীক হত্যা কৰিলোঁ’ বুলি পৰিচয় দিছিল। সেই ফোনটোৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী।

আৰক্ষীয়ে ঘৰটোলৈ গৈ ৮১ বছৰীয়া অভিনেতাজনক অচেতন অৱস্থাত উদ্ধাৰ কৰে। তেওঁৰ বুকুত সোমাই আছিল এখন ছুৰী। ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

তদন্তত প্ৰকাশ পাইছে যে অভিযুক্তজন হৈছে জেমছ হেণ্ডিৰ প্ৰেমিকাৰ পুত্ৰ ৪৪ বছৰীয়া মাইকেল গ্লেডিল। তেওঁ মাকৰ সৈতে একেখন ঘৰতে থাকিছিল।

আৰক্ষীয়ে দাবী কৰা মতে, সেই স্থানত উপস্থিত হোৱাৰ পিছত মাইকেল গ্লেডিলে নিজেই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে। তেওঁক গ্ৰেপ্তাৰ কৰি সোধা-পোছাৰ বাবে অনা হয়। তেওঁৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে। আদালতে তেওঁৰ জামিনৰ মূল্য ২০ লাখ ডলাৰ নিৰ্ধাৰণ কৰিছে। অৱশ্যে হত্যাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। ঘটনাৰ তদন্ত অব্যাহত আছে।

জেমছ হেণ্ডিয়ে দশক দশক ধৰি হলিউডত কাম কৰি আহিছে। প্ৰায় পাঁচ দশকৰ অভিনয় জীৱনত তেওঁ ১৪০ খনতকৈও অধিক ছবি আৰু টেলিভিছন প্ৰডাকচনত অভিনয় কৰিছে। তেওঁৰ কিছুমান উল্লেখযোগ্য ছবিৰ ভিতৰত আছে ‘জুমানজী’, ‘আৰাকনোফ’বিয়া’, ‘লোগান’ আৰু ‘টপ গান: মেভেৰিক’। ২০২২ চনত মুক্তি পোৱা ‘টপ গান: মেভেৰিক’ ছবিখনত তেওঁ বাৰটেণ্ডাৰ জিমিৰ চৰিত্ৰত অভিনয় কৰিছিল।

কেৱল ছবিতে নহয়, টেলিভিছনতো তেওঁৰ দীৰ্ঘদিনীয়া উপস্থিতি দেখা গৈছিল। ‘এনচিআইএছ: লছ এঞ্জেলছ’, ‘দ্য ক্ল’জাৰ’, ‘কল্ড কেছ’, ‘ল এণ্ড অৰ্ডাৰ’, ‘ক্ৰিমিনেল মাইণ্ডছ’ আৰু ‘দ্য এক্স-ফাইলছ’ আদি জনপ্ৰিয় ধাৰাবাহিকত তেওঁ অভিনয় কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

June 28, 2026 1:32 pm
আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm
ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

June 28, 2026 11:22 am
‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

June 28, 2026 10:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

June 28, 2026 1:32 pm
আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd