• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পৰিবহণ নিগম কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদকৰ বিৰুদ্ধে ড্ৰাইভাৰক মাৰ-পিটৰ অভিযোগ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 21, 2019 12:50 pm
1.3k
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম পৰিবহণ নিগম কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক দ্বীজেন লহকৰৰ বিৰুদ্ধে এগৰাকী ড্ৰাইভাৰক মাৰ-পিট কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ তুলিছে প্ৰণৱ শইকীয়া নামৰ নিগমৰ অধীনত ঠিকাভিত্তিক কৰ্মৰত এগৰাকী চালকে।

দেওবাৰে দিচপুৰ প্ৰেছ ক্লাবত নৱগঠিত ‘কৰ্মচাৰী সুৰক্ষা সংস্থা’ৰ হৈ শইকীয়াই প্ৰহাৰৰ ঘটনা সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰি কালি সংঘটিত হোৱা ঘটনাৰ বিৱৰণ দিয়ে।

উল্লেখযোগ্য যে, সদৌ অসম কৰ্মচাৰী সুৰক্ষা সন্থা থকাৰ পাছতো সংগঠনটোৰ পৰা কোনোধৰণৰ সহায়-সহযোগিতা নোপোৱাৰ বাবে একাংশ অস্থায়ী ড্ৰাইভাৰ-কণ্ডাক্টৰে ২০১৮ চনৰ ১১ মে’ত ‘কৰ্মচাৰী সুৰক্ষা সংস্থা’ গঠন কৰিছিল। ইয়াতে ক্ষোভিত দ্বিজেন লহকৰে কালি তেওঁক প্ৰহাৰ কৰা বুলি প্ৰণৱ শইকীয়াই অভিযোগ আনে।

‘মই পুৱা প্ৰায় ১০ বজাত আনন্দ প্ৰকাশ তিৱাৰী চাৰৰ এখন গা়ড়ী ধুবৰ বাবে ৰূপনগৰলৈ নিছিলো। সেই সময়তে দ্বিজেন লহকৰে ৰূপনগৰলৈ আহি মোক য়ুনিয়ন কিয় খুলিছ বুলি সোধে। দ্বীজেন লহকৰে কৰ্মচাৰী সন্থাত একো কৰিব পৰা নাই, সেইকাৰণে ড্ৰাইভাৰ-কণ্ডাক্টৰ মিলি কৰ্মচাৰী সুৰক্ষা মঞ্চ খুলিছো। য়ুনিয়ন খুলিবলৈ তই কোন বুলি মোক কৈ মোৰ বুকু, পেটত গুৰিয়াইছে আৰু মূৰত মাৰিছে। তেওঁ মোক মৃত্যুৰ ভাবুকি দিছে। মোক শিলচৰলৈ ট্ৰেনস্ফাৰ দিম বুলি কৈছে।‘ সংবাদমেলত প্ৰণৱ শইকীয়াই কয়।

উল্লেখযোগ্য যে, এই সমগ্ৰ ঘটনা মোবাইলত অডিঅ’ ৰেকৰ্ডিং কৰি ৰাখিছিল ভুক্তভোগী প্ৰণৱে। অডিঅ’টোৰ কিয়দাংশ এনেধৰণৰ

লহকৰ : কি হ’ল তুমি বোলে য়ুনিয়নৰ ফৰ্ম চহী কৰি আছা মানুহ বিলাকৰ তাত, কিহৰ য়ুনিয়ন?

প্ৰণৱ : ছাৰ য়ুনিয়ন এখন খুলিছো বুলি কৈছে আমাৰ গ্ৰুপৰ ল’ৰাখিনিয়ে…

লহকৰ : কোন গ্ৰুপৰ ল’ৰা… কোন গোটেইখিনি ল’ৰা? তুমি এজেন্ট নেকি?

(তেনেতে অডিঅ’টোত মাৰ-পিটৰ শব্দ শুনা পোৱা যায়)

প্ৰণৱ : মোক মাৰিছে কিয় আপুনি?

লহকৰে অশালীন শব্দ প্ৰয়োগ কৰি কয় : তোক মাৰিছো নহয়,,,, মাৰিয়েই পেলাম।

প্ৰণৱ : ছাৰ আপুনি ডাঙৰ মানুহ আপুনি তেনেকৈ মাৰিব নালাগে……. মোক এনেকৈ ঘুচিয়াব নালাগে…

লহকৰ : মই তোক শেষ কৰি পেলাম।

প্ৰণৱ : আপুনি ছাৰ ডাঙৰ মানুহ…. এনেকৈ হাত নুতুলিব। হাত মোৰো আছে।

লহকৰ : তোক মই আজিয়েই শিলচৰ পঠাই আছো। আমাৰ ৰিক’গনাইজদ য়ুনিয়ন আছে, তই য়ুনিয়ন কৰিবলৈ কোন,,,,,(অশ্ৰাব্য গালি),,,,, তোৰ ব্যৱস্থা মই এতিয়াই কৰি আছো।‘

ইপিনে, প্ৰহৃত হৈ শইকীয়াই শণিবাৰে ভঙাগৰ থানাত এজাহাৰ দাখিল কৰে যদিও বৰ্তমানলৈকে আৰক্ষীয়ে গোচৰটো ৰুজু কৰা নাই বুলি তেওঁ অভিযোগ কৰে।

‘গোচৰটো বৰ্তমানলৈকে ৰুজু হোৱা নাই। এম ডি ছাৰে থানাৰ অ’চিলৈ ফোন কৰি গোচৰটো ৰুজু কৰিবলৈ মানা কৰিছে বুলি মই জানিব পাৰিছো। আনকি এজাহাৰৰ ৰিচিভড কপি বিচাৰোতেও নিদিলে।‘ তেওঁ লগতে কয়।

আনহাতে, অডিঅ’ ক্লিপত স্পষ্টকৈ মাৰ-পিট কৰাৰ শব্দ তথা ‘মাৰি পেলাম’ বুলি স্পষ্টকৈ শুনিবলৈ পোৱাৰ পাছত দ্বীজেন লহকৰৰ সৈতে যোগাযোগ স্থাপন কৰিছিল আমাৰ সাংবাদিকে।

লহকৰে কয় ‘কালি ৰাতিপুৱা আমাক কিছুমান কৰ্মচাৰীয়ে খবৰ দিলে যে প্ৰণৱ শইকীয়া আৰু কেইজনমানে নতুনকৈ য়ুনিয়ন খুলিছে। তাক মাতি আনি ধুনীয়াকৈ সুধিলো আৰু তাৰ পাছত উচ্চবাচ্য, তৰ্ক বিতৰ্ক হ’ল, কিন্তু সি নিজে নিজে ক’বলৈ ধৰিলে যে মোক মাৰিছে কিয় মাৰিছে কিয়? কোনোধৰণৰ মাৰ-পিট কৰা নাই।‘

ইপিনে, মাৰ পিটৰ ঘটনাত অভিযুক্ত দ্বিজেন লহকৰক চাকৰিৰ পৰা বহিস্কাৰৰ দাবী তোলে কৰ্মচাৰী সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক বিধান ফুকনে।

ইয়াৰোপৰি, ড্ৰাইভাৰ কণ্ডাক্টৰৰ সমস্যাৰ ক্ষেত্ৰত কৰ্মচাৰী সন্থাই কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি ফুকনে লগতে কয় ‘কৰ্তব্যৰত অৱস্থাত যদি কোনো অস্থায়ী কৰ্মচাৰীৰ অকাল মৃত্যু হয়, পৰিবহণ নিগমৰ কৰ্মচাৰী সন্থা আৰু বিভাগীয় কতৃপক্ষই কোনোধৰণৰ সহানুভুতি বা সাহায্য প্ৰদান নকৰে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd