• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পৰিবহণ নিগম কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদকৰ বিৰুদ্ধে ড্ৰাইভাৰক মাৰ-পিটৰ অভিযোগ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 21, 2019 12:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম পৰিবহণ নিগম কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক দ্বীজেন লহকৰৰ বিৰুদ্ধে এগৰাকী ড্ৰাইভাৰক মাৰ-পিট কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ তুলিছে প্ৰণৱ শইকীয়া নামৰ নিগমৰ অধীনত ঠিকাভিত্তিক কৰ্মৰত এগৰাকী চালকে।

দেওবাৰে দিচপুৰ প্ৰেছ ক্লাবত নৱগঠিত ‘কৰ্মচাৰী সুৰক্ষা সংস্থা’ৰ হৈ শইকীয়াই প্ৰহাৰৰ ঘটনা সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰি কালি সংঘটিত হোৱা ঘটনাৰ বিৱৰণ দিয়ে।

Apply Now

উল্লেখযোগ্য যে, সদৌ অসম কৰ্মচাৰী সুৰক্ষা সন্থা থকাৰ পাছতো সংগঠনটোৰ পৰা কোনোধৰণৰ সহায়-সহযোগিতা নোপোৱাৰ বাবে একাংশ অস্থায়ী ড্ৰাইভাৰ-কণ্ডাক্টৰে ২০১৮ চনৰ ১১ মে’ত ‘কৰ্মচাৰী সুৰক্ষা সংস্থা’ গঠন কৰিছিল। ইয়াতে ক্ষোভিত দ্বিজেন লহকৰে কালি তেওঁক প্ৰহাৰ কৰা বুলি প্ৰণৱ শইকীয়াই অভিযোগ আনে।

‘মই পুৱা প্ৰায় ১০ বজাত আনন্দ প্ৰকাশ তিৱাৰী চাৰৰ এখন গা়ড়ী ধুবৰ বাবে ৰূপনগৰলৈ নিছিলো। সেই সময়তে দ্বিজেন লহকৰে ৰূপনগৰলৈ আহি মোক য়ুনিয়ন কিয় খুলিছ বুলি সোধে। দ্বীজেন লহকৰে কৰ্মচাৰী সন্থাত একো কৰিব পৰা নাই, সেইকাৰণে ড্ৰাইভাৰ-কণ্ডাক্টৰ মিলি কৰ্মচাৰী সুৰক্ষা মঞ্চ খুলিছো। য়ুনিয়ন খুলিবলৈ তই কোন বুলি মোক কৈ মোৰ বুকু, পেটত গুৰিয়াইছে আৰু মূৰত মাৰিছে। তেওঁ মোক মৃত্যুৰ ভাবুকি দিছে। মোক শিলচৰলৈ ট্ৰেনস্ফাৰ দিম বুলি কৈছে।‘ সংবাদমেলত প্ৰণৱ শইকীয়াই কয়।

উল্লেখযোগ্য যে, এই সমগ্ৰ ঘটনা মোবাইলত অডিঅ’ ৰেকৰ্ডিং কৰি ৰাখিছিল ভুক্তভোগী প্ৰণৱে। অডিঅ’টোৰ কিয়দাংশ এনেধৰণৰ

লহকৰ : কি হ’ল তুমি বোলে য়ুনিয়নৰ ফৰ্ম চহী কৰি আছা মানুহ বিলাকৰ তাত, কিহৰ য়ুনিয়ন?

প্ৰণৱ : ছাৰ য়ুনিয়ন এখন খুলিছো বুলি কৈছে আমাৰ গ্ৰুপৰ ল’ৰাখিনিয়ে…

লহকৰ : কোন গ্ৰুপৰ ল’ৰা… কোন গোটেইখিনি ল’ৰা? তুমি এজেন্ট নেকি?

(তেনেতে অডিঅ’টোত মাৰ-পিটৰ শব্দ শুনা পোৱা যায়)

প্ৰণৱ : মোক মাৰিছে কিয় আপুনি?

লহকৰে অশালীন শব্দ প্ৰয়োগ কৰি কয় : তোক মাৰিছো নহয়,,,, মাৰিয়েই পেলাম।

প্ৰণৱ : ছাৰ আপুনি ডাঙৰ মানুহ আপুনি তেনেকৈ মাৰিব নালাগে……. মোক এনেকৈ ঘুচিয়াব নালাগে…

লহকৰ : মই তোক শেষ কৰি পেলাম।

প্ৰণৱ : আপুনি ছাৰ ডাঙৰ মানুহ…. এনেকৈ হাত নুতুলিব। হাত মোৰো আছে।

লহকৰ : তোক মই আজিয়েই শিলচৰ পঠাই আছো। আমাৰ ৰিক’গনাইজদ য়ুনিয়ন আছে, তই য়ুনিয়ন কৰিবলৈ কোন,,,,,(অশ্ৰাব্য গালি),,,,, তোৰ ব্যৱস্থা মই এতিয়াই কৰি আছো।‘

ইপিনে, প্ৰহৃত হৈ শইকীয়াই শণিবাৰে ভঙাগৰ থানাত এজাহাৰ দাখিল কৰে যদিও বৰ্তমানলৈকে আৰক্ষীয়ে গোচৰটো ৰুজু কৰা নাই বুলি তেওঁ অভিযোগ কৰে।

‘গোচৰটো বৰ্তমানলৈকে ৰুজু হোৱা নাই। এম ডি ছাৰে থানাৰ অ’চিলৈ ফোন কৰি গোচৰটো ৰুজু কৰিবলৈ মানা কৰিছে বুলি মই জানিব পাৰিছো। আনকি এজাহাৰৰ ৰিচিভড কপি বিচাৰোতেও নিদিলে।‘ তেওঁ লগতে কয়।

আনহাতে, অডিঅ’ ক্লিপত স্পষ্টকৈ মাৰ-পিট কৰাৰ শব্দ তথা ‘মাৰি পেলাম’ বুলি স্পষ্টকৈ শুনিবলৈ পোৱাৰ পাছত দ্বীজেন লহকৰৰ সৈতে যোগাযোগ স্থাপন কৰিছিল আমাৰ সাংবাদিকে।

লহকৰে কয় ‘কালি ৰাতিপুৱা আমাক কিছুমান কৰ্মচাৰীয়ে খবৰ দিলে যে প্ৰণৱ শইকীয়া আৰু কেইজনমানে নতুনকৈ য়ুনিয়ন খুলিছে। তাক মাতি আনি ধুনীয়াকৈ সুধিলো আৰু তাৰ পাছত উচ্চবাচ্য, তৰ্ক বিতৰ্ক হ’ল, কিন্তু সি নিজে নিজে ক’বলৈ ধৰিলে যে মোক মাৰিছে কিয় মাৰিছে কিয়? কোনোধৰণৰ মাৰ-পিট কৰা নাই।‘

ইপিনে, মাৰ পিটৰ ঘটনাত অভিযুক্ত দ্বিজেন লহকৰক চাকৰিৰ পৰা বহিস্কাৰৰ দাবী তোলে কৰ্মচাৰী সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক বিধান ফুকনে।

ইয়াৰোপৰি, ড্ৰাইভাৰ কণ্ডাক্টৰৰ সমস্যাৰ ক্ষেত্ৰত কৰ্মচাৰী সন্থাই কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি ফুকনে লগতে কয় ‘কৰ্তব্যৰত অৱস্থাত যদি কোনো অস্থায়ী কৰ্মচাৰীৰ অকাল মৃত্যু হয়, পৰিবহণ নিগমৰ কৰ্মচাৰী সন্থা আৰু বিভাগীয় কতৃপক্ষই কোনোধৰণৰ সহানুভুতি বা সাহায্য প্ৰদান নকৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

June 14, 2026 11:56 am
বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

June 14, 2026 10:48 am
ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

June 14, 2026 10:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

June 14, 2026 11:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd