৩৫ বছৰীয়া অজয় কন্ধাই যোৱা এমাহ মান ধৰি কাহত ভুগি আছিল। গা দুৰ্বল, অৱসন্ন। বাগিচাত যেতিয়া পাত তুলিবলৈ যায় খুব সোনকালে ভাগৰি পৰে। দূৰ-দূৰণিলৈ বিয়পি থকা বাগিচাৰ সেউজী পাতৰ নয়নাভিৰাম শোভাই তাৰ দেহ-মন শাঁত পেলাব নোৱাৰে।
বাৰে বাৰে বহিবলৈ মন যায় যদিও চৰ্দাৰৰ ৰঙা চকু দেখি বহিবলৈ সাহ গোটাব নোৱাৰে। লিহিৰি আঙুলিকেইটাৰে লগৰ শ্ৰমিকবোৰৰ সৈতে সি নিঃশব্দে পাট তুলি যায়।
অজয় শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ সমীপৰ নাৰায়ণপুৰ চাহ বাগিচাৰ শ্ৰমিক। পত্নী আৰু চাৰিটা সন্তানৰ সৈতে বাগিচাৰ লাইনৰ ঘৰত থাকে। পুৱা পূবে ধলফাট দিয়াৰ লগে লগে বিছনা ত্যাগ কৰে। দৌৰাদৌৰিকৈ ঘৰুৱা কামবোৰ কৰি ভাতকেইটা খাই পত্নী ৰেস্মাৰ সৈতে বাগিচালৈ পাট ছিঙিবলৈ ওলাই যায়। গোটেই দিনটো বাগিচাত অবিছিন্নভাৱে পাট তুলি আবেলি বেলি ডুব যোৱাৰ আগে আগে ঘৰ পায়হি। শৰীৰ মন অৱস লাগে তাৰ, ক্লান্তিয়ে হেঁচা মাৰি ধৰে শৰীৰ। ভাগৰ পাহৰিবলৈ সি প্ৰায়ে ওচৰৰ এঘৰত প্ৰস্তুত কৰা দেশীয় সুৰা পান কৰে। এইদৰে চলি থাকে সিহঁতৰ জীৱন।
কিন্তু হঠাৎ এদিন পুৱা হাহাকাৰ লাগিল। পুৱা কামলৈ যোৱাৰ বাবে বিছনাৰ পৰা উঠিবলৈ চেষ্টা কৰি সি উঠিব নোৱৰা হ’ল। ইতিমধ্যে কাহত লেবেজান হোৱা অজয়ৰ সিদিনা জ্বৰ আহিল। বিছনাত অসহায়ভাৱে কেঁকাই থকা অজয়ক দেখি পত্নী ৰেস্মাৰ ভৰিৰ তলৰ মাটি আঁতৰি যোৱা যেন অনুভৱ হ’ল। ইতিমধ্যে কামলৈ যোৱাৰ সময় হৈছিল । অজয়ক বিছনাত তেনেদৰে এৰি থৈ কামলৈ যাব নে তাক হাস্পতাললৈ নিব তাই ভাবি থাউনি নোপোৱা হ’ল।
ৰেস্মা বাগানৰ অস্থায়ী (ফাল্টু) কৰ্মচাৰী। কামলৈ নগ’লে মজুৰি নাপায়। আৰু পইচা নাপালে সৰু সৰু ল’ৰা-ছোৱালী তিনিটাৰ সৈতে পাঁচজনীয়া পৰিয়ালটো চলিব কেনেকৈ? অৱশেষত কাষৰ ঘৰৰ ল‘ৰাজনৰ সহায়ত অজয়ক বাগানৰ চিকিৎসালয়ত ভৰ্তি কৰা হ’ল। প্ৰথম দুদিন ল‘ৰাজন অজয়ৰ সৈতে থাকিল। তৃতীয় দিনাৰ পৰা সমস্যা আৰম্ভ হ’ল । অজয়ৰ সৈতে হাস্পতালত থাকিবলৈ মানুহ নাই । পত্নী ৰেস্মাই কামলৈ নগৈ হাস্পতালত থাকিলে পৰিয়ালটো চলিব কেনেকৈ? ইতিমধ্যে খেঁকাৰ পৰীক্ষা কৰাৰ পিছত নিশ্চিত হ’ল যে অজয় যক্ষ্মাত আক্ৰান্ত হৈছে। বাগান হাস্পতালৰ চিকিৎসকে উন্নত চিকিৎসাৰ বাবে অজয়ক প্ৰায় ২০ কি: মি: আঁতৰৰ তেজপুৰ মেডিকেল কলেজলৈ নিবলৈ পৰামৰ্শ দিলে । কিন্তু চিকিৎসকৰ পৰামৰ্শমতে কেনেকৈ তেজপুৰলৈ নিব, নিবলৈ টকা ক’ত পাব, কোনে লৈ যাব, লগত কোন থাকিব ভাবি ৰেস্মাই একো উৱাদিহ নাপালে।
এয়া অকল অজয় কিম্বা ৰেস্মাৰ সমস্যা নহয়। চাহ বাগিচাত কৰ্মৰত প্ৰায় প্ৰতিগৰাকী শ্ৰমিক অনুৰূপ সমস্যাত ভাৰাক্ৰান্ত।
চাহ শ্ৰমিকৰ এক বৃ্হৎ অংশ যক্ষ্মা ৰোগত আক্ৰান্ত। আৰু তেনে ৰোগত আক্ৰান্ত হ’লেই তেওঁলোক এই ধৰণৰ বিপৰ্য্যয়ৰ সন্মুখীন হয়। বিশেষকৈ টকা-পইচাৰ সমস্যাই তেওঁলোকক বিমোৰত পেলায়। বেছিভাগ শ্ৰমিকৰে যিহেতু সাঁচতীয়া ধন নাথাকে, অসুখৰ কাৰণে এদিন কামলৈ যাব নোৱাৰিলেই তেওঁলোকৰ হাহাকাৰ লাগে। যিবোৰ পৰিয়ালত মাত্ৰ এজনেই উপাৰ্জনকাৰী শ্ৰমিক থাকে, আৰু তেওঁ যদি এনে ৰোগত আক্ৰান্ত হয়, গোটেই পৰিয়ালটোৰ অৱস্থা পানীত হাঁহ নচৰা হয়।
আনহাতে, যক্ষ্মাৰ চিকিৎসাৰ বেলিকাও অৰ্থৰ অভাৱত তেওঁলোকে দুৰ্ভোগ ভুগিব লগীয়া হয়। যদিও যক্ষ্মা ৰোগৰ চিকিৎসা বিনামূলীয়া, চিকিৎসাৰ লগত ভালেখিনি আনুষংগিক খৰচ থাকে। বিশেষকৈ যিবোৰ বাগান নগৰৰ হাস্পতালৰ (য’ত যক্ষ্মাৰ চিকিৎসাৰ ব্যৱস্থা আছে) পৰা দূৰৈত অৱস্থিত, তেনে বাগিচাৰ শ্ৰমিকসকল চিকিৎসাৰ বাবে অৰ্থৰ অভাৱত চিকিৎসালয়লৈ যাব নোৱাৰে। কিয়নো বাগানৰ পৰা চিকিৎসালয়লৈ যোৱাৰ বাবে প্ৰয়োজন হোৱা গাড়ী ভাৰা, খোৱা-বোৱাৰ খৰচ তেওঁলোকে যোগাৰ কৰিব নোৱাৰে। ইয়াৰ লগতে বহু সময়ত ৰোগীজন যিহেতু অকলে চিকিৎসালয়লৈ যাব পৰা অৱস্থাত নাথাকে, পৰিয়ালৰ আন লোক লগত যাব লগা হ‘লে তেওঁৰ কাম খতি হয় আৰু মজুৰিৰ পৰা বঞ্চিত হয়।
ইফালে, যদিও চৰকাৰী চিকিৎসালয়ত যক্ষ্মা ৰোগ চিনাক্ত কৰাৰ বাবে প্ৰয়োজ্ন হোৱা থু-খেঁকাৰ পৰীক্ষা, এক্স-ৰে আদি বিনামূলীয়া, ইয়াৰ বাহিৰে অন্য পৰীক্ষা যেনে— চি টি স্কেন, এম আৰ আই আদি কৰিব লগীয়া হ’লে ধনৰ প্ৰয়োজন হয় । যিখিনি যোগাৰ কৰিবলৈ তেওঁলোকৰ সামৰ্থ্য নাথাকে। তদুপৰি বহু সময়ত চৰকাৰী লেবৰেট’ৰীৰ পৰীক্ষাত সঠিক ফলাফল পোৱা নাযায়, যাৰ ফলত ব্যক্তগত খণ্ডৰ লেবৰেট’ৰীত পৰীক্ষা কৰোৱাব লগীয়া হয়, কিন্তু এই শ্ৰমিকসকলৰ বেছি ভাগৰে সেইখিনি কৰিবলৈ আৰ্থিক সম্বল নাথাকে।
যক্ষ্মাত আক্ৰান্ত হ’লে ৰোগীজন যিহেতু শাৰীৰিকভাৱে যথেষ্ট দুৰ্বল হৈ পৰে, সেই সময়ত তেওঁলোকে প্ৰচুৰ পৰিমাণে পুষ্টিকৰ আহাৰ খোৱাৰ প্ৰয়োজন হয়। কিন্তু চাহ শ্ৰমিকসকলে যি সামান্য মজুৰি লাভ কৰে সেইখিনিৰে তেনে আহাৰ যোগাৰ কৰা তেওঁলোকৰ বাবে সম্ভৱ নহয়। আনকি স্বাভাৱিক অৱস্থাতো তেওঁলোকে সঠিক খাদ্য খাবলৈ নপোৱাৰ বাবে প্ৰায়ে অপুষ্টিত ভুগে। চৰকাৰৰ ’নিক্ষয় পোষণ যোজনা’ৰ অধীনত পুষ্টিকৰ আহাৰ খোৱাৰ বাবে যক্ষ্মা ৰোগীসকলক ৫,০০০ টকাকৈ দিয়া হয় যদিও দৰিদ্ৰতাৰ বাবে তেওঁলোকে সেই ধন অইন কামত খৰচ কৰিব লগীয়া হয় ।
দৰিদ্ৰতাৰ কৰাল গ্ৰাসত নিমজ্জিত চাহ শ্ৰমিসকলৰ বেছিভাগৰে শিক্ষা-দীক্ষাৰ অভাৱ। শিক্ষাৰ অভাৱৰ কাৰণে যক্ষ্মাকে ধৰি বিভিন্ন ৰোগ সম্পৰ্কে তেওঁলোকৰ কোনো ধৰণৰ ধাৰণা নাই।
বাগিচাৰ চাৰিবেৰৰ ভিতৰত তেওঁলোক এক নৈৰাশ্যৰ মাজত জীয়াই থাকে– এক আশাহীন অনিশ্চিত ভৱিষ্যৎ আগত লৈ। মৃত্যুৰ বিভীষিকাই তেওঁলোকক স্পৰ্শ কৰিব নোৱৰা হৈ যায়। বহু শ্ৰমিক দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ থকাৰ পিছতো সেয়ে চিকিৎসালয়লৈ যোৱাৰ তাড়না অনুভৱ নকৰে। মাথোঁ নিয়তিৰ হাতত সমৰ্পণ কৰে নিজৰ ভৱিষ্যত।
আনহাতে, অনাখৰী শ্ৰমিকসকলৰ যিহেতু বাগিচাৰ বাহিৰৰ পৃথিৱীখনৰ লগত খুব ক্ষীণ সম্পৰ্ক থাকে, বাগিচাৰ পৰা আঁতৰত থকা নগৰৰ চিকিৎসালয়লৈ আহিব লগীয়া হ’লেই তেওঁলোক সমস্যাত পৰে। হাস্পতাললৈ আহি চিকিৎসকক ক’ত কেনেদৰে দেখুৱাব, কোনটো বিভাগত দেখুৱাব সেই বিষয়ে তেওঁলোকৰ কোনো ধাৰণা নাথাকে। শিক্ষাৰ অভাৱ আৰু দৰিদ্ৰতাৰ ফলত তেওঁলোকৰ মনত গঢ় লৈ উঠা নীচাত্মিকাবোধৰ বাবে তেওঁলোকে কোনোবাক সুধিবলৈও সংকোচবোধ কৰে। আনহাতে চাহ শ্ৰমিকসকলৰ তথাকথিত সামাজিক অৱস্থানৰ কাৰণে বহু চিকৎসক বা চিকিৎসাকৰ্মীয়ে তেওঁলোকক অৱহেলাৰ চকুৰে চায়। এনে কাৰণতো নিজৰ জীৱন বিপন্ন হ’লেও শ্ৰমিকসকল চিকিৎসালয়লৈ আহিবলৈ আগ্ৰহ অনুভৱ নকৰে।
(এই লেখাটো ৰিটছ্ মিডিয়া ফেল’শ্বিপৰ অংশ)