• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জনিয়া সমষ্টিত জয়ী হোৱাৰ পাছতেই কংগ্ৰেছক আক্রমণ এআইয়ুডিএফ বিধায়কৰ

কংগ্ৰেছে পুৰণা গান আৰু কিমান গাই থাকিব? বিধায়ক হাফিজ বছিৰ আহমেদে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 25, 2019 7:13 am
Hafiz

এআইয়ুডিএফ বিধায়ক হাফিজ বছিৰ আহমেদ। ফটো: নৰ্থইষ্ট নাও

1.7k
VIEWS
Share on FacebookShare on Twitter

জনিয়া সমষ্টিত এআইয়ুডিএফৰ প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলাম জয়ী হোৱাৰ পাছতেই তেওঁৰ দলৰে অন্য এগৰাকী বিধায়ক হাফিজ বছিৰ আহমেদে কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে।

‘’কংগ্ৰেছে ভ্ৰষ্টাচাৰিতা, দুৰ্নীতি আৰু বৈষম্যমূলক আচৰণ দেশ স্বাধীন হোৱাৰ পাছৰে পৰা কৰি আহিছে, সেই কথা বিলাক যোৱা লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত স্পষ্ট হৈ পৰিল। ৰাইজে এতিয়া বুজি পাইছে। সেইকাৰণে এইবাৰ আশা কৰাতকৈ জনিয়াবাসী ৰাইজে বেছিকৈ ভোট দিছে।‘’

নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত কংগ্ৰেছক সমালোচনা কৰি এইদৰে কয় বিধায়কজনে।

ইপিনে, বিজেপি আৰু এআইয়ুডিএফে জনিয়া সমষ্টিত গোপন বুজা-বুজিৰে হাফিজ ৰফিকুল ইছলামক জয়ী কৰোৱা বুলি অনা গুৰুতৰ অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ আহমেদৰ প্ৰশ্ন ‘কংগ্ৰেছে পুৰণা গান আৰু কিমান গাই থাকিব?’

আহমেদৰ মতে ‘আমাৰ কাৰো সৈতে বুজা-পৰা হোৱা নাই। আমি একলা চল’ নীতিৰে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছো।‘

আনহাতে,বুধবাৰে এক সংবাদমেলযোগে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই তৌফিকুৰ ৰহমানে এআইয়ুডিএফৰ কাৰ্য্যালয়ে কাৰ্য্যালয়ে গৈ ভোট বিচৰা বুলি উল্লেখ কৰি বিজেপি আৰু এআইয়ুডিএফৰ গোপন বুজা-বুজি হোৱা বুলি মন্তব্য কৰিছিল।

ইয়াৰ প্ৰত্যুত্তৰত এআইয়ুডিএফ বিধায়কগৰাকীয়ে কয়, ‘’তৌফিকুৰ ৰহমানে সৌহাৰ্দ্যমূলকভাৱে এআইয়ুডিএফৰ কাৰ্য্যালয়ত গৈছে। সভ্যতাৰ নিদৰ্শন হিচাপে তেওঁ গৈছিল, নিৰ্বাচনী প্ৰচাৰৰ লগত তাৰ কোনো সম্পৰ্ক নাই।‘’

ইপিনে, ‘উপ নিৰ্বাচনৰ ফলাফলেই ২১’ৰ নিৰ্বাচনৰ ফলাফল‘ বুলি মন্তব্য কৰি ‘অহা ২১’ৰ নিৰ্বাচনত আমাৰ আটাইতকৈ বেছি ভাল ফলাফল হ’ব‘ বুলিও আশা প্ৰকাশ কৰে বিধায়ক আহমেদে।

‘’শান্তি সম্প্ৰীতি অটুট ৰাখি যিসকলে ভোটদান কৰি আমাৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰালে সেইসকলক ধন্যবাদ জ্ঞাপন কৰিছো,’’- আহমেদে এইদৰে কয়।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd