• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ আত্মহত্যা; চৌহদত শোকৰ ছাঁ

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
November 10, 2019 9:10 am
suicide

প্ৰতিনিধিত্বমূলক ফটো

8.9k
VIEWS
Share on FacebookShare on Twitter

দুটা পৃথক ঘটনাত শনিবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুগৰাকী ছাত্ৰই মৃত্যুক আঁকোৱালি লয়।

প্ৰথমটো ঘটনাত বিশ্ববিদ্যালয়খনৰ সপ্তম ষান্মাসিকৰ এগৰাকী ছাত্ৰই চিপ লৈ আত্মহত্যা কৰাৰ বিপৰীতে আন এগৰাকী ছাত্ৰ পাছিঘাটত পানীত উটি যায়।

আৰক্ষীয়ে জানিবলৈ দিয়ে যে ধেমাজিৰ লক্ষ্যজ্যোতি গগৈ নামৰ ছাত্ৰজনৰ মৃতদেহ শনিবাৰে ৰাতিপুৱা বিশ্ববিদ্যালয় চৌহদৰ সমীপৰ এটা ব্যক্তিগত হোষ্টেলৰ পৰা চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয়।

ব্যক্তিগত হোষ্টেলটোৰ স্বত্ত্বাধিকাৰী ৰাজু বৰুৱাই ঘটনাটো সম্পৰ্কে আৰক্ষীক অৱগত কৰিছিল।

ছাত্ৰগৰাকীয়ে পদাৰ্থবিদ্যা বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়ন কৰি আছিল।

সূত্ৰসমূহে জানিবলৈ দিয়া মতে তেওঁ বিগত কেইবা সপ্তাহ ধৰি উদ্বিগ্নতা আৰু মানসিক চিন্তাত ভূগি আছিল।

‘’আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমীপৰ ৰাজু বৰুৱাৰ ব্যক্তিগত হোষ্টেলটোৰ পৰা লক্ষ্যজ্যোতি গগৈৰ মৃতদেহটো উদ্ধাৰ কৰিছো। আমি শৱটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছো,’’-এগৰাকী আৰক্ষী বিষয়াই কয়।

আৰক্ষীয়ে ছাত্ৰগৰাকীৰ কোঠাৰ পৰা কোনো আত্মহত্যাৰ টোকা উদ্ধাৰ কৰা নাই।

‘’আমি এতিয়া মৃত্যুৰ কাৰণ জানিব পৰা নাই। তেওঁ হতাশাত ভূগি আছিল বুলি আমি সন্দেহ কৰিছো,’’-আৰক্ষী বিষয়াগৰাকীয়ে কয়।

ইপিনে, আন এক ঘটনাত বিশ্ববিদ্যালয়খনৰ এল এল বি পাঠ্যক্ৰমৰ এগৰাকী ছাত্ৰ শনিবাৰে অৰুণাচল প্ৰদেশৰ পাছিঘাটত ছিয়াং নৈত গা ধূবলৈ নামোতে পানীৰ তীব্ৰ সোঁতত উটি যায়।

বিদ্যুৎ বিকাশ দত্ত নামৰ ছাত্ৰগৰাকীয়ে সমনীয়াৰ সৈতে পাছিঘাটলৈ বনভোজ খাবলৈ গৈছিল।

দুগৰাকীকৈ ছাত্ৰ এনে আকস্মিক মৃত্যুত বিশ্ববিদ্যালয়খনত শোকৰ ছাঁ পৰে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰ ডেভিড হাজৰিকাই কয়,’’এইটো আমাৰ বাবে এটা বৰ দুখৰ দিন। আজি আমাৰ বিশ্ববিদ্যালয়খনৰ দুগৰাকীকৈ ছাত্ৰ হেৰুৱালো।‘’

উল্লেখ্য যে যোৱা ১৭ ছেপ্টেম্বৰত বিশ্ববিদ্যালয়খনৰ এগৰাকী ২১ বছৰীয়া ছাত্ৰীয়ে হোষ্টেল চৌহদৰ ভিতৰতে আত্মহত্যা কৰিছিল।

ইংৰাজী বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীৰ তৃতীয় ষান্মাসিকৰ ছআত্ৰী ৰিংকি দত্তই হোষ্টেলৰ কোঠাৰ ভিতৰতে চিলিং ফেনত চিপ লৈ আত্মহত্যা কৰিছিল।

Recent News

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd