• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সোণোৱাল ৰাসৰ বতৰত কৃষ্ণ হৈ থকাই ভাল : তৰুণ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 14, 2019 2:50 pm
Tarun Gogoi If you respect Gamosa, then cancel CAA 2019: Tarun Gogoi to PM Modi

তৰুণ গগৈৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘১৪ নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হয় যদিও অসম চৰকাৰে এই দিনটো পালন নকৰিলে। ইয়াৰ দ্বাৰা সোণোৱাল চৰকাৰে যে শিশুসকলক গুৰুত্ব নিদিয়ে তাৰ প্ৰমাণ হৈছে’। এই মন্তব্য প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ।

চৰকাৰী আবাসত সংবাদমেল সম্বোধন কৰা গগৈয়ে সোণোৱালক সমালোচনা কৰি কয়, ‘এই চৰকাৰে শিশু আঁচনিৰ ওপৰত গুৰুত্ব দিয়া নাই। কিন্তু আমাৰ দিনত অতি উলহ মালহেৰে শিশু দিৱস পতা হৈছিল’।

ইয়াৰ উপৰি তেওঁ শিশুৰ ওপৰত যৌন নিৰ্যাতন ভাৰতৰ ভিতৰত অসমতে সৰ্বাধিক বুলিও মন্তব্য কৰে।

তেওঁ লগতে কয়, ‘ফেব্ৰুৱাৰিত ‘ফিল্ম ফেয়াৰ’ পাতিবলৈ কোটি কোটি টকা ক’ৰ পৰা ওলাল? সোণোৱালে চিনেমা কৰাই ভাল। ৰাসৰ বতৰত এই এমাহ সোণোৱাল কৃষ্ণ হৈ থকাই ভাল। এইখন উৎসৱ পতা চৰকাৰ’।

‘দুৰ্নীতি মুক্তৰ কথা কোৱা চৰকাৰ খনেই দুৰ্নীতি কৰি আছে। ছিণ্ডিকেট বাঢ়ি আছে দিনে দিনে। আমাৰ দিনটো চলিছিল, কিন্তু ইমান বেছিকৈ ছিণ্ডিকেট চলা নাছিল’। গগৈৰ মন্তব্য।

তেওঁ লগতে কয় যে উন্নয়ন নকৰি ৰাইজৰ ধন অপচয় কৰি উৎসৱ পতা প্ৰথম চৰকাৰ এইখন। এন আৰ চিয়ে বিদেশী চিনাক্তকৰণ নকৰি দেশী সকলকহে বিদেশী বনালে। নাম বাদ পৰা ১৯ লাখ লোকৰ ভৱিষ্যত অন্ধকাৰ।

এন আৰ চিৰ কথা অমিত শ্বাহে নোকোৱা হ’ল। যদি কেব আনেই তেন্তে এই টকা পইচাখিনি কিয় খৰচ কৰিলে? কেব আনিলে এন আৰ চিৰ অৰ্থ নাইকিয়া হৈ যাব।

এই সন্দৰ্ভত গগৈয়ে কয়, ‘ৰঞ্জন গগৈয়ে হাজেলাক বেছিকৈ গুৰুত্ব দি ভুল কৰিছে বুলি মই ক’ম। তেওঁ গুৰুত্ব দিব লাগিছিল ৰেজিষ্টাৰ জেনেৰেলক। শুদ্ধ এন আৰ চি নকৰালৈকে হাজেলাক তেওঁ যাবলৈ দিব নালাগিছিল। তেওঁ হাজেলাক ক’ব লাগিছিল NRC ত যি খিনি ভুল আছে সেইখিনি প্ৰথমে ঠিক কৰা। হাজেলাই এতিয়া কাক দায়িত্ব দি মধ্যপ্ৰদেশলৈ গ’ল? এই চৰকাৰখনে একো নিয়ম-নীতি নাজানে’।

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক উদ্দেশ্যি গগৈয়ে কয়, ‘হাজেলাৰ প্ৰতি সহানুভুতি দেখুৱালে ৰঞ্জন গগৈয়ে। হাজেলাই একো ভাল কাম কৰা নাই তেওঁক এৱাৰ্ড দিবলৈ। হাজেলাৰ খুচি মতে মধ্য প্ৰদেশলৈ যোৱাৰ সুবিধা কৰি দিলে। মোৰ চিঠিৰো উত্তৰ নিদিলে ৰঞ্জন গগৈয়ে’।

ইয়াৰ উপৰি হাজেলা বা ৰঞ্জন গগৈয়ে ক’লেও এইখন শুদ্ধ এন আৰ চি নহয় বুলি গগৈয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। তেওঁ পৰৱৰ্তী মুখ্য ন্যায়াধীশক বাদ পৰা ১৯ লাখৰ প্ৰকৃত ভাৰতীয়ৰ নাম এন আৰ চিত সোমোৱাব লাগে বুলিও ক’ব।

আনহাতে কংগ্ৰেছৰ আভ্যন্তৰীণ সংঘাতক লৈ সোধা প্ৰশ্নৰ উত্তৰত গগৈয়ে কয়, ‘কংগ্ৰেছত আগৰ পৰাই সংঘাত আছে, এয়া নতুন কথা নহয়। এসময়ত ৰিপুন বৰাই হিমন্তৰ লগ লাগি মোৰ বিৰোধিতা কৰিছিল। তদুপৰি বৰ্তমানৰ বিধায়ক খালেকেও মোৰ বিৰোধিতা কৰিছিল’।

সভাপতি হোৱাৰ হাবিয়াস নাই বুলি মন্তব্য কৰি গগৈয়ে মেজৰিটি সংখ্যকে যদি নেতৃত্ব সলনি কৰাৰ কথা কৈ আছে তেন্তে হাইকমাণ্ডে সলনি কৰিব লাগে বুলি মন্তব্য কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd