• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদ্যালয়ৰ প্ৰধান শিক্ষকক আওপকীয়াকৈ ‘চাউল চোৰ’ সজালে শিক্ষা মন্ত্ৰীয়ে

“মই সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, ৰঙা চকু দেখুৱাই বিক্ষোভৰ ভয় দেখুৱাই মোক কোনেও বিচলিত কৰিব নোৱাৰে”

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 15, 2019 9:55 pm
Siddhartha Bhatacharya education minister_1

শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য। ফাইল ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰ বিভাগ চম্ভলাত সমূলি ব্যৰ্থ হোৱা শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই আজি অতি দাম্ভিকৰ দৰে আচৰণ কৰে ৰাজহুৱাকৈ।

মন্ত্ৰীজনে আজি মুকলিকৈ কয়, “মই সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, ৰঙা চকু দেখুৱাই বিক্ষোভৰ ভয় দেখুৱাই মোক কোনেও বিচলিত কৰিব নোৱাৰে”।

Apply Now

মধ্যাহ্ন ভোজনৰ কাম হাতৰ পৰা কাঢ়ি নি বেচৰকাৰী সংগঠনক দিয়া বাবে প্ৰতিবাদী কাৰ্য্যসূচী লৈ অহা ৰান্ধনী আৰু সহায়িকা সন্থাক উদ্দেশ্যি তেওঁ এই মন্তব্য কৰে।

বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ কাম ৰান্ধনী আৰু সহায়িকাৰ হাতৰ পৰা নি চৰকাৰে ১ নৱেম্বৰৰ পৰা কিছুমান এন জি অ’ক ঠিকাত দিয়াৰ পাছৰে পৰা ক্ষুভিত মধ্যাহ্ন ভোজনৰ ৰান্ধনী-সহায়িকা সন্থা প্ৰতিবাদমুখী হৈ আহিছে।

এই বিষয়টোত ১৪ নৱেম্বৰত সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক ৰান্ধনী-সহায়িকা সন্থাক আলোচনালৈ মাতিও অনুপস্থিত আছিল মন্ত্ৰীজন আৰু তাৰ পিছতে সন্থাই অধিক জোৰদাৰ আন্দোলনৰ কাৰ্য্যসূচী ঘোষণা কৰিছিল।

আজি গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদৰ এটা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰীজনে ৰান্ধনী সন্থাক প্ৰত্যাহ্বান জনোৱাৰ সুৰত কয়, “মই সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, মোক যুক্তিৰে সকলো কথা কওক, মই মানি ল’ম। ৰঙা চকু দেখুৱাই, বিক্ষোভৰ ভয় দেখুৱাই মোক কোনেও বিচলিত কৰিব নোৱাৰে।”

প্ৰতিবাদমুখী ৰান্ধনীসকলক আওপকীয়াকৈ সকীয়াই দি তেওঁৰ মন্তব্য, “কোনোবাই শিশুৰ মুখৰ ভাত কাঢ়ি যদি নিজৰ স্বাৰ্থক প্ৰাধান্য দিছে সেই ব্যক্তিক কেতিয়াও ক্ষমা নকৰো।”

ইপিনে, মধ্যাহ্ন ভোজন আঁচনিৰ নামত কেলেংকাৰি সংঘটিত হৈছিল বুলি প্ৰমাণ কৰিবলৈ গৈ বিদ্যালয়বোৰৰ প্ৰধান শিক্ষকক আওপকীয়াকৈ ‘চাউল চোৰ’ সজায় শিক্ষা মন্ত্ৰীজনে।

মন্ত্ৰীজনৰ মতে, বিদ্যালয়ৰ শিক্ষক, প্ৰধান শিক্ষকেহে ৰান্ধনীসকলক প্ৰতিবাদ কৰিবলৈ উচটনি দিছে।

তেওঁ কয়, “আমাৰ হাতত ফটোগ্ৰাফ আছে, ভিজুৱেল আছে আৰু অডিঅ’ ক্লিপছ আছে য’ত আমাৰে প্ৰধান শিক্ষকসকলে এই মানুহখিনিক উচটাইছে। আপোনালোকে এইটো বিশ্বাস কৰিব পাৰে নে? এনেকুৱা মানসিকতাৰ মানুহ আছে যে এই আঁচনিখন কোনোবা স্বেচ্ছাসেৱী সংগঠনৰ (বেচৰকাৰী সংগঠন) হাতলৈ যায়, তেন্তে চাউল বিক্ৰী কৰাৰ গোটেই বস্তুখিনি নাইকিয়া হৈ যাব বা তেনেকৈ কৰা উপাৰ্জন নাইকিয়া হৈ যাব।”

ইপিনে, ২০১০ চনত মধ্যাহ্ন ভোজন আঁচনিৰ পৰা শিক্ষকসকলক সাঙুৰা ব্যৱস্থাটো আঁতৰ কৰিবলৈ প্ৰাথমিক শিক্ষক ঐক্য সন্মিলনীয়ে চৰকাৰৰ ওচৰত দাবী তুলিছিল বুলি সদৰী কৰি ভট্টাচাৰ্য্যই লগতে কয়, “পৰৱৰ্তী সময়ত ২০১৭ চনত সমগ্ৰ ভাৰততে দুৰ্নীতি, অনিয়মৰ প্ৰসংগবোৰ উত্থাপিত হৈছিল। তেতিয়া কেন্দ্ৰীয় চৰকাৰে অনুভৱ কৰিছিল যে বিকল্পৰ চিন্তা কৰিব হ’ল। সেই বিকল্প চিন্তা কৰিয়েই কেন্দ্ৰীয় চৰকাৰে এটা গাইডলাইন প্ৰস্তুত কৰিছিল যে স্বেচ্ছাসেৱী সংগঠনক(বেচৰকাৰী সংগঠন) দায়িত্ব দিয়া হ’ব। ৰাজ্য চৰকাৰলৈ এই সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ দায়িত্ব দিছিল।”

“‘আজি মোক সমালোচনা কৰি থকা সকলে এটা কথা চিন্তা কৰিব যে ২০১৭ চনত মই শিক্ষা মন্ত্ৰী নাছিলো। মোৰ হঠকাৰী সিদ্ধান্ত বুলি ক’লেও ২০১৭ চনতে কেন্দ্ৰীয় চৰকাৰে চিন্তা-চৰ্চা কৰিবৰ বাবে কমিটি গঠন কৰি দিছিল। সেই কমিটিয়ে তেতিয়াৰে পৰা সকলো দিশ চালিজাৰি চাই আহিছিল। ৰাজস্থান, মধ্য প্ৰদেশত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰ নহয় যদিও এন জি অ’ৰ দ্বাৰা মধ্যাহ্ন ভোজনৰ আঁচনি ৰূপায়ণ কৰি আহিছে।” শিক্ষা মন্ত্ৰী ভট্টাচাৰ্য্যৰ মন্তব্য।

ৰাজ্যৰ কোনো এটা এন জি অ’ই মধ্যাহ্ন ভোজন আঁচনিৰ দায়িত্ব ল’বলৈ আগুৱাই নাহিল বুলি শিক্ষা মন্ত্ৰীজনে ভাষণ প্ৰসংগত প্ৰকাশ কৰে।

“আমাৰ ফালৰ পৰা কোৱা হৈছিল যে আমি যিবোৰ চৰ্ত নিৰ্ধাৰণ কৰি দিছো সেইসমূহ মানি চলিলে আপোনালোকে দায়িত্ব ল’ব পাৰে। কিন্তু অসমৰ এটাও স্বেচ্ছাসেৱী সংগঠন (বেচৰকাৰী সংগঠন) আগুৱাই নাহিল। তাৰ বাবে মই দায়ী নেকি?”, প্ৰশ্ন মন্ত্ৰীজনৰ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am
২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

October 2, 2026 8:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd