• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিধা ভাষাত– আমি বিধেয়ক বিৰোধিতা কৰো: মোদীক নেছ’

এন ই নাও নিউজ by এন ই নাও নিউজ
November 19, 2019 10:16 am
narendra modi In straightforward language, we totally oppose Citizenship Bill: NESO to PM Modi

নৰেন্দ্ৰ মোদীৰ ফাইল ছবি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূব ছাত্ৰ সংগঠনে নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ সোমবাৰে প্ৰেৰণ কৰা পত্ৰত কৈছে: চিধা ভাষাত আমি বিলখনৰ সম্পূৰ্ণ বিৰোধিতা কৰো।

নেছ’ই বিধেয়কখন কোনো কাৰণতে পুনৰ উত্থাপন নকৰিবলৈ প্ৰধান মন্ত্ৰীক আহ্বান জনাই কৈছে সংসদৰ এনে “অবাঞ্চনীয়” পদক্ষেপে সমগ্ৰ উত্তৰ-পূব ভাৰতক পুনৰ উত্তাল কৰি তুলিব।

Apply Now

আছুকে ধৰি উত্তৰ-পূবৰ সাত ৰাজ্যৰ প্ৰধান খিলঞ্জীয়া ছাত্ৰ সংগঠনকেইটাৰ উমৈহতীয়া মঞ্চটোৱে প্ৰধান মন্ত্ৰীক দিয়া পত্ৰত “নাগৰিকত্ব”কে ধৰি কেইবাটাও বিষয়ত স্পষ্ট মত দাঙি ধৰিছে।

নেছ’ই “ধৰ্ম”ৰ ভিত্তিত ভাৰতীয় নাগৰিকত্ব বিবেচনাৰ বিৰোধিতা কৰিছে, কৈছে এই বিধেয়ক “১৯৭১-উত্তৰ হিন্দু বাংলাদেশী”ৰ বোজা উত্তৰ-পূবত জপাৰ চেষ্টা।

“উত্তৰ-পূব অবৈধ বাংলাদেশীৰ ডাম্পিং গ্ৰাউণ্ড নহয় আৰু আমাৰ বাবে বিদেশী বিদেশীয়েই ধৰ্ম লাগিলে যিয়েই নহওক,” নেছ’ৰ পত্ৰত উল্লেখ।

বাংলাদেশ মুক্তি যুদ্ধকালীন “হিন্দু শৰণাৰ্থী”ৰ বোজা ইতিমধ্যে লোৱাৰ কথা উল্লেখ কৰি নেছ’ই কৈছে যে বাংলাদেশীয়ে উত্তৰ-পূবৰ সামাজিক জীৱন “লেতেৰা কৰি পেলাইছে”।

আনহাতে, নেছ’ই আছু-স্বাক্ষৰিত অসম চুক্তিক সম্পূৰ্ণ সমৰ্থন কৰাৰ পত্ৰখনত উল্লেখ কৰা হৈছে।

“এইটো এটা সাধাৰণ বোধৰ কথা যে প্ৰস্তাৱিত বিধেয়কখনে অসম চুক্তিৰ মূল উদ্দেশ্যকে অৰ্থহীন কৰি পেলাব,” নেছ’ৰ মত। অসমৰ এন আৰ চিৰ ভিত্তি তাৰিখো অসম চুক্তি নিৰ্ধাৰিত ১৯৭১ চনৰ ২৫ মাৰ্চ।

কেন্দ্ৰই উত্তৰ-পূবৰ সমস্যা আৰু আশা-আকাংক্ষা নুবুজে বুলিও পত্ৰখনত স্পষ্টকৈ কোৱা হৈছে।

“দেশৰ আইন প্ৰণেতাসকলৰ উত্তৰ-পূবৰ খিলঞ্জীয়াৰ ভৱিষ্যতক লৈ যে কোনো শ্ৰদ্ধা নাই এই বিধেয়কখন হ’ল তাৰ শেহতীয়াতম উদাহৰণ।”

বিধেয়কৰ সলনি নেছ’ই ওলোটাই সমগ্ৰ উত্তৰ-পূবতে ইনাৰ লাইন পাৰ্মিত প্ৰৱৰ্তন, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ আৰু সম্পদৰ ওপৰত খিলঞ্জীয়াৰ অধিকাৰৰ দিহা কৰিবলৈ দাবী জনাইছে।

নেছ’ৰ অন্তৰ্ভুক্ত ছাত্ৰ সংগঠনসমূহে সোমবাৰে নিজ নিজ ৰাজ্যৰ ৰাজধানীত বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।

মণিপুৰত আমছু (All Manipur Students’ Union)ৰ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠীচালনাৰ খবৰ আহিছে। বাকী অংশত প্ৰতিবাদ শান্তিপূৰ্ণ আছিল।

নেছ’ই জনোৱামতে সোমবাৰৰ পৰা আৰম্ভ হোৱা এই বিধেয়কবিৰোধী প্ৰতিবাদ সমগ্ৰ উত্তৰ-পূবজুৰি অনাগত সময়ত অব্যাহত থাকিব।

২০১৬ চনত উত্থাপিত বিধেয়কখনতকৈ এইবাৰৰ বিধেয়কত সালসলনি ঘটালেও মানি লোৱা নহ’ব বুলি আছুকে ধৰি সংগঠনসমূহে ইতিপূৰ্বে ঘোষণা কৰিছে।

লোক সভাৰ আগন্তুক শীতকালীন অধিৱেশনত উত্থাপন হ’ব লগা বিধেয়কখন পূৰ্বতকৈ কিছু সালসলনি কৰা হৈছে বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল।

শৰ্মাই নতুন বিধেয়কত উত্তৰ-পূবৰ “অনন্য পৰিচয়”ৰ কথা মনত ৰখা হ’ব বুলি জনাইছিল।

উত্তৰ-পূবত প্ৰবল বিধেয়কবিৰোধিতাৰ পিছতো যোৱা লোক সভা নিৰ্বাচনত বিজেপিয়ে বেছিখিনি আসন পোৱাটো ধতৰ্ব্য নহয় বুলি সংগঠনসমূহে ইতিমধ্যে ঘোষণা কৰিছে।

সংখ্যাৰ জোৰেৰে এইক্ষেত্ৰত আগ নাবাঢ়িবলৈ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই ইতিমধ্যে শাসক দলটোক সকীয়াই দিছে।

বিধেয়কবিৰোধী অসমৰ আন দুই প্ৰধান সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও ইয়াৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰিছে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে বিধেয়ক বিৰোধিতাক “আমাৰ পৰিচয় ৰক্ষাৰ যুঁজ” বুলি অভিহিত কৰি ঐক্যবদ্ধ সংগ্ৰামৰ বাবে আহ্বান জনাইছে।

২০১৬ চনত উত্থাপিত নাগৰিকত্ব বিধেয়কখনে ভাৰতৰ চুবুৰীয়া দেশৰ ধৰ্মীয় সংখ্যালঘুৰ ভাৰতীয়কৰণৰ চৰ্ত শিথিল কৰিব খুজিছিল।

বিজেপি নেতৃত্বাধীন চৰকাৰৰ তদানীন্তন গৃহ মন্ত্ৰী ৰাজনাথ সিঙে বিধেয়কখন লোক সভাত উত্থাপন কৰিছিল।

যোৱা মোদী চৰকাৰৰ অন্তিম সময়চোৱাত বিধেয়কখন গৃহীত কৰাৰ চেষ্টা কৰা হৈছিল, কিন্তু ইয়াক অন্তিম মুহূৰ্তত ৰাজ্য সভাত দাখিলৰ পৰা চৰকাৰ বিৰত আছিল।

উত্তৰ-পূবতহে বিধেয়কখনৰ বিৰুদ্ধে প্ৰবল আৰু ধাৰাবাহিক আন্দোলন চলি আহিছে। কিন্তু, বিৰোধী কংগ্ৰেছ, কমিউনিষ্ট দলসমূহৰ লগতে এন দি এ মিত্ৰ জে দি (ইউ)য়েও বিধেয়কখনৰ বিৰোধিতা কৰি আহিছে।

বিজেপিৰ সদ্যবিচ্ছেদিত মিত্ৰ শিৱ সেনায়ো পূৰ্বে বিধেয়কখনৰ বিৰোধিতাৰ প্ৰতিশ্ৰুতি দিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

September 14, 2026 8:05 am
ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

September 14, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd