• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মীন বিভাগত কোটি কোটি টকাৰ কেলেংকাৰি! মুখ্য মন্ত্ৰীৰ তদন্তৰ নিৰ্দেশ সত্ত্বেও ‘দুৰ্নীতিগ্ৰস্ত’ বিষয়াক বদলিতে সীমাবদ্ধ

মীন বিভাগৰ আঁচনিৰ নামত সংঘটিত কেইবা কোটি টকীয়া কেলেংকাৰি তদন্ত ভেঁকো ভাওনাত পৰিণত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 23, 2019 9:17 pm
অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল। ২৩ নৱেম্বৰত।

অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল। ২৩ নৱেম্বৰত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য চৰকাৰৰ মীন বিভাগৰ ‘RIDF (XXI)’ নামৰ এখন আঁচনিৰ নামত বিভাগীয় বিষয়া, অভিযন্তাই কোটি কোটি টকাৰ কেলেংকাৰি সংঘটিত কৰা বুলি আৰ টি আই যোগে পোৱা তথ্যৰ ভিত্তিত গুৰুতৰ অভিযোগ আনিছে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে।

দিচপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেলত নিজৰ দাবীৰ সপক্ষে আজি সংগঠনটোৰ সভাপতি ৰুবুল দাসে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আৱেদন কৰি লাভ কৰা তথ্য দাঙি ধৰে।

Apply Now

মীন বিভাগৰ প্ৰাক্তন পৰিচালন সঞ্চালক আৰু বৰ্তমানৰ যুটীয়া সচিব নিৰ্মলকান্তি দেৱনাথে অধ্যক্ষ ৰমাকান্ত দেউৰীৰ অজ্ঞাতে বিভাগটোত বিয়াগোম কেলেংকাৰি সংঘটিত কৰা বুলি দাবী ৰুবুল দাসৰ।

“২০১৭-১৮ বৰ্ষত মীন নিগমে ১০৬টা সৰু-বৰ পেকেজ মীন মহলৰ উন্নয়নৰ বাবে ১০০ কোটি টকাৰ নিবিদা আহ্বান কৰিছিল। RIDF (XXI) নামেৰে এখন আঁচনি গ্ৰহণ কৰি ২০০জন ঠিকাদাৰক আবণ্টন দিছিল। কিন্তু চলিত বৰ্ষৰ ৩০ মাৰ্চত সেই সময়ৰ পৰিচালন সঞ্চালক তথা বৰ্তমানৰ মীন বিভাগৰ যুটীয়া সচিব হিচাপে কৰ্মৰত নিৰ্মলকান্তি দেৱনাথে সহকাৰী অভিযন্তা মহিতুষ বৰ্মনৰ লগ লাগি অধ্যক্ষৰ অনুমোদন আৰু কাৰ্য্যবাহী অভিযন্তাৰ ক্ষেত্ৰভিত্তিক প্ৰতিবেদন অবিহনে প্ৰায় ৭০জন ঠিকাদাৰক ২০ শতাংশ কামো সম্পাদন নকৰাকৈ গোপনে ৮ কোটি টকা পৰিশোধ কৰে”, দাসে অভিযোগ উত্থাপন কৰি কয়।

Letter to CM by Ramakanta Deuri
কেলেংকাৰিটোৰ তদন্ত দাবী কৰি বিধায়ক ৰমাকান্ত দেউৰীয়ে মুখ্য মন্ত্ৰীলৈ লিখা পত্ৰখনৰ প্ৰতিলিপি।

দাসে লগতে কয় যে এই বৃহৎ অনিয়মৰ কথা পোহৰলৈ অহাৰ পাছত নিগমৰ অধ্যক্ষ তথা বিধায়ক ৰমাকান্ত দেউৰীয়ে ৮ মে’ৰ দিনা উক্ত আঁচনিৰ বিল সম্পৰ্কীয় সকলোবিলাক ফাইল জব্দ কৰি আঠ কোটি টকা দুৰ্নীতি সংঘটিত হোৱা বুলি মুখ্য মন্ত্ৰীৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছিল। অভিযোগৰ পিছতে মুখ্য মন্ত্ৰীয়ে ৰাজ্যৰ প্ৰাক্তন মীন সঞ্চালক স্বপন কুমাৰ দাসক তদন্তকাৰী বিষয়াৰূপে লৈ এখন তদন্ত কমিটি গঠন কৰি দিছিল।

“কমিটিয়ে দাখিল কৰা প্ৰতিবেদনত নিৰ্মলকান্তি দেৱনাথ, মহীতুষ বৰ্মন আৰু সহকাৰী অধীক্ষক উজ্জ্বল দাস আৰু গাণনিক বিষয়া তাৰিণী ডেকাই কাৰ্য্যালয়ৰ নথি-পত্ৰ জাল কৰি উক্ত কেলেংকাৰি সংঘটিত কৰা বুলি স্পষ্টকৈ উল্লেখ আছে”, দাসৰ দাবী।

ইয়াৰোপৰি দাসৰ অভিযোগ, পৰিশোধ কৰা বিলসমূহত নিগমৰ কাৰ্য্যবাহী অভিযন্তা, প্ৰকল্প সঞ্চালক অথবা অধ্যক্ষ কাৰোৱেই সন্মতি নথকা সত্ত্বেও বিভাগৰ উচ্চপদস্থ বিষয়াৰ সহযোগত নিৰ্মলকান্তি দেৱনাথে বিলসমূহ মুকলি কৰি দিয়ে।

কামৰূপ জিলাৰ চৌমুখা মীন মহল, পেকেজ নং-১ গ্ৰুপ জেদ এল ৱৰ্ক অৰ্ডাৰ নং-AFDC/3862017/RIDF-XXI/604-610 ৰ বিপৰীতে প্ৰদান কৰা ১৪,১৯,৪৯৭ টকা পৰিশোধ কৰা বিলখনত ক্ষেত্ৰভিত্তিক প্ৰতিবেদন অবিহনেই ধন পৰিশোধ কৰিবলৈ অনুমোদন জনায় বুলি দাসে অভিযোগ কৰে।

দাসৰ গুৰুতৰ অভিযোগ, যোৱা ৩০ মাৰ্চত ঠিকাদাৰক ধন পৰিশোধ কৰাৰ পিছতহে ৰহস্যজনকভাৱে বিত্তীয় অনুমোদন বিচাৰি কনিষ্ঠ অভিযন্তাই ৮ মে’ৰ দিনা প্ৰকল্প সঞ্চালকলৈ ফাইল প্ৰেৰণ কৰিছিল।

“অৱশ্যে প্ৰকল্পৰ সঞ্চালকে কাৰ্য্যবাহী অভিযন্তাৰ পৰা মেনেজমেণ্ট এণ্ড ইভ’লিউশ্যন

Note from project director
বিল মুকলি কৰি দিবলৈ অস্বীকাৰ কৰি প্ৰকল্প সঞ্চালকে দিয়া টোকাটো।

ৰিপ’ৰ্ট নোহোৱাকৈ বিল পৰিশোধ কৰিব পৰা নাযায় বুলি জানিবলৈ দিয়ে আৰু বিত্ত তথা গাণনিক বিষয়াৰ পৰা প্ৰতিবেদন বিচাৰি ফাইলটোত নোট লিখি দিয়ে। কিন্তু তাৰ পিছতো প্ৰকল্প সঞ্চালকক বুঢ়া আঙুলি দেখুৱাই পৰিচালন সঞ্চালক নিৰ্মলকান্তি দেৱনাথে কোটি কোটি টকা আদায় দিয়ে”, দাসে সংবাদমেলত কয়।

এই দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ তুলি যোৱা ১৬ মে’ত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে মুখ্য মন্ত্ৰীৰ বিশেষ তদাৰকী কোষত গোচৰ ৰুজু কৰিছিল বুলি জানিবলৈ দি তেওঁ কয়, “বৰ্তমানলৈকে কেৱল মোৰ ভাষ্য গ্ৰহণ কৰাৰ বাহিৰে অন্য কোনো ধৰণৰ বিশেষ তদন্ত আগ বঢ়োৱা নাই।”

এই অভিযোগ উত্থাপন হোৱাৰ পাছতে পৰিচালন সঞ্চালক দেৱনাথক সচিবালয়লৈ বদলি কৰি যুটীয়া সচিব পদত নিযুক্তি দিয়া বুলি সদৰী কৰে দাসে।

“মুখ্য মন্ত্ৰীয়ে গঠন কৰি তদন্তকাৰী কমিটিয়ে প্ৰতিবেদন দিয়ালৈকে সকলো ঠিকেই আছিল। তাৰ পাছতে পৰিচালন সঞ্চালক দেৱনাথক সচিবালয়লৈ বদলি কৰি যুটীয়া সচিব পদত নিযুক্তি দিয়াৰ লগতে মহীতুষ বৰ্মনক শিলচৰলৈ বদলি কৰিলে। বদলি কৰাটোৱেই যদি কেলেংকাৰি কৰা বিষয়াৰ শাস্তি হয়, তেন্তে দুৰ্নীতি প্ৰতি শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি লাভ আছে নেকি? নে দুৰ্নীতি কৰা বুলি জানিয়েই মুখ্য মন্ত্ৰীয়ে নাটকীয়ভাৱে তেওঁৰ নিজৰ কাষলৈ অধিক দুৰ্নীতি কৰিবলৈ বিষয়াজনক চপাই নিছে?” প্ৰশ্ন দাসৰ।

Enquiry Report of Fishery Dept asking action
কেলেংকাৰি হোৱা বুলি জানিবলৈ দি ব্যৱস্থা ল’বলৈ কোৱা তদন্ত প্ৰতিবেদনৰ প্ৰতিলিপি।

ইপিনে, দেৱনাথৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পাছত তেওঁৰ সৈতে আমাৰ সাংবাদিকে যোগাযোগ কৰা হয়।

“ৰুবুল দাসে এইবাৰেই প্ৰথম নহয়, মুঠ তিনিবাৰ এনে ধৰণৰ অভিযোগ আনিছে। এইবোৰ সম্পূৰ্ণ মিছা অভিযোগ”, এখন মিটিঙত আছো, এতিয়া কথা পাতিব নোৱাৰিম বুলি ফালৰি কাটিব খুজি দেৱনাথে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

June 14, 2026 8:13 pm
বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

June 14, 2026 7:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd