• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ম্যানমাৰত ৭ বছৰে শিবিৰত “সীমিত জীৱন” কটাইছে ৰহিঙীয়া মুছলমানে

শ শ জুপুৰি সদৃশ ঘৰ আৰু চালিৰ তলত অস্বাস্থ্যকৰ অঞ্চলত চৰকাৰৰ নিৰন্তৰ নিৰীক্ষণত ৰহিঙীয়াৰ জীৱন

এন ই নাও নিউজ by এন ই নাও নিউজ
November 26, 2019 4:07 pm
Rahingya

ফটোৰ উৎস : rescue ডন অৰ্গ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১২ চনত ঘটা এটা ঘটনাই ম্যানমাৰৰ ৰেখাইন প্ৰদেশৰ মুছলমানসকলৰ জীৱনলৈ আন্ধাৰ নমাই অনাৰ পিছত তেওঁলোকৰ জীৱন সীমাবদ্ধভাৱে অতিবাহিত হৈছে ম্যানমাৰ চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া শিবিৰ সদৃশ ঠাইত।

উক্ত ঘটনাটো আছিল এগৰাকী বৌদ্ধ সম্প্ৰদায়ৰ মহিলাক মুছলমান লোক কেইজনমানে ধৰ্ষণ কৰাৰ অভিযোগ।

Apply Now

তাৰ পিছতে সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত ঘটে। স্থানীয় আৰু সংখ্যাগৰিষ্ঠ বৌদ্ধ লোকৰ সন্মিলিত আক্ৰমণ চলে অঞ্চলটোৰ সংখ্যালঘু মুছলমান জনবসতিৰ এলেকাত।

প্ৰায় ২০০ মুছলমান সম্প্ৰদায়ৰ লোকক হত্যা কৰা হয়, শ শ ঘৰ ধ্বংস কৰা হয়। আৰক্ষীয়ে সুৰক্ষা দিয়াৰ নামত প্ৰায় সাক্ষী গোপাল হৈ থাকে।

এই ঘটনাৰ পিছত হাজাৰ হাজাৰ সংখ্যালঘু মুছলমান লোক গৃহহাৰা হৈ পৰে আৰু কোৱা হয়, ২০১৭ চনৰ ৰহিঙীয়াৰ ওপৰত চলা গণ নিৰ্য্যাতনৰ বীজ এই ঘটনাৰ জৰিয়তেই ৰোপণ কৰা হৈছিল।

এই ঘটনাই বৌদ্ধ আৰু সংখ্যালঘু মুছলমানৰ মাজৰ সম্পৰ্কৰ এনেকুৱা অৱনতি ঘটালে যে সি যে কেতিয়াবা এটা পাৰস্পৰিক আস্থাৰ পৰ্য্যায়লৈ ঘূৰি যাব তাত সন্দেহ আছে।

উক্ত ঘটনাটোৰ পিছত সংখ্যালঘু মুছলমানসকল এক প্ৰকাৰৰ চৰকাৰী বাহিনীৰ কঢ়া নজৰত থাকিব লগীয়া হৈছে। শ শ জুপুৰি সদৃশ ঘৰ আৰু চালিৰে ভৰা এটুকুৰা অস্বাস্থ্যকৰ অঞ্চলত তেওঁলোক চৰকাৰৰ নিৰন্তৰ নিৰীক্ষণৰ মাজত জীৱন অতিবাহিত কৰি আহিছে।

তেওঁলোকৰ চাল-চলন সীমাবদ্ধ কৰা হৈছে, বাহিৰৰ জগতৰ লগত সম্পৰ্ক সীমিত কৰা হৈছে। শিবিৰৰ পৰা নগৰলৈ যাবলৈ তেওঁলোকক দুঘণ্টাৰ বাবেহে অনুমতি দিয়া হয় আৰু সেয়াও সশস্ত্ৰ আৰক্ষীয়ে নিৰীক্ষণ কৰি থাকে। দুঘণ্টাৰ পিছত শিবিৰলৈ ঘূৰি অহাটো এটা নিয়ম।

তেওঁলোকৰ বাবে শিক্ষা, জীৱিকা আৰু স্বাস্থ্যসেৱা উদ্বেগজনকভাৱে সীমিত।

শিবিৰৰ এই যন্ত্ৰণাময় জীৱনত উত্যক্ত এজন ৰহিঙীয়াই কয় যে এই দুৰ্ভাগ্যজনক ঘটনাটোৰ পূৰ্বে তেওঁলোকৰ জীৱন স্বাভাৱিক আছিল।

তেওঁলোকৰ কোনোবা শিক্ষক আছিল, কোনোবা উকীল আনকি কোনোজন ন্যায়াধীশো আছিল। ব্যৱসায় কৰি, মাছমাৰি, মাছ বিক্ৰী কৰি, গৰুগাড়ীত বস্তু কঢ়িয়াই একোটা স্বতন্ত্ৰৰীয়া জীৱিকাৰে জীৱন যাৱন কৰিছিল বেছিভাগ লোকে। প্ৰতিৱেশী বৌদ্ধসকল তেওঁলোকৰ বন্ধু আছিল।

মানৱ অধিকাৰ বিষয়ক আন্তঃৰাষ্ট্ৰীয় সংগঠন এমনেষ্টি ইণ্টাৰনেশ্যনেলে ইয়াক “বিচ্ছিন্নতা আৰু বৈষম্যৰ অনুষ্ঠানিক পদ্ধতি” আখ্যা দিছে আৰু বৰ্ণ বৈষম্যৰ যুগৰ দক্ষিণ আফ্ৰিকাৰ কুখ্যাত “এপাৰ্থেইড” (apartheid) নিয়মৰ সৈতে তুলনা কৰিছে।

এই শিবিৰবোৰৰ আৱাসীসকলে স্বাধীনতাহীন আৰু যন্ত্ৰণাময় জীৱনৰ পৰা উদ্ধাৰ পোৱাৰ আশাৰে সঘনাই পলায়নৰ চেষ্টা কৰে। তেওঁলোকে সাধাৰণতে জলপথেৰে বিভিন্ন মানৱ সৰবৰাহকাৰীৰ সহায়ত পলায় আৰু থাইলেণ্ড আৰু মালয়েছিয়াক লক্ষ্যস্থল কৰি লয়।

যোৱা ২২ নৱেম্বৰত নাৱেৰে পলাব খোজা ২২জন ৰহিঙীয়া মুছলমান লোকক ম্যানমাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ৯জন পুৰুষ আৰু ১৩গৰাকী মহিলা।

তেওঁলোকে আৰক্ষীক দিয়া ভাষ্য অনুসৰি তেওঁলোকে ৰেখাইন প্ৰদেশৰ এটা শিবিৰৰ পৰা পলাইছিল আৰু ভ্ৰমণ কৰা নাওখনত ফুটা হোৱা বাবে পাৰলৈ উঠিব লগীয়া হয়।

ইয়াৰ পূৰ্বে ছেপ্টেম্বৰ মাহতো ৩০জন ৰহিঙীয়াক পলাব খোজোতে নাৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁলোকো ৰেখাইন প্ৰদেশৰে আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

য়েমেনৰ চৰকাৰী নিৰাপত্তা বাহিনীৰ ওপৰত হাউথী গোষ্ঠীৰ মাৰাত্মক আক্ৰমণ; কমেও ৩০ জন নিহত

য়েমেনৰ চৰকাৰী নিৰাপত্তা বাহিনীৰ ওপৰত হাউথী গোষ্ঠীৰ মাৰাত্মক আক্ৰমণ; কমেও ৩০ জন নিহত

August 7, 2026 7:38 am
ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

August 6, 2026 7:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

য়েমেনৰ চৰকাৰী নিৰাপত্তা বাহিনীৰ ওপৰত হাউথী গোষ্ঠীৰ মাৰাত্মক আক্ৰমণ; কমেও ৩০ জন নিহত

য়েমেনৰ চৰকাৰী নিৰাপত্তা বাহিনীৰ ওপৰত হাউথী গোষ্ঠীৰ মাৰাত্মক আক্ৰমণ; কমেও ৩০ জন নিহত

August 7, 2026 7:38 am
ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd