অসম বিধানসভাত আজি এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। বিধানসভাৰ শীতকালীন অধিৱেশনৰ সময়তে আজি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নিজৰ হাত কাটি প্ৰতিবাদ সাব্যস্ত কৰে।
বিধায়কগৰাকীয়ে বিধানসভাৰ চৌহদতে নিজৰ হাত কাটি তেজেৰে এখন চিঠি চৰকাৰলৈ লিখে। চিঠিখন বিধায়ক কুৰ্মীয়ে বিধানসভাৰ চৌহদতে আঁৰি দিয়ে।
অসমৰ সম্পদ ব্যক্তিগতকৰণ কৰাৰ বিৰোধিতা কৰি বিধায়কগৰাকীয়ে বিধানসভাৰ অধিৱেশনৰ সময়তে প্ৰৱেশদ্বাৰত এইদৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে।
চিঠিখনত বিধায়ক কুৰ্মীয়ে অসমৰ কেইবাটাও উদ্যোগৰ ভৱিষ্যৎ সুনিশ্চিত কৰাৰ দাবী জনায়।
বিধায়ক কুৰ্মীয়ে প্ৰতিবাদী প্লেকাৰ্ডত উল্লেখ কৰিছে, “নগাঁও, কাছাৰ কাগজ কল, নামৰূপ সাৰ কাৰখানা, হাতিমাৰী চাহ বাগান, আইলাবাৰী অসম মাতৃৰ বোকোচাত অৱস্থিত। এই উদ্যোগসমূহ আমাৰ অসমীয়া জাতিৰ চিনাকি – মানে আমাৰ সন্মান। অসমৰ মাটিত থকা মানে আমাৰ স্বাভিমান। এই উদ্যোগৰ লগত জড়িত অসমৰ ভেটিত বসবাস কৰা লোকৰ কৰ্মসংস্থাপন, উপাৰ্জনৰ স্থল মানে আমাৰ ভৱিষ্যৎ।”
ইফালে বিধায়কগৰাকীৰ এনে অভিনৱ প্ৰতিবাদত অসম বিধানসভাত আজি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। পিছত বিধায়ক গৰাকীক তাৎক্ষণিকভাৱে বিধানসভাৰ চিকিৎসালয়ত ভৰ্তি কৰা হয়।