• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ বাবে ২৫৩গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন

এন ই নাও নিউজ by এন ই নাও নিউজ
February 8, 2018 7:58 am
Representative picture
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন এছ চি এন(আই-এম), এন জি পি জিকে ধৰি বহু কেইটা দল-সংগঠনে নাগালেণ্ড বিধানসভা বৰ্জন কৰিবলৈ দিয়া আহ্বানৰ পিছতো নাগালেণ্ডত নিৰ্বাচন অনুষ্ঠিত হোৱাটো একপ্ৰকাৰ খাতাং হৈ পৰিল।

লক্ষ্যণীয় যে যোৱা ৩১ জানুৱাৰিতে ৰাজ্যখনত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিছিল। অধিসূচনা জাৰি কৰাৰ পিছতো প্ৰথম ছয়দিনত কোনো প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্ৰ দাখিল কৰা নাছিল। কিন্তু মনোনয়ন দাখিলৰ অন্তিমদিনা ৰাজ্যখনত দেখা গ’ল বিৰল দৃশ্য। মুঠ ৬০টা বিধানসভা সমষ্টিৰ বাবে মুঠ ২৫৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰা পৰিলক্ষিত হ’ল।

Apply Now

নাগালেণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়া অভিজিৎ সিনহাই জানিবলৈ দিয়া অনুসৰি ২২ জন প্ৰাৰ্থীয়ে মঙলবাৰে মনোনয়ন দাখিল কৰিছিল। আৰু অন্তিম দিনাখন ২৩১গৰাকী প্ৰাৰ্থীয়ে নিজৰ নিজৰ মনোনয়ন দাখিল কৰে।

জানিব পৰা মতে মোকোকছুং জিলাখনত সৰ্বাধিক ৪৮ গৰাকী আৰু তাৰ পিছতে মন জিলাত ৪১গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। আনহাতে সবাটোকৈ কম ৩ জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে পুঘোবট মহকুমাত।

মনোনয়ন পত্ৰ সমূহ বৃহস্পতিবাৰে পৰীক্ষা-নিৰীক্ষা কৰিব আৰু মনোনয়ন প্ৰত্যাহাৰৰ দিন হ’ল ১২ ফেব্ৰুৱাৰি।

নিৰ্বাচনী বিষয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে ৰাজ্যখনৰ মুঠ ৯ টা ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। দলকেইটা হ’ল NPF, NDPP, NPP, BLP, INC, JD(U), LIP, NCP আৰু AAP।  অৱশ্যে দলীয় প্ৰাৰ্থীৰ বাদে নিৰ্দলীয় প্ৰাৰ্থীয়েও মনোনয়ন দাখিল কৰা দেখা যায়।

নিৰ্বাচন সন্দৰ্ভত ডিমাপুৰ উপায়ুক্ত আৰু ডিইও সুশীল কুমাৰ পেটেলে জানিবলৈ দিয়ে যে ডিমাপুৰ জিলাখনত ২ লাখ নিৰ্বাচকমণ্ডলীয়ে ৩২৩ টা ভোটকেন্দ্ৰত ভোটদান সূচাৰুৰূপে সম্পন্ন হোৱাৰ বাবে চোকা নজৰ ৰাখিব।

ইয়াৰ উপৰি জিলাখনত ১৬ টা পেৰামিলিটেৰী বাহিনী মোতায়েন কৰিব বুলিও জনায় ডিইও সুশীল কুমাৰ পেটেলে।

আনহাতে সকলো ভোটকেন্দ্ৰতে এশ শতাংশই ভিডিঅ’ ৰেকৰ্ডিং কৰা হ’ব বুলি বুধবাৰে জানিবলৈ দিয়ে। ডিইও পেটেলে ৰাজ্যবাসীৰ সকলো লোককে মনত কোনো শংকা নোহোৱাকৈ ভোটদান কৰিবৰ বাবে আহ্বান জনায়।

ইফালে বুধবাৰে মনোনয়ন দাখিলক লৈ এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হৈছিল কহিমাৰ উত্তৰ আংগামী-২ সমষ্টিত। NPFৰ প্ৰাৰ্থীয়ে যাতে মনোনয়ন দাখিল কৰিব নোৱাৰে তাৰ বাবে নেইফিঅ’ ৰিঅ’ৰ সমৰ্থকে কিছু সময় ধৰি ৰাজপথ অৱৰোধ কৰে। কিন্তু কিছু সময় পিছত প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণত আনিবলৈ সক্ষম হয়।

স্মৰ্তব্য যে এন এছ চি এনে(আই-এম) বিবৃতি জাৰি কৰি প্ৰকাশ কৰিছিল যে নাগালেণ্ড বিধানসভা নিৰ্বাচন বৰ্জন কৰা সিদ্ধান্তক যদি কোনোবাই অমান্য কৰে তেন্তে সংগঠনে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। তাৰোপৰি যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সংগঠনটোৰ সকলো সদস্যকে সম্পূৰ্ণ সাজু হৈ থাকিবলৈ আহ্বান জনাইছিল।

এতিয়া ৰাজ্যখনত কেনে পৰিস্থিয়ে বিৰাজ কৰে সেয়া সময়ত লক্ষ্যণীয় হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd