• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাজাৰ হাজাৰ আবাল-বৃদ্ধ-বণিতাৰ অংশগ্ৰহণ “গণ অনশন”ত; চৰকাৰক সকীয়নি আছু আৰু শিল্পী সমাজৰ

মহাত্মা গান্ধীৰ আদৰ্শেৰে আছুৰ উদ্যোগত তিনিদিনীয়া সত্যাগ্ৰহ ঘোষণা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 13, 2019 9:18 pm
CAB

চানমাৰিত আজিৰ গণ অনশন কাৰ্য্যসূচীৰ এটা দৃশ্য।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিতৰ্কিত তথা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ (আজিৰ পৰা আইন) বিৰুদ্ধে আজি গুৱাহাটীত আছু আৰু শিল্পী সমাজে আহ্বান জনোৱা গণ অনশনত ভাগ ল’লে হাজাৰ হাজাৰ আবাল-বৃদ্ধ-বণিতাই।

বিধেয়কখন (আইন) ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰি আইনত পৰিণত কৰাৰ দিনটোতে শতায়ু গৰকা বৃদ্ধ-বৃদ্ধাৰ পৰা বিভিন্ন স্থানৰ বিভিন্ন ক্ষেত্ৰৰ, বিভিন্ন বয়সৰ লোকে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত ১০ ঘণ্টীয়া গণ অনশন কাৰ্য্যসূচীটোত উপস্থিত থাকি নিজৰ নিজৰ প্ৰতিবাদ সাব্যস্ত কৰে।

Apply Now

অসমৰ ৰাইজে কোনোপধ্য নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নলয় বুলি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক সকীয়াই দিয়ে আছুৰ নেতা, বুদ্ধিজীৱী, শিল্পী, সাহিত্যিক আৰু অন্যান্য ক্ষেত্ৰৰ লোকসকলে।

আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই কয়, “কালি সান্ধ্য আইন ভংগ কৰি জনসাধাৰণ ওলাই আহি প্ৰমাণিত কৰিলে আমি “কেব” নামানো। ৰাইজৰ আদালতে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত নাকচ কৰিছে। হয় “কেব” বাতিল কৰক নহয়তো আমাক গ্ৰেপ্তাৰ কৰক।”

এই প্ৰতিবাদৰ কাৰ্য্যসূচীক অধিক আগুৱাই নিয়াৰ উদ্দেশ্যে ভট্টাচাৰ্য্যই প্ৰতিবাদস্থলীতে তিনিদিনীয়া “গণ সত্যাগ্ৰহ” কাৰ্য্যসূচী ঘোষণা কৰে।

“মহাত্মা গান্ধীৰ আদৰ্শৰে ১৬, ১৭ আৰু ১৮ ডিচেম্বৰত তিনিদনীয়া সত্যাগ্ৰহৰ কাৰ্য্যসূচী ৰূপায়ণ কৰা হ’ব আৰু প্ৰতিখন জিলা আৰু মহকুমা সদৰত চলিব এই গণ সত্যাগ্ৰহ”, ভট্টাচাৰ্য্যৰ ঘোষণা।

আছুৰ এই অহিংস প্ৰতিবাদী কাৰ্য্যসূচী “গণ সত্যাগ্ৰহ”ৰ প্ৰতি সদৌ অসম কৰ্মচাৰী পৰিষদে সমৰ্থন আগ বঢ়াইছে বুলি তেওঁ উল্লেখ কৰে।

ইপিনে “কেব”ৰ বিৰোধিতাৰে আজি বিজেপি ত্যাগ কৰা প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাই আছুৰ আজিৰ গণ অনশন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে।

“এনেকুৱা এক পৰিস্থিতি আহিল যে মই চৰকাৰী পদমৰ্য্যদাত থাকিম আৰু স্বদেশ আৰু স্বজাতিৰ দুৰ্যোগৰ সময়ত তেওঁলোকৰ লগত থাকিম? কেব গৃহীত হোৱাৰ দিনাই স্বদেশ আৰু জনসাধাৰণৰ পক্ষত থাকিম বুলি সিদ্ধান্ত ল’লো”, ভূঞাৰ মন্তব্য।

শিল্পী সমাজৰ জুবিন গাৰ্গ, বৰষাৰাণী বিষয়া, সীমান্ত শেখৰ, যতীন বৰা, ৰবি শৰ্মা, মহেন্দ্ৰ বৰঠাকুৰ, মানস ৰবীন, উৎপল দাস, মানস ৰবীনকে ধৰি বহু সংখ্যক শিল্পী, সাহিত্যিকে অংশগ্ৰহণ কৰে।

তলত অনশন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা কেইগৰাকীমান শিল্পীৰ ভাষণৰ কিছু অংশ অসম্পাদিত ৰূপত দিয়া হ’ল-

জুবিন গাৰ্গ : অসমীয়াৰ মনত জাতীয়তাবোধ একেধৰণে জাগ্ৰত হৈ আছে। যিসকলে গণতান্ত্ৰিক আন্দোলনক বেয়া ৰূপ দিয়াৰ চেষ্টা কৰি আছে তাৰ বাবে আমি সাজু আৰু সাবধান হ’ব লাগিব। আমাৰ ফালৰ পৰাও উচ্চতম ন্যায়ালয়ত “কেব”ৰ বিৰুদ্ধে আবেদন জনাম। এই প্ৰচেষ্টাত কেতিয়াও হাৰ নামানো, এই সাহস লগত লৈ আগুৱালে নিশ্চয় জিকিব পাৰিম।

বৰষাৰাণী বিষয়া : প্ৰতিবাদ বহুত কৰিলো এতিয়া আমি শলাগৰ শৰাই দিব বিচাৰো। অসমী আইক অগ্নিগৰ্ভা কৰি যদি আপোনালোকে সুখ পাইছে, তেন্তে ইয়াৰ পৰাই ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো। যি তিনিগৰাকী প্ৰতিবাদকাৰী নিহত হ’ল, তেওঁলোকৰ পৰিয়ালে কান্দিছে। আমিও কান্দিছো তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো। এজন ককাইদেউৱে খুব কৰ্মফলক বিশ্বাস কৰে, তেওঁক এই মঞ্চৰ পৰা কৈছো, এই যি জাতি-বিৰোধী কৰ্ম কৰিছে, তাৰ ফল আপোনালোকে ভুগিব। অসমবাসীয়ে নিজ চকুৰে এই কৰ্মফল চাম। অসমখনক যেন কাশ্মীৰলৈ ৰূপান্তৰিত কৰিব খুজিছে। নিদিওঁ অসমক কাশ্মীৰ বনাবলৈ। সৰু সৰু ল’ৰা-ছোৱালীক গুলীওৱাতকৈ মোক গুলীয়াই দেখাওক।

Barasha Rani Bisaya
চানমাৰিত আজিৰ গণ অনশন কাৰ্য্যসূচীত ভাগ লোৱা বৰষাৰাণী বিষয়া।

আমাকতো “কেব”ৰ আলোচনা কৰিবলৈ নামাতে, নাচিবলৈহে শিল্পীসকলক মাতে। আমিও ৰাজ্যখনক প্ৰতিনিধিত্ব কৰি বিদেশত নাচিবলৈ গৈছিলো। বিদেশত ঘূৰিবলৈ ভাৰতৰ টকাৰে বিদেশৰ মুদ্ৰাৰ বিনিময়ত ডলাৰ, ইউৰ’ কিনোতে ভাৰতৰ অৰ্থনীতিৰ স্বৰূপ দেখা গৈছিল। চৰকাৰে ভোটবেংকৰ ৰাজনীতি এৰি ভাৰতৰ অৰ্থনীতি বিকাশৰ ৰাজনীতি কৰক।

অসমত কেৱল অসমীয়া হিন্দুৱেই ভোট দিয়া নাছিল, অসমীয়া মুছলমানেও ভোট দিছিল। অসমৰ ৰাইজৰ আস্থা ৰখাটো উচিত আছিল।

সীমান্ত শেখৰ : বিজেপিৰ পৰা পইচা লৈ গান গাইছিলো, মই কোনো বিজেপি কৰ্মী বা সদস্য নাছিলো। গান গাই আজি মই অনুতপ্ত। বিজেপিৰ যোগ্যতা আছিল বুলি ভাবিয়েই ভোট দিছিল, কিন্তু বিজেপিয়ে সেই যোগ্যতা হেৰুৱালে। অসমৰ ৰাইজৰ লগত বিজেপিয়ে বিশ্বাসঘাততা কৰিলে। যিদৰে ৰ’দত থিয় হৈ ভোট দিছিলো, সেইদৰে ৰ’দত থিয় হৈ আমাৰ অধিকাৰৰ বাবে ওলাই আহিছো। অসমৰ ৰাইজে ভুল বুজিলে বুলি তেওঁলোকে কৈছে, কিন্তু কি ভুল বুজিছে সেইটো জানো বুজাই দিছে? অসমৰ ইমানখিনি মানুহে ভুল বুজিলে তেওঁলোকে শুদ্ধ বুজিব সেইটো কেতিয়াও সম্ভৱ হ’ব নোৱাৰে।

ৰবি শৰ্মা : এতিয়া আইনী প্ৰক্ৰিয়া লোৱা হ’ব। এতিয়া আমি ন্যায়ালয়ে কি ৰায় দিয়ে নাজানো। অসমৰ ৰাইজে নিজৰ ৰায় জনাই দিছে। আমিউ “কেব” কোনোপধ্যে নামানো, গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে এই সংগ্ৰাম আগুৱাই লৈ যাম।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am
সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

June 15, 2026 9:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd