• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“কেব”ৰ বিৰুদ্ধে ৰাজপথলৈ ওলাল শংকৰদেৱ সংঘৰ ৫৩খন জিলা সমিতি

““কেব”ৰ সমৰ্থকক আমি কেতিয়াও সহযোগ নকৰো। যদি জাতিটোৱে নাথাকে, আমি থাকিম ক’ত”, পদাধিকাৰ কমলাকান্ত গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 13, 2019 9:37 pm
atul-borah

অতুল বৰা-ফটো সৌজন্য-উইকিপিডিয়া

551
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যজুৰি জাতিধ্বংসী “কেব”ৰ বিৰুদ্ধে ক্ষোভৰ জুই জ্বলি থকাৰ সময়তে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজপথলৈ ওলাই আহিল অসমৰ বৃহত্তম ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ।

আজি অনুষ্ঠানটোৰ মুঠ ৫৩খন জিলা সমিতিয়ে “কেব”ৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিয়ায় আৰু আইনখন বাতিল কৰাৰ দাবীৰে জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধান মন্ত্ৰী আৰু ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

ধৰ্মীয়-সাংস্কৃতিক অনুষ্ঠানটোৰ দিল্লী মহানগৰ শাখাই পোনপটীয়াকৈ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি আইনখন বাতিলৰ দাবীৰে স্মাৰক পত্ৰ প্ৰদান কৰা বুলি নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত জানিবলৈ দিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে।

সংঘৰ স্থিতি প্ৰকাশ কৰি কমলাকান্ত গগৈয়ে কয়, “অসমৰ ৰাইজৰ লগত আমি সদায় আছো। “কেব” আমি কেতিয়াও নামানো। “কেব”ৰ সমৰ্থকক আমি কেতিয়াও সহযোগ নকৰো। যদি জাতিটোৱে নাথাকে আমি থাকিম ক’ত?”

ইপিনে, ২০২০ চনত বোকাখাতত অনুষ্ঠিত হ’ব লগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতিৰ কাৰ্য্যকৰী সভাপতিৰ দায়িত্বত আছে অগপ সভাপতি অতুল বৰা। কিন্তু “কেব”ক লৈ অতুল বৰাৰ স্থিতিক লৈ দোমোজাত পৰিছে আদৰণি সমিতিৰ বিষয়ববীয়াসকল।

বোকাখাতত হোৱা প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি আদৰণি সমিতিৰ অন্য এগৰাকী বিষয়ববীয়াই বৰাক আদৰণি সমিতিৰ পৰা পদত্যাগ কৰি ৰাইজৰ কাষত থিয় হ’বলৈ আহ্বান জনায়।

“অতুল বৰাৰ আমি পদত্যাগ বিচাৰিম। তেওঁ “কেব”ৰ সমৰ্থন কৰিছে। “কেব” নথকাহেঁতেন তেওঁ আদৰণি সমিতিত থাকিব পাৰিলে হেঁতেন। সংঘৰ মূল বিষয়ববীয়াসকলে ইয়াৰ বিচাৰ কৰি পদক্ষেপ ল’ব।” আদৰণি কমিটিৰ এজন বিষয়াই ক্ষোভ প্ৰকাশ কৰি এইদৰে কয়।

ইপিনে, অতুল বৰাৰ “কেব”ক সমৰ্থন কৰা বিষয়টো সংঘৰ কাৰ্য্যনিৰ্বাহক বৈঠকত আলোচনা কৰিব বুলি পদাধিকাৰ কমলাকান্ত গগৈয়ে জানিবলৈ দিয়ে।

“আমি অচিৰেই কাৰ্য্যনিৰ্বাহক বৈঠক অনুষ্ঠিত কৰি এই সন্দৰ্ভত আলোচনা কৰিম। আলোচনা কৰি এক সিদ্ধান্ত লোৱা হ’ব”, গগৈৰ মন্তব্য।

Recent News

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd