• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত কেববিৰোধী প্ৰতিবাদত মৃত্যু, হিংসাৰ ঘটনাত উদ্বিগ্ন ৰাষ্ট্ৰসংঘ মানৱ অধিকাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 14, 2019 9:32 pm
Citizenship (Amendment) Act 2019 fundamentally discriminatory in nature: UN High Commissioner for Human Rights
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰসংঘ মানৱ অধিকাৰে অসমত নাগৰিকত্ব (সংশোধন) আইন ২০১৯বিৰোধী প্ৰতিবাদত সংঘটিত মৃত্যু আৰু হিংসাত্মক ঘটনাত উদ্বিগ্নতা প্ৰকাশ কৰিছে।

“আইনখনৰ বিৰুদ্ধে হোৱা গণ প্ৰতিবাদ কৰোতে ভাৰতীয় ৰাজ্য অসম আৰু ত্ৰিপুৰাত দুজন লোকৰ মৃত্যু আৰু আৰক্ষী বিষয়াকে ধৰি বহুলোক আহত হোৱাৰ বাতৰিসমূহত আমি উদ্বিগ্ন হৈছো,” ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ বিষয়ক গোটটোৰ উচ্চায়ুক্তৰ বিবৃতিত প্ৰকাশ।

Apply Now

ৰাজধানী গুৱাহাটীত এজন প্ৰতিবাদকাৰী স্কুলীয়া ছাত্ৰকে ধৰি তিনিজন লোকে নিৰাপত্তাৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছে। ডিব্ৰুগড়ত এজন যুৱক নিহত হৈছে।

ৰাষ্ট্ৰসংঘৰ সংস্থাটোৱে চৰকাৰী কৰ্তৃপক্ষসমূহক শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ অধিকাৰক সন্মান কৰিবলৈ আহ্বান জনাইছে।

“প্ৰতিবাদৰ মোকাবিলা কৰোতে আন্তঃৰাষ্ট্ৰীয় নিয়ম আৰু মানসমূহ মানি চলক,” কৰ্তৃপক্ষৰ প্ৰতি ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ গোটটোৰ আহ্বান।

কৰ্তৃপক্ষৰ উপৰি সকলো পক্ষকে সংস্থাটোৱে হিংসাৰ আশ্ৰয় লোৱাৰ পৰা আঁতৰি থকাৰ বাবে আহ্বান জনাইছে।

সংস্থাটোৱে আইনখনক “মৌলিকভাৱে বৈষম্যমূলক” বুলি অভিহিত কৰিছে আৰু কৈছে যে ই ভাৰতৰ সাংবিধানিক আৰু আন্তঃৰাষ্ট্ৰীয় দায়বদ্ধতাক দুৰ্বল কৰিব।

“সংশোধিত আইনখনে ভাৰতীয় সংবিধানপ্ৰদত্ত আইনৰ সন্মুখত সমতাৰ প্ৰতিশ্ৰুতিক আৰু ভাৰতীয় ৰাষ্ট্ৰ পক্ষ হিচাপে থকা, বৰ্ণ, গোষ্ঠী বা ধৰ্মীয়ভিত্তিক বৈষম্য বাৰণ কৰা International Covenant on Civil and Political Rights আৰু Convention for the Elimination of Racial Discrimination-অধীন ভাৰতৰ দায়বদ্ধতাক দুৰ্বল কৰাৰ দৰে দেখা যাব,” ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ বিষয়ক গোটটোৰ উচ্চায়ুক্তৰ বিবৃতিত প্ৰকাশ।

বিবৃতিটোত ভাৰতে “মাত্ৰ ১২ মাহ” পূৰ্বে Global Compact for Safe, Regular and Orderly Migrationত সন্মতি দিয়াৰ কথা কোৱা হৈছে।

এই সন্মতিৰ যোগেদি ৰাষ্ট্ৰসমূহ বিপদসাধ্য পৰিস্থিতিত প্ৰব্ৰজনকাৰীৰ প্ৰয়োজনীয়তাৰ প্ৰতি সঁহাৰি প্ৰদান কৰা, পক্ষপাতমূলক আটক আৰু সামূহিক বিতাড়ন এৰাই চলা আৰু সকলো প্ৰব্ৰজনকাৰী প্ৰশাসন কাৰ্য্যব্যৱস্থা মানৱ অধিকাৰভিত্তিক হোৱাটো নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।

কোৱা হৈছে, সকলো প্ৰব্ৰজনকাৰীয়ে তেওঁলোকৰ প্ৰব্ৰজন স্থিতি-নিৰ্বিশেষে সন্মান, সুৰক্ষা আৰু তেওঁলোকৰ মানৱ অধিকাৰৰ পৰিপূৰ্তি পোৱাৰ যোগ্য।

আইনখনে চুবুৰীয়া দেশ তিনিখনৰ “নিপীড়িত” ধৰ্মীয় সম্প্ৰদায়কেইটাক সুৰক্ষা দিব খোজা লক্ষ্যক ৰাষ্ট্ৰসংঘৰ সংস্থাটোৱে আদৰণি জনাইছে।

কিন্তু আইনখন সংখ্যালঘু গোষ্ঠীসমূহকো সামৰি মুছলমানসকলৰ প্ৰতি প্ৰসাৰিত নোহোৱাৰ কথা সংস্থাটোৱে আঙুলিয়াই দিছে।

ৰাষ্ট্ৰসংঘই ভাৰতৰ প্ৰব্ৰজনকাৰীৰ সমস্যাটো এক সুদৃঢ় আশ্ৰয়দান ব্যৱস্থা (robust asylum system)ৰ যোগেদি মোকাবিলাৰ পোষকতা কৰিছে।

“যি সমতা আৰু অ-বৈষম্যৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত, আৰু যি নিপীড়ন আৰু আন মানৱ অধিকাৰ উলংঘনৰ পৰা সুৰক্ষাৰ প্ৰয়োজনীয়তা থকা সকলো ব্যক্তিৰ ক্ষেত্ৰত জাত, ধৰ্ম, দেশীয় মূল বা আন নিষিদ্ধতা-ভিত্তিৰ ব্যৱধান নৰখাকৈ প্ৰয়োগ হ’ব,” বিবৃতিটোত প্ৰকাশ।

আইনখন বিৰোধী অসমৰ দল-সংগঠনৰ দৰে ৰাষ্ট্ৰসংঘৰ সংস্থাটোৱেও ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ “পুনৰীক্ষণ”ত আশা ৰাখিছে।

“আমি আশা কৰিছো (ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে) ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দায়বদ্ধতাসমূহৰ সৈতে আইনখনৰ সামঞ্জস্যতা সাৱধানে বিবেচনা কৰিব,” বিবৃতিটোত কোৱা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd