নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলা প্ৰতিবাদত প্ৰায় অচল হৈ পৰা ৰাজ্যখনৰ পৰিস্থিতি চম্ভালিবলৈ কোনো তৎপৰতা নাই চৰকাৰৰ।
আপাতত: ৰাজ্যখনৰ আইন শৃংখলাৰ দায়িত্ব আৰক্ষীক গতাই চৰকাৰখন প্ৰায় নিদ্ৰাৰত অৱস্থাত।
অসম বন্ধ, আন্দোলন আৰু বুধবাৰৰ পৰা আৰম্ভ হোৱা অনিৰ্দিষ্টকালীন সান্ধ্য আইনৰ ফলত কেইবাদিনো দোকান-পোহাৰসমূহ বন্ধ থকা বাবে মহানগৰবাসীৰ মাজত খাদ্য অথবা অত্যাৱশ্যকীয় সামগ্ৰীৰ স্বাভাৱিকতে নাটনি হৈছিল।
চাউল-দাইল, শাক-পাছলিকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি হোৱাৰ ফলত চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে মহানগৰবাসী।
ইয়াৰেই সুযোগ গ্ৰহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে সৰ্বসাধাৰণ ৰাইজৰ মূৰত মাধমাৰ সোধাইছে।
আন্দোলন-প্ৰতিবাদৰ সুযোগ গ্ৰহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য কেইবাগুণো বৃদ্ধি কৰা পৰিলক্ষিত হৈছে।
বৰ্তমান বজাৰত আলুৰ প্ৰতি কিল’গ্ৰামৰ মূল্য ৫০ টকালৈ বৃদ্ধি কৰাৰ লগতে পিয়াজৰ মূল্য ১৫০ টকালৈ বৃদ্ধি পাইছে। আনকি বিলাহীৰ প্ৰতি কেজিৰ মূল্যও ১০০ টকালৈ বৃদ্ধি পাইছে।
সেইদৰে আন পাচলিসমূহৰ দৰো বহুগুণে বৃদ্ধি পাইছে। বজাৰত এতিয়া কোনো পাচলি ৫০-৬০ টকাৰ কমত পাবলৈ নাই।
একেদৰে মাছ-মাংসৰ দামো ব্যৱসায়ীসকলে এই সুযোগতে বৃদ্ধি কৰিছে। তদুপৰি, কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি মুনাফা লুটাৰ চেষ্টা চলাইছে।
ইপিনে, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ ক্ষোভিত হৈ পৰিছে মহানগৰবাসী। বয়-বস্তুৰ দাম এনেদৰে বৃদ্ধি পোৱাৰ বিপৰীতে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ ব্য্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।
ৰাইজৰ ৰোষত পৰাৰ ভয়ত শাসকীয় মন্ত্ৰী-বিধায়কসকল এতিয়া টুপাই বুৰ মাৰিছে। ৰাইজৰ দুৰাৱস্থাৰ প্ৰতি কাণসাৰ দিয়াৰ পৰিৱৰ্তে তেওঁলোক এতিয়া নিজৰ ৰাজনৈতিক ভৱিষ্যতকলৈহে অধিক চিন্তিত হৈ পৰা দেখা গৈছে।