পূর্ণ গতিত চলি আছে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ ভোটগণনা, এতিয়ালৈকে হোৱা ভোটগণনা অনুসৰি ৰঘুবৰ দাস নেতৃত্বাধীন ৰাজ্যখনৰ বৰ্তমানৰ বিজেপি পুনৰবাৰ ক্ষমতালৈ অহাৰ আশা যথেষ্ট ক্ষীণ।
৫ পৰ্যায়ত অনুষ্ঠিত হোৱা ৮১খন আসনযুক্ত ঝাৰখণ্ডৰ নিৰ্বাচনৰ বৰ্তমানলৈকে হোৱা ভোটগণনাত জেএমএম–কংগ্ৰেছ–আৰজেডি মিত্ৰজোঁটে বিজেপিতকৈ বৃহৎ সংখ্যাত অগ্ৰগতি লাভ কৰি আছে।
নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি দিনৰ ১২.৪২ বজালৈ বিজেপিয়ে ২৮খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে জেএমএম–কংগ্ৰেছ–আৰজেডি মিত্ৰজোঁট আগবাঢ়ি আছে ৪২খন আসনত।
ইয়াৰে ঝাৰখণ্ড মুক্তি মৰ্চা (জেএমএম)য়ে ২৫খন, কংগ্ৰেছে ১২খন আৰু ৰাষ্ট্ৰীয় জনতা দল (আৰজেদি)য়ে ৫খন আসনত আগবাঢ়ি আছে। আনহাতে জেভিএম, চিপিআই (এম-এল), এনচিপি, এজেএছয়ু পাৰ্টি আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ক্ৰমে ৪, ১, ১, ২, ৩ খন আসনত আগবাঢ়ি আছে।
২০১৪ চনৰ বিধানসভা নিৰ্বাচনত ঝাৰখণ্ডত বিজেপি মুঠ ৮১খন আসনৰ ৪৩খনত জয়লাভ কৰি চৰকাৰ গঠন কৰিছিল।