• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“সৰ্বানন্দ যদি অসমীয়া জাতিটোৰ প্ৰথম আৰু হিমন্ত যদি দ্বিতীয়জন শত্ৰু হয় তেন্তে অতুল বৰা হ’ল তৃতীয় শত্ৰু’

উত্তম শইকীয়া by উত্তম শইকীয়া
December 30, 2019 8:50 am
IMG_20191229_172526

বোকাখাতত দেওবাৰে অনুষ্ঠিত কংগ্ৰেছৰ জন জাগৰণ যাত্ৰা। ফটো: নৰ্থইষ্ট নাও

2.3k
VIEWS
Share on FacebookShare on Twitter

“কা বিৰুদ্ধী আন্দোলনে অসমৰ জনগণক তিনিজন জাতিৰ শত্ৰুৰ সৈতে পৰিচয় কৰালে ৷ সৰ্বানন্দ সোনোৱাল যদি জাতিটোৰ প্ৰথম আৰু হিমন্ত বিশ্ব শৰ্মা যদি দ্বিতীয়জন শত্ৰু হয় তেন্তে অতুল বৰা হ’ল অসমীয়া জাতিৰ তৃতীয় শত্ৰু ৷’

বোকাখাতত দেওবাৰে অনুষ্ঠিত কংগ্ৰেছ দলৰ অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰাৰ সভাত এই দৰে মন্তব্য কৰে দলটোৰ মুখপাত্ৰ কমল কুমাৰ মেধিয়ে ৷

অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে কা বিৰোধিতাৰে আৰম্ভ কৰা অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰা দেওবাৰে সন্ধিয়া বোকাখাতত উপস্থিত হয় ৷

গোলাঘাটৰ পৰা আহি বোকাখাতত উপস্থিত হোৱা দলটোক গোলাঘাটৰ বিধায়িকা অজন্তা নেওগ,সাংসদ গৌৰব গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, বিধায়ক জাকিৰ হোছেইন চিকদাৰ আৰু মুখপত্ৰ কমল কুমাৰ মেধিয়ে নেতৃত্ব দিয়ে ৷

বোকাখাত নাট্যমন্দিৰৰ সন্মুখত অনুষ্ঠিত প্ৰতিবাদী সভাৰ শুভাৰম্ভ কৰি বিধায়িকা অজন্তা নেওগে চন্দ্ৰ-সূৰ্য্য থকালৈকে অসমত অসমীয়া ভাষাহে চলিব বুলি মন্তব্য কৰে।

আনহাতে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই তেওঁৰ প্ৰতিবাদী ভাষণত অসমৰ মাটি আৰু সম্পদৰ বিপৰীতে মানুহৰ সংখ্যা বৃদ্ধি পাব বুলি মন্তব্য কৰি বিদেশীৰ বোজা অসমে কেতিয়াও নলয় বুলি কয় ৷

তেওঁ কয় যে কা ৰ জড়িয়তে বিজেপি চৰকাৰে অসম চুক্তিক অৱমাননা কৰিছে ৷ ভাৰতক কংগ্ৰেছে বিদেশীৰ পৰা উদ্ধাৰ কৰি আজিৰ অৱস্থাত পোৱাইছিলহি ৷ যাক ধ্বংস কৰাৰ অধিকাৰ এতিয়া বিজেপি দলৰ নাই বুলি তেওঁ মন্তব্য কৰে ৷

১৩০ কোটি মানুহক পৰিচালনা কৰা সংবিধান অৱমাননা কৰাৰ অধিকাৰ বিজেপিৰ নাই ৷ সংবিধান ৰক্ষা কৰিবৰ বাবেই আজি অসমৰ ৰাজপথত কংগ্ৰেছ দল ওলাই আহিছে বুলিও ৰিপুণ বৰাই মন্তব্য কৰে ৷

সাংসদ গৌৰৱ গগৈয়ে ৰাজ্য চৰকাৰে ঘোষণা কৰা হ্ৰস্বম্যাদী আঁচনিৰ সুবিধা লৈ কোনেও নিজৰ সন্তানৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি নিদিবৰ বাবে আহ্বান জনায় ৷

অসম চুক্তিৰ জড়িয়তে জন্ম হোৱা অগপ দলেই অসম চুক্তি নস্যাৎ কৰি অসমীয়াক অপমান কৰিছে বুলি তেওঁ অসম গণ পৰিষদ দলকো সমালোচনা কৰে৷

প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ কমল কুমাৰ মেধিয়ে অসমীয়াৰ তৃতীয়জন শত্ৰু অগপৰ সভাপতি অতুল বৰা বুলি অভিহিত কৰি সমগ্ৰ ৰাজ্যবাসীৰ চকু বোকাখাতৰ ওপৰত থকা বুলি কয় ৷

বোকাখাতবাসীয়ে কা বিৰোধী আন্দোলনত সক্ৰিয় অংশ লৈ জাতিৰ শত্ৰু অতুল বৰাক প্ৰতিৰোধ কৰক বুলি কমল মেধিয়ে আহ্বান জনায় ৷

খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ অতীতৰ বৰ্ণনা কৰি ৰত্নাকৰো বাল্মিকী হ’ব বুলিয়েই খুমটাইবাসীয়ে মৃণাল শইকীয়াক নিৰ্বাচিত কৰিছিল যদিও মৃণাল শইকীয়া কিন্তু ৰত্নাকৰেই হৈ থাকিল বুলিও কয় কমল মেধিয়ে ৷

এশখন আসন নহয় আজিৰ তাৰিখত নিৰ্বাচন হ’লে বিজেপি দলে শূণ্যখন আসনহে পাব বুলিও তেওঁ কটাক্ষ কৰে ৷

বোকাখাত ব্লক কংগ্ৰেছৰ সভাপতি ধৰ্মেশ্বৰ কুৰ্মীয়ে আঁত ধৰা সভাত স্থানীয় শিল্পী যোগেন টাইডে গীত পৰিৱেশন কৰে ৷

Recent News

চাকৰিৰ পৰা বৰ্খাস্ত এ পি এছ চিৰ বিষয়াক পুনৰ মকৰলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, বান্ধি দিলে চৰ্ত

চাকৰিৰ পৰা বৰ্খাস্ত এ পি এছ চিৰ বিষয়াক পুনৰ মকৰলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, বান্ধি দিলে চৰ্ত

জ্বৰ হ’লে স্বাস্থ্যৰ যতন কিদৰে ল’ব লাগে জানো আহক

জ্বৰ হ’লে স্বাস্থ্যৰ যতন কিদৰে ল’ব লাগে জানো আহক

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd