• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিজিটেল মন্ত্ৰী! পেপাৰ নপঢ়ে হিমন্ত বিশ্ব শৰ্মাই, পঢ়ে পেপাৰ কাট

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 9, 2020 7:02 pm
82045534_10157177939693983_1989125321873424384_n (1)

বৃহস্পতিবাৰে সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পূৰ্বে প্ৰায়কেইখন সংবাদমেলতে প্ৰতিদিন পেপাৰ নপঢ়ো বুলি মন্তব্য কৰি অহা হিমন্ত বিশ্ব শৰ্মাই আজি অসমীয়া প্ৰতিদিন কাকতৰ সৰ্বাধিক চাৰ্কোলেশ্যন থকা বাতৰি কাকত বুলি সংবাদমেলত উল্লেখ কৰাত এগৰাকী জ্যেষ্ঠ সাংবাদিকে তেওঁক সোঁৱৰাই দিছিল পূৰ্বতে সংবাদমেলত কোৱা কথাষাৰ আৰু কয় যে যদি আপুনি নপঢ়ে তেন্তে কেনেকৈ জানিলে এই কথা?

‘’মই মৃত দেউতাৰ শপত খাই কৈছো মই ২০১১ চনৰ পৰা অসমীয়া প্ৰতিদিন নপঢ়ো। আপুনি যদি বেয়া নাপায় এনেকুৱা ধৰণৰ ইচ্ছু লৈ নাহিলে ভাল পাম। মই বহুবাৰ প্ৰেছৰ আগত কৈছো মই পেপাৰ কাটিং কেইটামান পঢ়ো, পেপাৰ মই নপঢ়ো। দহ বছৰ আগতে মোৰ বিধায়ক আৱাসলৈ আহিছিল এতিয়াটো নাহে আপুনি। গতিকে কেনেকৈ গম পাব?’’ সাংবাদিকজনক উদ্দেশ্যি এইদৰে কয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Apply Now

পূৰ্বেও বহুবাৰ সংবাদমাধ্যম অথবা সাংবাদিকক আক্ৰমণৰ লক্ষ্য কৰি লোৱা মন্ত্ৰী হিমন্ত বিশ্ব শর্মাই নাগৰিকত্ব সংশোধনী আইন কেন্দ্ৰিক কিছু প্ৰশ্ন কৰোতে অসমীয়া প্ৰতিদিন কাকতৰ এজন জ্যেষ্ঠ সাংবাদিকৰ সৈতে তৰ্কত লিপ্ত হয়।

তলত তেওঁলোকৰ কথোপকথনৰ কিয়দাংশ পাঠকলৈ অ-সম্পাদিত ৰূপত আগবঢ়ালো।

‘১৯৭১ ৰ বিষয়টো কি হ’ব? সাংবাদিকজনৰ প্ৰশ্ন।

হিমন্ত: মোৰ ক’বলগীয়া বহুত আছে। মই উত্তৰদায়ী নহয়, আমি মানুহৰ আগত কৈ লৈছো যে আমি এনেকুৱা কৰিম, তাৰ পাছতো আমাক মানুহে ভোট দিছে।

সাংবাদিক : আপুনি আগৰ পৰাই ‘কা’ ৰ সমৰ্থন কৰি আছে…..

হিমন্ত : দত্ত চাহেব শুনক অসম চুক্তি কৰোতে কোনেও অসমবাসীক সুধি লোৱা নাছিল। কিন্তু কা কৰাৰ আগতে বিজেপিয়ে মানুহক সুধি লৈছিল।

সাংবাদিক : এখন চৰকাৰে এটা সিদ্ধান্ত দিয়াৰ পাছত আন এখন চৰকাৰে ভংগ কৰিব নোৱাৰে নহয়।

হিমন্ত : চাওঁক সাংবাদিক কেতিয়াও এক্টিভিষ্ট নহয়। সংবাদমেলত যেতিয়া ষ্টেণ্ড এটা লৈ লয় তেতিয়া ক’বলগীয়া কথা একোৱেই নথকা হৈ যাব। আপুনি মোক ১০ টা প্ৰশ্ন কৰক মই উত্তৰ দিম। কিন্তু আপোনাৰ লগত মই যুক্তি-তৰ্ক কিয় কৰিম? যুক্তি তৰ্ক মই বিধান সভাত কৰিম। আপোনাৰ লগত যদি যুক্তি তৰ্ক কৰি থাকো বেয়া দেখি নহয়, অতিথিক মাতি এনেকুৱা কৰিলে। বিতৰ্কৰ ঠাই বিধান সভা, আপোনাৰ মই প্ৰশ্নৰ উত্তৰ দিম। অসম চুক্তি কৰোতে ৭১ কৰোঁতে কোনে কাক সুধি লৈছিল? মোক আপোনাক সুধিছিল নেকি?

সাংবাদিক : আগৰ এখন চুক্তি থাকোতে চৰকাৰে কাক সুধিলে?

হিমন্ত : মই নাজানো, আপুনি প্ৰতিদিনৰ দৰে এখন ডাঙৰ কাকতৰ সাংবাদিক। আপুনি যদি কয় ৮৫৫ জন চহিদৰ মৃত্যুৰ পাছত এখন চুক্তি কৰিলে কাকো সুধি ল’ব নালাগে, মোৰটো উত্তৰ নাই।

সাংবাদিক: মই সেইটো কোৱা নাই। কেন্দ্ৰীয় চৰকাৰে এখন চুক্তি থকা বুলি নাজানিছিল নেকি? কিয় সংসদত সকলো দলে এই চুক্তিখন মানি ল’লে?

হিমন্ত: ‘আপুনি প্ৰিভিলাইজত পৰিব। এজন সাংসদৰ প্ৰশ্ন আপুনি কেনেকৈ কৰিব? ভাৰতীয় সংবিধানত লিখা আছে যে সংসদত আইন পাছ কৰে। সাংবাদিকেটো আইন পাছ নকৰে? আপোনাৰ যদি আৱেগ আছে আপুনি কেবৰ(কা) ৰ ওপৰত প্ৰশ্ন নকৰিব। আপুনি এটা পাৰ্টী হৈ গ’লে তেতিয়া প্ৰশ্ন কৰিব নোৱাৰে।

সাংবাদিক: ‘আমি ৰাইজৰ হৈয়ে কথা কৈছো।

হিমন্ত: ‘সাংবাদিকে ৰাইজৰ হৈ কথা নকয়। কাৰণ ৰাইজ বুলি কোৱাৰ লগে লগে নিৰ্বাচন এটা হ’ব লাগিব যে ৰাইজ কোন? সাংবাদিকে বস্তুনিষ্ঠ প্ৰশ্ন কৰে। মই বিনম্ৰতাৰে কৈছো আপুনি প্ৰশ্ন সুধোতে আপুনি বিষয়টো অধ্যয়ন কৰি অহা নাই। নহ’লে নীতি-নিয়মৰ কথাটো নোহোৱা কৰি নিদিয়ে। কালি আমেৰিকা যুক্তৰাষ্ট্ৰত যেতিয়া ট্ৰাম্পক প্ৰশ্ন কৰি থাকে তেতিয়া ১,২,৩ কৈ প্ৰশ্ন কৰে। কাৰণ তাৰ সাংবাদিকৰ আৱেগ নাথাকে। সাংবাদিকৰ নিজৰ আৱেগ থাকিলে তেতিয়া প্ৰশ্নৰ উত্তৰ কেনেকৈ দিম?

সাংবাদিক: ‘আপোনালোকে কিয় ইমান শুদ্ধ বুলি ভাবিছে?

আপুনি গোটেই সাংবাদিক মেলখন কিয় আপোনাৰ আৰু মোৰ বিতৰ্কৰ মাজলৈ টানি নিছে? আলোচনাবোৰ ব্যক্তিগত পৰ্য্যায়ত নিনিব।

সাংবাদিক : ব্যক্তিগত বুলি কিয় কয়?

হিমন্ত : আপুনি চাওঁক কিমান মানুহ মনে মনে আছে আপুনি মোৰ লগত কথা পাতি আছে। আৱেগিকভাৱে কথাবোৰ কিয় কৈ আছে।

সাংবাদিক : মই আৱেগিকভাৱে কোৱা নাই। মই কথাবোৰ লিখিম হে। আপুনি ভুল ধাৰণা লৈছে।

হিমন্ত : মই আপোনাক বিনম্ৰতাৰে কৈছো কাইলৈৰ পৰা মই সম্পাদককো কৈ দিম যদি মোৰ সংবাদমেলত তৰ্ক কৰিবলৈ আহে কাইণ্ডলি নাহিব। তৰ্ক কৰাৰ বাবে মই সংবাদমেল নাপাতো। মই আপোনাৰ সম্পাদকক লিখি দিম যদি আপুনি মোৰ ইয়াত প্ৰশ্ন সোধে মাজ ৰাতিলৈকে মই প্ৰশ্নৰ উত্তৰ দিম। মোৰ প্ৰেছ কনফাৰেঞ্চত এনেকুৱা নকৰিব, ভাল নালাগে। মোৰো ৫০ বছৰ হৈছে, আপোনাৰো বয়স হৈছে।

উল্লেখ কৰিব পাৰি যে, কোনো জন-প্ৰতিনিধি বা সংবাদমেল দিওঁতা কোনো লোকৰ কথাবোৰ স্পষ্ট নহ’লে সাংবাদিকে প্ৰশ্ন সোধাটো স্বাভাৱিক। জ্যেষ্ঠ সাংবাদিকজনে সেই ধৰ্ম পালন কৰিয়েই প্ৰশ্ন কৰিছিল যদিও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে মন্তব্য কৰি বিষয়টোক অইনফালে লৈ যোৱা দেখা যায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

June 14, 2026 8:13 pm
বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

June 14, 2026 7:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd