• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিজেপি নেতা সত্যৰঞ্জন বৰাৰ চৰম মুছলমান বিদ্বেষী মন্তব্য

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 10, 2020 7:34 am
Satyaranjan Borah

ফটোও : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ইছলাম আৰু কুৰআনৰ কলংকিত কথাবোৰ’ শীৰ্ষক গ্ৰন্থৰে কিছুদিন পূৰ্বে অধিক বিতৰ্কৰ মাজত সোমাই পৰা বিতৰ্কিত বিজেপি নেতা সত্যৰঞ্জন বৰাই পুনৰবাৰ ইছলাম ধৰ্মক লৈ কৰিছে বহু বিস্ফোৰক তথা বিতৰ্কিত মন্তব্য।

ইছলামিক সাহিত্য সভাক সমালোচনা কৰিবলৈ গৈ বৃহস্পতিবাৰে দিচপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি বিশ্বৰ সকলো মুছলমান সম্প্ৰদায়ৰ লোককে আক্ৰমণৰ লক্ষ্য কৰি লয়।

Apply Now

মুছলমান সম্প্ৰদায়ৰ প্ৰতি বিদ্বেষমূলক ভাৱ প্ৰকাশ কৰিবলৈ গৈ বৰাৰ সংবাদমেলত মন্তব্য ‘মানৱ অধিকাৰ প্ৰস্তুত কৰিবলৈ হ’লে বিশ্বৰ বুকুৰ পৰা কোৰাণ আৰু ইছলাম নামৰ ষড়যন্ত্ৰকাৰী ধৰ্ম শেষ কৰিব লাগিব। এখন ঘৰত ১০-১২ টা ল’ৰা-ছোৱালী থাকিলে মানৱাধিকাৰ ক’ত থাকিল? তেওঁলোকে সুস্থ অৱস্থাত থাকিব পাৰিব নে খাব পাৰিব?

তেওঁ লগতে ইছলাম ধৰ্ম আৰু তেওঁলোকৰ পবিত্ৰ গ্ৰন্থ কোৰাণক সমালোচনা কৰি কয় ‘বিশ্বত ইছলাম আৰু কোৰাণ নামৰ শব্দ দুটা থাকিব তেতিয়ালৈকে মানৱ অধিকাৰৰ নামত চিঞৰ বাখৰ কৰি থাকি একো লাভ নহ’ব। ইছলাম আৰু কোৰাণেই মানৱ অধিকাৰ হত্যা কৰিছে।‘

বৰাৰ মতে ‘হত্যা, হিংসা আৰু সন্ত্ৰাসবাদ কোৰাণৰ মূল বিষয়বস্তু। হত্যা হিংসা অবিহনে ইছলাম কেতিয়াও সম্পূৰ্ণ হ’ব নোৱাৰে।‘

ইপিনে, বৃহস্পতিবাৰৰ সংবাদমেলতে দা ৰিলিজিঅন অফ পিছ.কমত প্ৰকাশিত এক তথ্য দাঙি ধৰি বৰাই কয় ‘২৭ ডিচেম্বৰ ২০১৯ ৰ পৰা ৩ জানুৱাৰী ২০২০ লৈকে ইছলামিক সন্ত্ৰাসবাদৰ ফালৰ পৰা ২৮ টা আক্ৰমণ হৈছে। তাত মৃত্যু হৈছে ২৮৫ গৰাকী, আঘাতপ্ৰাপ্ত হৈছে ১৯০ গৰাকী ছুইছাইড বোমা বিস্ফোৰণ ১ টা আৰু ১৪ খন দেশত হৈছে এই আক্ৰমণসমূহ।‘

‘পোষ্ট কাৰ্ড নিউজৰ তথ্য অনুসৰি ২০১৬-১৮ বৰ্ষত ৮৪,৩৭৪ টা ধৰ্ষণ কাণ্ড সংঘটিত হৈছে। ইয়াৰে মুছলমান ধৰ্ষণকাৰীৰ সংখ্যা ৮১ হাজাৰ।‘ বৰাই লগতে কয়।

তদুপৰি ‘আমি অসমখন আফগানিস্তান, পাকিস্তান হোৱাটো বিচাৰো নেকি?’ এইদৰে প্ৰশ্ন কৰি বৰাই লগতে কয় ‘যদি নিবিচাৰো ইছলামৰ ষড়যন্ত্ৰ বুজাটো দৰকাৰ।‘

উক্ত সংবাদমেলত ইছলামীক সাহিত্য সভাক সমালোচনা কৰি তেওঁ কয় ‘আকৌ ধৰ্মৰ নামত সাহিত্য সভা। ভাষা-কলা সংস্কৃতি সাম্প্ৰদায়িক হ’ব পাৰে নেকি? সাহিত্য সংস্কৃতি সম্প্ৰদায় আৰু ধৰ্মৰ ওপৰত। কিয় তেওঁলোকক ইছলামীক সাহিত্য সভাৰ প্ৰয়োজন হ’ল? তেওঁলোকে অসম সাহিত্য সভাৰ লগত সংগ দিব নোৱাৰিলে কিয়?’

বৰাৰ মতে ‘ইছলামিক সাহিত্য সভা ভংগ কৰিব বুলি ওলোৱা খবৰ মিছা। তেওঁলোকে নলবাৰীৰ আদাবাৰীত হ’বলগীয়া ইছলামিক সাহিত্য সভাখনহে ভংগ কৰিছে ইছলামিক সাহিত্য সভা ভংগ কৰা নাই।‘

‘ইছলামিক লোকসকলে এটা সীমাৰ ভিতৰত আৱদ্ধ হৈ থাকে। বিশেষত্ব বিচাৰি নোপোৱাসকলে চিঞৰ-বাখৰ কৰি থাকে। বিশেষত্ব পালে এখন দেশ পাকিস্তান, এখন দেশ লিবিয়া আৰু এখন দেশ চিৰিয়া হয়।‘ সংবাদমেলত বৰাৰ মন্তব্য।

তদুপৰি, ‘আৰব নিজে ইছলামিক দেশ নাছিল,’ বুলি মন্তব্য কৰি বৰাই কয় ‘কিন্তু হজৰত মহম্মদে ধৰ্ম প্ৰচাৰ কৰিবলৈ গৈ আৰবক ইছলামিক দেশ বনালে।‘

তেওঁ আৰু কয় ‘মুছলমানে সাংঘাটিক মিছা কথা কয়। কোৰাণৰ ১১৬ চুড়াৰ ১০৬ নং আয়তত উল্লেখ আছে মুছলমানে নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ মিছা কথা কয়।‘

ইপিনে, মুছলমান মহিলাই পৰিধান কৰা বোৰ্খাক লৈ মন্তব্য কৰি তেওঁ কয় ‘মুছলমান মহিলাই বোৰ্খা পিন্ধাৰ কাৰণ হ’ল মুছলমানসকলে মহিলাক পিশাছ বুলি ভাৱে। সেয়েহে মুখ চাব নাপায় বাবে বোৰ্খাৰে মুখখন ঢাকি থৈ দিয়ে।‘

ইপিনে, ইছলামিক সাহিত্য সভাৰ সমান্তৰালকৈ গঠন হোৱা হিন্দু সাহিত্য সভা সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় ‘হিন্দু সাহিত্য সভাৰ প্ৰাসংগিকতা আছে বুলি নাভাৱো। যি হিন্দু সাহিত্য সভা খুলিছে তেওঁলোক দিনত টিকা লোৱা ৰাতি ব্যভিচাৰ কৰা হিন্দু। ইছলাম সাহিত্য সভা কৰা দেখি হিন্দু সাহিত্য সভা গঠন কৰাটো শুদ্ধ পদ্ধতি নহয়।‘

আছুক সমালোচনা কৰি বৰাই সংবাদমেলত কয় ‘আমছুক জন্ম দিয়াৰ আঁৰত আছু নাই জানো? সদৌ অসম ছাত্ৰ সন্থা থকাৰ পাছত মৰাণ মটক, আমছু আক্ৰাছু কিয় জন্ম হ’বলগীয়া হ’ল? আছুৱে খিলঞ্জীয়া ছাত্ৰ সন্থাক একত্ৰিত কৰি নাৰাখিলে কিয়?’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

June 14, 2026 8:13 pm
বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

June 14, 2026 7:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd