গুৱাহটী মহানগৰীত যানজঁটৰ সমস্যা দূৰ কৰাৰ লগতে যাত্ৰীৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী উচ্চ ন্যায়ালয়ে মহানগৰৰ চিটিবাছ সমূহৰ ক্ষেত্ৰত কেতবোৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে।
মুখ্য ন্যায়াধীশ অজয় লাম্বা আৰু ন্যায়াধীশ সৌমিত্র শইকীয়াৰ দুজনীয়া খণ্ড বিচাৰপীঠে চিটিবাছৰ যাত্ৰী সমূহৰ সুৰক্ষাৰ বাবে বাছসমূহত দৰ্জা লগোৱাটো বাধ্যতামূলক কৰাৰ লগতে দর্জা নথকা বাছৰ চলাচল এমাহৰ বাবে বন্ধ কৰিবলৈ পৰিবহণ বিভাগক নিৰ্দেশ দিয়ে।
পৰিবহণ বিভাগৰ আয়ুক্ত সচিবলৈ দিয়া নির্দেশনাটোৰ মতে অহা ডেৰ মাহৰ ভিতৰত চিটিবাছসমূহত জিপিএছ সংস্থাপন কৰাৰ লগতে যাত্রীয়ে দেখাকৈ প্রতিখন বাছৰ আগফালে–পিছফালে আৰু বাঁওফালে চলাচলৰ অনুমতি নম্বৰ, পথ নম্বৰ লিখি ফলক আঁৰিব লাগিব৷
ইয়াৰ উপৰি যান–বাহন আইন উলংঘা কৰা বাহনসমূহ চিনাক্ত কৰাৰ বাবে মহানগৰীৰ বিভিন্ন স্থানত চিচি টিভি কেমেৰা স্থাপন কৰিব লাগিব। এই কাম ৩মাহৰ ভিতৰত সম্পূর্ণ কৰিবলৈ নির্দেশনাটোত কোৱা হয়।
ৰীতা দাস মজুমদাৰ নামৰ এগৰকী অধিক্তাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজনিত আৱেদনৰ শুনানি গ্রহণ কৰি দিয়া নিৰ্দেশনাটোৰ মতে জালুকবাৰীৰ ৰ’টাৰী পইণ্টত বাছ আস্থান থাকিব নোৱাৰিব।
ইয়াৰ উপৰি জালুকবাৰীৰ ৰ’টাৰীত থকা পথৰ ব্যৱয়াসীসকলক উক্ত স্থানৰ পৰা উচ্ছেদ কৰিবলৈ ন্যায়ালয়ে জিএমচি আৰু পিডব্লিউডিক নির্দেশ দিয়ে।
আনহাতে মহানগৰীৰ বাছ আস্থানসমূহ বিজ্ঞানসন্মতভাৱে নির্মাণ কৰিবলৈ অহা ৩ সপ্তাহৰ ভিতৰত সম্পূর্ণ হোৱাকৈ এক জৰীপ চলাবলৈ ন্যায়ালয়ে নিৰ্দেশ দিয়ে। ৩ ফেব্রুৱাৰীৰ ভিতৰত সংশ্লিষ্ট বিভাগে ন্যায়ালয়ক নির্দেশসমূহ কার্যকৰী কৰাৰ প্রতিবেদন দাখিল কৰিব লাগিব।