• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় : চৰকাৰী কৰ্মচাৰীয়ে ছ’চিয়েল মিডিয়াত মুক্তভাৱে পোষ্ট দিব পাৰিব

"চৰকাৰী কৰ্মচাৰীয়ে ৰাজনৈতিক সভাত অংশগ্ৰহণ কৰিব পাৰিব আৰু মুক্তভাৱে ছ’চিয়েল মিডিয়াত পোষ্ট কৰিব পাৰিব"

এন ই নাও নিউজ by এন ই নাও নিউজ
January 12, 2020 9:44 pm
Right to Speech
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা গুৰুত্বপূৰ্ণ ৰায়ত ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে কৈছে যে চৰকাৰী কৰ্মচাৰীয়েও সভা-সমিতিকে ধৰি ৰাজনৈতিক কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব আৰু মুক্তভাৱে ছ’চিয়েল মিডিয়াত পোষ্ট কৰিব পাৰিব।

মুখ্য ন্যায়াধীশ এ কুৰেশীয়ে অৱসৰপ্ৰাপ্ত এজন কৰ্মচাৰীৰ বিৰুদ্ধে চৰকাৰে চলোৱা তদন্তক নাকচ কৰি ১০ জানুৱাৰিত এই গুৰুত্বপূৰ্ণ ৰায়টো দিয়ে, যিটো অসমৰ বাবেও এটা ভাল দৃষ্টান্ত হ’ব পাৰে।

Apply Now

অসম চৰকাৰেও CAA-বিৰোধী আন্দোলনৰ প্ৰবলতা ভেটা দিয়াৰ নামত চৰকাৰী কৰ্মচাৰীসকলৰ বাক স্বাধীনতা খৰ্ব কৰি ছ’চিয়েল মিডিয়াত চৰকাৰক সমালোচনা কৰিব নোৱাৰিব বুলি জাননী জাৰি কৰিছে।

অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে ৩০ ডিচেম্বৰত এখন জাননীযোগে শিক্ষকসকলক ছ’চিয়েল মিডিয়াত মত প্ৰকাশ কৰাৰ স্বাধীনতা হৰণ কৰিছিল। ইয়াৰ পূৰ্বে ২৪ ডিচেম্বৰত প্ৰাথমিক শিক্ষা সঞ্চালকালয়েও অনুৰূপ জাননী জাৰি কৰিছিল।

উচ্চ শিক্ষা সঞ্চালকালয়ৰ জাননীখনত কোৱা হৈছে- “যদি চৰকাৰী কৰ্মচাৰীক চৰকাৰক সমালোচনা কৰা দেখা যায়, তেওঁক অসম অসামৰিক সেৱা (আচৰণ) বিধি, ১৯৬৫-ৰ নিয়ম ৩ আৰু ৭-ৰ উলংঘা কৰা বুলি ধৰা হ’ব, পৰিণামত যিটোৱে অসম সেৱা (অনুশাসন আৰু আৱেদন) বিধি ১৯৬৪-ৰ যথোপযুক্ত ব্যৱস্থাবোৰক মাতি আনিব”।

ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ৰায়টো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাবে আদৰ্শ হ’ব পাৰে বা ইয়াক উল্লেখেৰে অসমৰ ভুক্তভোগী কৰ্মচাৰীয়ে ন্যায়ালয়ৰ কাষ চাপিব পাৰে।

ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে ৰায়টোত কৈছে যে চৰকাৰী কৰ্মচাৰীয়ে সভা-সমিতিকে ধৰি ৰাজনৈতিক কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব আৰু মুক্তভাৱে ছ’চিয়েল মিডিয়াত পোষ্ট কৰিব পাৰিব আৰু সেই কাৰ্য্যই সদৌ ভাৰত সেৱা (আচৰণ) বিধিৰ ৫ নং নিয়মৰ অধীনত কোনো শাস্তিমূলক ব্যৱস্থা আহ্বান নকৰে।

মুখ্য ন্যায়াধীশে কয়, ৰাজনৈতিক সভাত উপস্থিত থকা মানে ৰাজনীতিত জড়িত হোৱাটো নুবুজায় আৰু চৰকাৰী কৰ্মচাৰীসকলৰ তেওঁলোকৰ দৃষ্টিভংগি ছ’চিয়েল মিডিয়াত দাঙি ধৰাৰ স্বাধীনতা থাকিব লাগিব।

লগতে পঢ়ক লোভনে কাম নিদিয়াত কণ্ঠ ৰুদ্ধ কৰাৰ পন্থা! চৰকাৰক সমালোচনা নকৰিবলৈ কৰ্মচাৰীক সকীয়নি উচ্চ শিক্ষা সঞ্চালকালয়ৰ

ত্ৰিপুৰা বিজেপি চৰকাৰৰ দ্বাৰা লিপিকা পাল নামৰ এগৰাকী কৰ্মচাৰীক ২০১৮ চনৰ ২৫ এপ্ৰিলত অৱসৰলৈ দুটামান দিন বাকী থকা অৱস্থাত বৰ্খাস্ত কৰা হৈছিল। ২০১৭ চনত এটা ৰাজনৈতিক কাৰ্য্যসূচীত উপস্থিত থকা আৰু ছ’চিয়েল মিডিয়াত বিজেপি বিৰোধী পোষ্ট দিয়াৰ অভিযোগ অনা হৈছিল কৰ্মচাৰীগৰাকীৰ বিৰুদ্ধে।

ৰায়টোত কোৱা হয় যে ছ’চিয়েল মিডিয়া পোষ্টটোৱে গোচৰীয়াজনৰ বিশ্বাসহে প্ৰকাশ কৰিছিল।

“নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলবোৰে আৰু নেতাবোৰে আৰু প্ৰাৰ্থীসকলে সমাৱেশৰ আয়োজন কৰে আৰু ৰাজহুৱা সভা সম্বোধন কৰে। আনকি কেতিয়াবা ৰাজনৈতিক দল এটাৰ এজন বিৰোধী লোক বা সমালোচকো জনসভাত উপস্থিত থাকিব পাৰে। গতিকে কেৱল উপস্থিতিয়েই তেওঁ তেনে জনসভাত অংশ লোৱাটো নুবুজায়”, আদালতে কয়।

আনহাতে লিপিকা পালে দিয়া ছ’চিয়েল মিডিয়া পোষ্টটো সম্বন্ধে কোৱা হয়, “আলোচ্য পোষ্টটোৱে কোনো ৰাজনৈতিক দলৰ পক্ষে বা বিপক্ষে প্ৰচাৰ কৰাটো দেখুওৱা নাই। ই কেৱল গোচৰীয়াৰ (লিপিকা পাল)ৰ নিৰ্দিষ্ট বিশ্বাসৰ প্ৰকাশ ঘটাইছে। এজন চৰকাৰী কৰ্মচাৰী হোৱা বাবেই গোচৰীয়াগৰাকীয়ে তেওঁৰ মৌলিক অধিকাৰ বাক স্বাধীনতা হেৰুৱাই নেপেলায়, যিটো কেৱল বৈধ আইন এখনৰ দ্বাৰাহে সীমিত কৰিব পাৰি।”

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm
প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd