• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় : চৰকাৰী কৰ্মচাৰীয়ে ছ’চিয়েল মিডিয়াত মুক্তভাৱে পোষ্ট দিব পাৰিব

"চৰকাৰী কৰ্মচাৰীয়ে ৰাজনৈতিক সভাত অংশগ্ৰহণ কৰিব পাৰিব আৰু মুক্তভাৱে ছ’চিয়েল মিডিয়াত পোষ্ট কৰিব পাৰিব"

এন ই নাও নিউজ by এন ই নাও নিউজ
January 12, 2020 9:44 pm
Right to Speech
5.7k
VIEWS
Share on FacebookShare on Twitter

এটা গুৰুত্বপূৰ্ণ ৰায়ত ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে কৈছে যে চৰকাৰী কৰ্মচাৰীয়েও সভা-সমিতিকে ধৰি ৰাজনৈতিক কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব আৰু মুক্তভাৱে ছ’চিয়েল মিডিয়াত পোষ্ট কৰিব পাৰিব।

মুখ্য ন্যায়াধীশ এ কুৰেশীয়ে অৱসৰপ্ৰাপ্ত এজন কৰ্মচাৰীৰ বিৰুদ্ধে চৰকাৰে চলোৱা তদন্তক নাকচ কৰি ১০ জানুৱাৰিত এই গুৰুত্বপূৰ্ণ ৰায়টো দিয়ে, যিটো অসমৰ বাবেও এটা ভাল দৃষ্টান্ত হ’ব পাৰে।

অসম চৰকাৰেও CAA-বিৰোধী আন্দোলনৰ প্ৰবলতা ভেটা দিয়াৰ নামত চৰকাৰী কৰ্মচাৰীসকলৰ বাক স্বাধীনতা খৰ্ব কৰি ছ’চিয়েল মিডিয়াত চৰকাৰক সমালোচনা কৰিব নোৱাৰিব বুলি জাননী জাৰি কৰিছে।

অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে ৩০ ডিচেম্বৰত এখন জাননীযোগে শিক্ষকসকলক ছ’চিয়েল মিডিয়াত মত প্ৰকাশ কৰাৰ স্বাধীনতা হৰণ কৰিছিল। ইয়াৰ পূৰ্বে ২৪ ডিচেম্বৰত প্ৰাথমিক শিক্ষা সঞ্চালকালয়েও অনুৰূপ জাননী জাৰি কৰিছিল।

উচ্চ শিক্ষা সঞ্চালকালয়ৰ জাননীখনত কোৱা হৈছে- “যদি চৰকাৰী কৰ্মচাৰীক চৰকাৰক সমালোচনা কৰা দেখা যায়, তেওঁক অসম অসামৰিক সেৱা (আচৰণ) বিধি, ১৯৬৫-ৰ নিয়ম ৩ আৰু ৭-ৰ উলংঘা কৰা বুলি ধৰা হ’ব, পৰিণামত যিটোৱে অসম সেৱা (অনুশাসন আৰু আৱেদন) বিধি ১৯৬৪-ৰ যথোপযুক্ত ব্যৱস্থাবোৰক মাতি আনিব”।

ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ৰায়টো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাবে আদৰ্শ হ’ব পাৰে বা ইয়াক উল্লেখেৰে অসমৰ ভুক্তভোগী কৰ্মচাৰীয়ে ন্যায়ালয়ৰ কাষ চাপিব পাৰে।

ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে ৰায়টোত কৈছে যে চৰকাৰী কৰ্মচাৰীয়ে সভা-সমিতিকে ধৰি ৰাজনৈতিক কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব আৰু মুক্তভাৱে ছ’চিয়েল মিডিয়াত পোষ্ট কৰিব পাৰিব আৰু সেই কাৰ্য্যই সদৌ ভাৰত সেৱা (আচৰণ) বিধিৰ ৫ নং নিয়মৰ অধীনত কোনো শাস্তিমূলক ব্যৱস্থা আহ্বান নকৰে।

মুখ্য ন্যায়াধীশে কয়, ৰাজনৈতিক সভাত উপস্থিত থকা মানে ৰাজনীতিত জড়িত হোৱাটো নুবুজায় আৰু চৰকাৰী কৰ্মচাৰীসকলৰ তেওঁলোকৰ দৃষ্টিভংগি ছ’চিয়েল মিডিয়াত দাঙি ধৰাৰ স্বাধীনতা থাকিব লাগিব।

লগতে পঢ়ক লোভনে কাম নিদিয়াত কণ্ঠ ৰুদ্ধ কৰাৰ পন্থা! চৰকাৰক সমালোচনা নকৰিবলৈ কৰ্মচাৰীক সকীয়নি উচ্চ শিক্ষা সঞ্চালকালয়ৰ

ত্ৰিপুৰা বিজেপি চৰকাৰৰ দ্বাৰা লিপিকা পাল নামৰ এগৰাকী কৰ্মচাৰীক ২০১৮ চনৰ ২৫ এপ্ৰিলত অৱসৰলৈ দুটামান দিন বাকী থকা অৱস্থাত বৰ্খাস্ত কৰা হৈছিল। ২০১৭ চনত এটা ৰাজনৈতিক কাৰ্য্যসূচীত উপস্থিত থকা আৰু ছ’চিয়েল মিডিয়াত বিজেপি বিৰোধী পোষ্ট দিয়াৰ অভিযোগ অনা হৈছিল কৰ্মচাৰীগৰাকীৰ বিৰুদ্ধে।

ৰায়টোত কোৱা হয় যে ছ’চিয়েল মিডিয়া পোষ্টটোৱে গোচৰীয়াজনৰ বিশ্বাসহে প্ৰকাশ কৰিছিল।

“নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলবোৰে আৰু নেতাবোৰে আৰু প্ৰাৰ্থীসকলে সমাৱেশৰ আয়োজন কৰে আৰু ৰাজহুৱা সভা সম্বোধন কৰে। আনকি কেতিয়াবা ৰাজনৈতিক দল এটাৰ এজন বিৰোধী লোক বা সমালোচকো জনসভাত উপস্থিত থাকিব পাৰে। গতিকে কেৱল উপস্থিতিয়েই তেওঁ তেনে জনসভাত অংশ লোৱাটো নুবুজায়”, আদালতে কয়।

আনহাতে লিপিকা পালে দিয়া ছ’চিয়েল মিডিয়া পোষ্টটো সম্বন্ধে কোৱা হয়, “আলোচ্য পোষ্টটোৱে কোনো ৰাজনৈতিক দলৰ পক্ষে বা বিপক্ষে প্ৰচাৰ কৰাটো দেখুওৱা নাই। ই কেৱল গোচৰীয়াৰ (লিপিকা পাল)ৰ নিৰ্দিষ্ট বিশ্বাসৰ প্ৰকাশ ঘটাইছে। এজন চৰকাৰী কৰ্মচাৰী হোৱা বাবেই গোচৰীয়াগৰাকীয়ে তেওঁৰ মৌলিক অধিকাৰ বাক স্বাধীনতা হেৰুৱাই নেপেলায়, যিটো কেৱল বৈধ আইন এখনৰ দ্বাৰাহে সীমিত কৰিব পাৰি।”

Recent News

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd