• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ত্ৰিপুৰা-বাংলাদেশ সীমান্তৰে ভাৰতত অনুপ্ৰৱেশ কৰা ৯জন বাংলাদেশীক আটক

এন ই নাও নিউজ by এন ই নাও নিউজ
February 10, 2020 7:39 pm
Tripura Simna area

বাংলাদেশী নাগৰিককেইজন অনুপ্ৰৱেশ কৰা স্থানডোখৰ।

507
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰা-বাংলাদেশ সীমান্তৰ সীমনাত আজি ভাৰতত অনুপ্ৰৱেশ কৰা ৯জন বাংলাদেশী নাগৰিকক আটক কৰা হয়।

সীমনা পশ্চিম ত্ৰিপুৰাৰ জিলাৰ অন্তৰ্গত আৰু আগৰতলাৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰত অৱস্থিত।

অনুপ্ৰৱেশকাৰীকেইজনৰ মাজৰ ৩জন পুৰুষ, ৪গৰাকী মহিলা আৰু দুটি শিশু।

নামকেইটা ক্ৰমে বকুল দাস (৩০), পুতুল দাস (৭৫), অনিল দাস (৭০), ৰঞ্জন দাস (৪৪), ৰনিকা দাস (৭), সুস্মিতা দাস (২০), শিৱা দাস (১) ৰিমা দাস (১৪), মিনু দাস (৪৫)।

আৰক্ষীয়ে জানিবলৈ দিয়ামতে, আটক কৰা লোককেইজনৰ হাতত কোনো বৈধ নথি-পত্ৰ নাছিল।

প্ৰথমে মতাই গাৱঁৰ গাওঁবাসীয়ে তেওঁলোকক আটক কৰে আৰু স্থানীয় আই পি এফ টিৰ বিধায়ক ব্ৰিছকেতু দেববাৰ্মাক জনায়। বিধায়কজনে আৰক্ষী আৰু বি এছ এফক অৱগত কৰে আৰু আৰক্ষী আহি আটাইকেইজনকে আটক কৰে।

বিধায়ক ব্ৰিছকেতু দেববাৰ্মাই জানিবলৈ দিয়ে যে যি অংশইদি অনুপ্ৰৱেশকাৰীকেইজন প্ৰৱেশ কৰিছিল, সেই অংশটো আচলতে ক’ভাৰ ড্ৰেইন (পানী যোৱা ঢাকনীযুক্ত নলা) তেওঁলোকে এই ক’ভাৰ ড্ৰেইনেৰে প্ৰৱেশ কৰিছিল। তাৰোপৰি তেওঁলোকে সীমান্ত পাৰ কৰি দিবৰ বাবে মধ্যস্থতাকাৰীৰ সহায় লৈছিল আৰু প্ৰতিজনৰ বাবদ ১০ হাজাৰকৈ টকা দিছিল।

বিধায়কজনে বি এছ এফে ভালদৰে পহৰা নিদিয়াৰো অভিযোগ আনে।

তেওঁ কয়, যোৱা কিছু দিন ধৰি সীমনা অংশইদি বাংলাদেশৰ নাগৰিক অবৈধভাৱে প্ৰৱেশ কৰিয়ে আছে।

আটাইকেইজন অনুপ্ৰৱেশকাৰীক বৰ্তমান সিধাই আৰক্ষী থানাত ৰখা হৈছে।

সিধাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই আটাইকেইজনেই বাংলাদেশী বুলি কোৱাৰ বিপৰীতে আটকাধীন লোককেইজনে কয়, যে তেওঁলোকৰ ৬জনহে বাংলাদেশৰ পৰা আহিছে, বাকী তিনিজন শিলচৰ, ত্ৰিপুৰা আৰু কলকাতাৰ পৰা আহিছে।

Recent News

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd