• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ভাষা-সাহিত্য

বিশ্ব ঐতিহ্যক্ষেত্ৰ সুন্দৰবন ভ্ৰমণৰ অনন্য অভিজ্ঞতা

কণিকা শৰ্মা by কণিকা শৰ্মা
February 22, 2020 5:56 pm
Sundarban

সুন্দৰবনৰ এখন স্থিৰ চিত্ৰ।

39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৃথিৱীৰ বিভিন্ন দেশ বিভিন্ন চহৰ ফুৰি-চাকি নিজৰ ঘৰৰ ওচৰত থকা ঠাইবিলাক যেন কেতিয়াবা অৱহেলা কৰা হয়। গুৱাহাটীত থকা দিনত বহুবাৰ কলকাতালৈ গৈছো যদিও সুন্দৰবন চাবলৈ সুযোগ পোৱা নাছিলো।  সেইবাবে এইবাৰ অক্টোবৰ মাহত গুৱাহাটীলৈ যাওতে ভাগিনী-ভতিজাৰ উৎসাহত সিহঁতৰ লগতে কলকাতালৈ গৈ সুন্দৰবন চাওঁ বুলি ঠিক কৰিলো। সেইমতেই আমাৰ ভতিজা জোঁৱাই অসীমে আমাৰ ভ্ৰমণৰ পৰিকল্পনাবোৰ কৰিলে। লগত আমাৰ নীলিমা বৌ, ভাগিনী স্মৃতিশ্ৰী, ভতিজা ছোৱালী ঋতুপৰ্ণা, কণমানি আয়ন আৰু অসীমৰে সৈতে আমি কলকাতা পালোগৈ।

পিছদিনা কলকাতাৰ পৰা এখন ছুমো গাড়ীত গৈ প্ৰায় তিনি ঘণ্টাৰ পাছত সুন্দৰবনলৈ যোৱা ঘাটত আমাৰ কাৰণে ৰৈ থকা নাওখনত উঠিলোগৈ।

Apply Now

এই নাওখনেৰে আমি আমাৰ ৰিজৰ্টলৈ গৈছিলো । কলকাতাৰ গৰমৰ পাছত নাওত থকা সময়খিনি বৰকৈ উপভোগ কৰিছিলো। তিনি ঘণ্টাৰ মূৰত আমি আমাৰ ৰিজৰ্টখন পাইছিলো । নতুনকৈ সজা আমাৰ ৰিজৰ্টখন বৰ ধুনীয়া আৰু পৰিপাটি আছিল । ৰিজৰ্টত নামি মুখ-হাত ধুই আমাৰ দুপৰীয়াৰ সাঁজ খোৱাৰ পাছত আমি আকৌ আমাৰ নাওখনত উঠি যাত্ৰা কৰিলো  সুন্দৰবনৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ।

সুন্দৰবন পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ দ্বীপপুঞ্জ। গঙ্গা, ব্ৰহ্মপুত্ৰ আৰু মেঘনা নদীৰ সংগমস্থলত য’ত পশ্চিমবংগৰ হুগলী আৰু বাংলাদেশৰ বালেশ্বৰ নদীৰ সুঁতিবোৰ লগ লাগি সুন্দৰবনৰ ব-দ্বীপ (Delta) গঢ়ি উঠিছে। সুন্দৰবনৰ Mangrove Forest পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ। সুন্দৰবনৰ বন্যপ্ৰাণী অভয়াৰণ্য য়ুনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ। গোটেই সুন্দৰবন ১ মিলিয়ন হেক্টৰ জোৰা- ইয়াৰ ষাঠি শতাংশ বাংলাদেশৰ অন্তভুক্ত, বাকী চল্লিচ শতাংশ ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত।

ৰামংগল নামৰ নদীখনে এই দুয়োখন দেশৰ সীমা নিৰ্ধাৰণ কৰিছে। সুন্দৰবনত চল্লিচবিধৰ পশু-পক্ষী, ২৬০ বিধ চৰাই-চিৰিকটি, ৩৫বিধ সৰীসৃপ আছে। আৰু আছে বিখ্যাত বেংগল টাইগাৰ। বনৰীয়া গাহৰি, ফুটুকী হৰিণ আৰু মাকাক বান্দৰো পোৱা যায়। মাজে মাজে বান্দৰ চাৰিওফালে জঁপিয়াই ফুৰা দেখিছিলো। ফুটুকী হৰিণ বা বেংগল টাইগাৰ দেখাৰ সৌভাগ্য নহ’ল। নদীৰ কাষত ঘঁৰিয়ালো চকুত পৰিছিল।

গধূলিৰ সময়ত বিভিন্ন ধৰণৰ চৰাই-চিৰিকটিৰ মাতত নিস্তব্ধতা ভাগি গৈছিল। গধূলি ঘুৰি আহি আমি যেতিয়া আকৌ ৰিজ’ৰ্ট পাইছিলো, আমাৰ বাবে ঝুমুৰ নাচৰ আয়োজন কৰা হৈছিল। আমিও আটায়ে ঝুমুৰ নাচৰ ভাগ লৈছিলো। ৰাতিৰ আহাৰত আমি সুন্দৰবনত পোৱা বিশেষ মাছ খালো।

পিছদিনা ৰাতিপুৱা আমি আকৌ আমাৰ বাবে ৰখা নাওখনতে উঠি সুন্দৰবনৰ পৰা উভতি আহিলো। আমাৰ সকলো খোৱা-বোৱাৰ ব্যৱস্থা নাওখনতে কৰা হৈছিল। আমি উভতি অহা সুঁতিটো বেলেগ ফালে অহা বাবে দিনটো বিভিন্ন প্ৰাকৃতিক দৃশ্য উপভোগ কৰিছিলো। ঠায়ে ঠায়ে নাৱৰ পৰা নামি আমি চৰকাৰে সংৰক্ষণ কৰা গছ-গছনি চাবলৈ যাওঁ।

চৰকাৰীভাৱে লোৱা ব্যৱস্থাবোৰ দেখি বৰু ভাল লাগিল।

এটা কথাতহে শংকা জাগিল- যিমানবোৰহে নতুন নতুন ৰিজ’ৰ্ট হৈছে, মানুহৰ সমাগম বেছি হৈ গ’লে পশু-পক্ষীবোৰ লোপ পাব পাৰে।

কণিকা শৰ্মা

কণিকা শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

September 26, 2026 2:45 pm
টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

September 26, 2026 2:17 pm
গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

September 26, 2026 2:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd