প্ৰথমে ধৰ্ষণ তাৰ পিছত কয়লাৰ চুলাত জ্বলাই হত্যা ১৪ বছৰীয়া কিশোৰীক
বুধবাৰে দুপৰীয়া পথাৰত গৰু চলাবলৈ গৈছিল ১৪ বছৰীয়া কিশোৰীগৰাকী । কিন্তু গৰু চৰাই ঘৰলৈ ঘূৰি নাহিল তাই। অৱশেষত কয়লাৰ চুলা এটাত উদ্ধাৰ হয় কিশোৰীৰ জ্বলি যোৱা মৃতদেহ।
ৰাজস্থানৰ ভিলৱাৰা জিলাৰ কোত্ৰী চহৰত সংঘটিত হৈছে এই ঘটনা। প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে ধৰ্ষণৰ পিছত তাইক জ্বলি থকা চুলাত পেলাই দিয়া হৈছিল। সমগ্ৰ অঞ্চলটোত এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা সৃষ্টি হৈছে। এই ঘটনাক লৈ ইতিমধ্যে আৰম্ভ হৈছে ৰাজনৈতিক অস্থিৰতা।
জানিব পৰা মতে বুধবাৰে বিয়লি পথাৰত গৰু চলাই ঘৰলৈ উভতি নাহিল ১৪ বছৰীয়া কিশোৰীগৰাকী। ৰাতি হোৱাৰ পিছত যেতিয়া ছোৱালীজনী ঘৰলৈ উভতি নাহিল তেতিয়া পৰিয়ালে তাইক বিচাৰিবলৈ আৰম্ভ কৰিলে। অৱশেষত গাঁৱৰ এঠাইত ছোৱালীজনীৰ হাতৰ ভঙা টুকুৰা এটা উদ্ধাৰ হয়। তাৰপিছত কয়লাৰ চুলাৰ ভিতৰত উদ্ধাৰ হয় কিশোৰীগৰাকীৰ মৃতদেহ।
অভিযোগ অনুসৰি দলবদ্ধ ধৰ্ষণৰ পিছত কিশোৰীগৰাকীক জলন্ত চুলালৈ দলিয়াই দিয়া হৈছিল। বহুতে অভিযোগ কৰে যে তালাচী চলালে সেই স্থানত আৰু অধিক মৃতদেহ উদ্ধাৰ হ’ব। ইতিমধ্যে সেই স্থানত উপস্থিত হৈছে ফৰেনছিক বিশেষজ্ঞ। সংগ্ৰহ কৰা হৈছে বিভিন্ন নমুনা। ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।