গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই বৃহস্পতিবাৰে স্বীকাৰ কৰে যে সমগ্ৰ মহানগৰীতে ক্ষুদ্ৰ ক্ষুদ্ৰ অপৰাধৰ সংখ্যা বৃদ্ধি পাইছে আৰু তেওঁ কয় যে চৰ অঞ্চলৰ পৰা গুৱাহাটীলৈ অহা লোকেই বেছিকৈ এই অপৰাধ সংঘটিত কৰে।
সংবাদমেলৰ সময়ত বৰাই কয়, “গুৱাহাটীত চেইন স্নেচিং আৰু চুৰিৰ ঘটনা বৃদ্ধি পাইছে। অৱশ্যে আৰক্ষী সক্ৰিয় হৈ পৰিছে আৰু এতিয়া এনে গোচৰ হ্ৰাস পাব।”
আজি গুৱাহাটীত দুটা মোবাইল চোৰে আৰক্ষীৰ জিম্মা পৰা পলায়ন কৰিবলৈ চেষ্টা কৰোঁতে আৰক্ষীৰ গুলীচালনাত আহত হয়।
” আৰক্ষীৰ অভিযানৰ সময়ত ধৰা পৰা ক্ষুদ্ৰ অপৰাধীৰ অধিকাংশই চৰ অঞ্চলৰ পৰা গুৱাহাটীলৈ আহি ইয়াত অপৰাধ সংঘটিত কৰা দেখা গৈছে।” সংবাদ মেলত দিগন্ত বৰাই এইদৰে কয়।





