NORTHEAST NOW (Assamese)

বন্ধুৰ ঘনিষ্ঠতা বাঢ়ি আহিল প্ৰেমিকাৰ লগত : বীয়েৰ খাবলৈ মাতি নি বন্ধুক হত্যা কৰিলে ১৫ বছৰীয়া কিশোৰে

July 13, 2024 11:00 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: July 13, 2024 10:04 am

নিজৰ প্ৰেমিকাৰ লগত ঘনিষ্ঠতা বাঢ়ি আহিছিল বন্ধুৰ। কিছুদিনৰ ধৰি নিজৰ বন্ধুৰ সৈতে কথা-বতৰা বাঢ়ি আহিছিল নিজৰ প্ৰেমিকাৰ। এই কথা সহজভাবে মানি ল’ব পৰা নাছিল ১৫ বছৰীয়া কিশোৰ প্ৰেমিকে।

এই খঙৰ ভমকতে নিজৰ বন্ধুক হত্যা কৰিলে ১৫ বছৰীয়া কিশোৰটিয়ে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী প্ৰেমিকক।

গুৰুগ্ৰামৰ ৪০ নং ছেক্টৰত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে ডেৰ বছৰ পূৰ্বে প্ৰেমিকৰ সম্পৰ্কলৈ আহিছিল ঘাতক প্ৰেমিক আৰু তেওঁৰ প্ৰেমিকা। দুয়োৰে মাজত সকলো ঠিকেই চলি আছিল। কিন্তু কিছুদিনৰ পৰা তৃতীয় ব্যক্তিৰ প্ৰৱেশ ঘটিল তেওঁলোকৰ সম্পৰ্কত। প্ৰেমিকৰ বন্ধুৱেই হৈ পৰিল সম্পৰ্কৰ মাজৰ কাঁইট। এই কথা সহ্য কৰিব নোৱাৰিলে প্ৰেমিকে।

পোতক লোৱাৰ চলেৰে বন্ধুক বীয়েৰ খাবলৈ মাতি আনিলে প্ৰেমিক কিশোৰে। ইয়াৰ পিছত সুযোগ লৈ তেওঁ বন্ধুক চোকা দাৰে ডিঙি কাটি হত্যা কৰে। ইয়াৰ পিছত তাৰ পৰা পলায়ন কৰে হত্যাকাৰী প্ৰেমিকে। পথত পৰি থকা কিশোৰজনৰ ৰক্তাক্ত মৃতদেহ দেখি অঞ্চলটোৰ এজন নিৰাপত্তাৰক্ষীয়ে আৰক্ষীক খবৰ দিয়ে।

এই ঘটনা সন্দৰ্ভত এচিপি বৰুণ দহিয়াই কয়, “মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে তদন্ত আৰম্ভ হৈছিল। অভিযুক্তক বিচাৰিবলৈ বিশেষ দল গঠন কৰা হয়। অভিযুক্ত নাবালকজনক কেইঘণ্টামানৰ ভিতৰতে গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষীৰ মতে, অভিযুক্তৰ বিৰুদ্ধে নাবালক আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

Related News