NORTHEAST NOW (Assamese)

অসম কৃষি বিশ্ববিদ্যালয়ত ‘ফ্ল’ৰ’ছেঞ্চ এণ্ড কনফোকেল মাইক্ৰস্ক’পি’ৰ ওপৰত কৰ্মশালা

December 21, 2018 8:18 pm · স্মিতা ভট্টাটাৰ্য
Updated: December 21, 2018 8:35 pm

অসম কৃষি বিশ্ববিদ্যালয়ৰ প্লেণ্ট বায়ল’জি বিভাগে ডিচেম্বৰৰ ১৯ আৰু ২০ তাৰিখে ‘ফ্ল’ৰ’ছেঞ্চ এণ্ড কনফোকেল মাইক্ৰস্ক’পি’ৰ ওপৰত এখন কৰ্মশালা অনষ্ঠিত হৈ যায়।  জাৰ্মান কোম্পানী লাইকা মাইক্ৰছিষ্টেমছে (Leica Microsystems) এই কৰ্মশালাখনৰ পৃষ্ঠপোষকতা কৰিছিল।

কৰ্মশালাৰ আয়োজক সম্পাদক আৰু বিজ্ঞানী প্ৰণব দত্তই কৈছে যে আইএএছএছটি, গুৱাহাটীৰ কাৰিকৰী বিষয়া আৰু তিনিখন মহাবিদ্যালয়ৰ ১৪টা বিভিন্ন বিভাগৰ ৪০ গৰাকী মনোনীত ফেকাল্টী, পিএইচ্চ ডি স্কলাৰ, প্ৰকল্প বিষয়াই এই কৰ্মশালাত যোগদান কৰিছে।

বিদায়ী অনুষ্ঠানত ভাষণ দি দত্তই কৈছে যে বিজ্ঞান আৰু ঔদ্যোগিক সম্প্ৰদায়ৰ মাজত ফ্ল’ৰ’ছেঞ্চ আৰু কনফোকেল মাইক্ৰস্ক’পিৰ যথেষ্ট ব্যৱহাৰ আছে। হৈছে লাইফ ছাইন্সেজ, ছেমিকণ্ডাক্টৰ ইনস্পেকশ্যন আৰু মেটেৰিয়াল ছাইন্সত ইয়াক সাধাৰণতে ইয়াৰ সাধাৰণ প্ৰয়োগ কৰালহৈ আহিছে।

দত্তই আৰু কৈছে যে এই জ্ঞানে কৃষি আৰু ইয়াৰ সহযোগী খণ্ডসমূহত চলি থকা গৱেষণাত প্ৰভূত সহায় কৰিব।

কৰ্মশালাত প্ৰদান কৰা ভাষণত ফ্ল’ৰ’ছেঞ্চ মাইক্ৰস্কপি আৰু ইয়াৰ প্ৰযোগ আৰু কনফোকেল মাইক্ৰস্কপি, ইয়াৰ প্ৰয়োগ, ছুপাৰ ৰিজল্যুশ্যন মাইক্ৰস্কপি প্ৰাথমিক ধাৰণা প্ৰদান কৰা হৈছিল।তাৰোপৰি, লাইকা টিচিএছ এছপিইৰ ব্যৱহাৰৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল।

লাইকা মাইক্ৰছিষ্টেমৰ এপ্লিকেশ্যন ছাইণ্টিষ্ট অনুপম বেনাৰ্জীয়ে কৰ্মশালা প্ৰশিক্ষক হিচাপে আছিল। উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল গৱেষণা সঞ্চালক (কৃষি) অশোক ভট্টাচাৰ্য, স্নাতকোত্তৰ অধ্যয়নৰ সঞ্চালক অজিত বৈশ্য আৰুআৰু প্লেণ্ট পেথলজি বিভাগৰ মুৰব্বী আৰু অধ্যাপক  ড০ এছ আলী।

Related News