সুউচ্চ অট্টালিকাৰ ১৩ নং মহলাৰ পৰা পোনে পোনে তললৈ পৰিল এটি দুবছৰীয়া শিশু। তললৈ পৰিলেও তাৰ প্ৰাণ ৰক্ষা পৰিল। কোনো গুৰুতৰ আঘাতো পোৱা নাই শিশুটিয়ে। সেয়া কেনেকৈ সম্ভৱ? চুবুৰীয়া ব্যক্তি এজনৰ প্ৰচেষ্টাতে শিশুটি ৰক্ষা পৰিল। চিচিটিভিৰ ফুটেজ বিয়পি পৰাত সকলোৰে চকু কপালত উঠিল। সকলোৱে সেই ব্যক্তিজনক প্ৰশংসাৰে উপচালে।
সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ থানে জিলাত। আৰক্ষীৰ সূত্ৰ অনুসৰি যোৱা সপ্তাহত ডম্বিভলী অঞ্চলৰ এটা এপাৰ্টমেন্টত সংঘটিত হৈছিল এই দুৰ্ঘটনা। ১৩ নং মহলাৰ এপাৰ্টমেণ্টৰ বেলকনিত খেলি আছিল দুবছৰীয়া শিশুটি। আপোনমনে সি অকলে খেলি আছিল। হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই বেলকনিৰ দাঁতিৰ পৰা বাগৰি পৰিল। কিছুসময় আবদ্ধ হৈ থকাৰ পিছত তললৈ সৰি পৰিল।
তলত এজন ব্যক্তি থিয় হৈ আছিল। তেওঁ সেই ফ্লেটটোতে থাকে। শিশুটি পৰি যোৱা দেখি তেওঁ খৰধৰকৈ দৌৰি আহিল। যদিও তেওঁ শিশুটিক সম্পূৰ্ণৰূপে ধৰিব পৰা নাছিল। কিন্তু তেওঁৰ বাবেই শিশুটি ১৩ মহলাৰ পৰা পোনে পোনে তলত নপৰিল। শিশুটি মাটিত পৰি যোৱাৰ আগতে ব্যক্তিজনৰ হাতত পৰি যায়। তাৰ পিছত হাতৰ পৰা পিছলি মাটিত পৰে। লগে লগে মানুহজনে তাক কোলাত তুলি লয়।
আৰক্ষীয়ে জনোৱা মতে, শিশুটি সামান্য আঘাতপ্ৰাপ্ত হৈছে। চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হৈছে। আনহাতে, চুবুৰীয়াৰ এই কাণ্ড চিচিটিভিৰ ফুটেজত বন্দী হৈছে। যিটো ছচিয়েল মিডিয়াতো বিয়পি পৰিছে। শিশুটিৰ জীৱন ৰক্ষা কৰাৰ বাবে সকলোৱে তেওঁক কৃতিত্ব দিছে।