• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিংসাজৰ্জৰ মণিপুৰত উপস্থিত ২১ জনীয়া ‘ইণ্ডিয়া’ৰ দল; ইম্ফলৰ পৰা হেলিকপ্টাৰেৰে যাব চুৰাচান্দপুৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 29, 2023 12:17 pm
6k
VIEWS
Share on FacebookShare on Twitter

হিংসা বিধ্বস্ত মণিপুৰৰ পৰিস্থিতিৰ বুজ ল’বলৈ শনিবাৰে গৈছে বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ সংসদ সদস্যসকল। লোকসভাৰ সৰ্ববৃহৎ বিৰোধী দল কংগ্ৰেছৰ নেতা অধীৰ চৌধুৰীৰ নেতৃত্বত এই প্ৰতিনিধি দলটোত আছে তৃণমূলৰ সুস্মিতা দেৱ, ডি এম কেৰ কানিমোঝি, চি পি এমৰ এ এ ৰহিম, জে ডি ইউৰ লালন সিং, আৰ জে ডিৰ মনোজ ঝা, জাভেদ আলী খান, শিৱসেনা (বালাচাহেব) অৰবিন্দ সাৱন্ত, আৰ এল ডিৰ জয়ন্ত চৌধুৰী, ভি চি কেৰ থাল থিৰুমালভানেৰ দৰে বিৰোধী মিত্ৰজোঁটৰ সাংসদসকল।

ইয়াৰ পূৰ্বে বিৰোধী দলৰ সাংসদসকলক শনিবাৰে ইম্ফলৰ পৰা চুৰাচান্দপুৰ শৰণাৰ্থী শিবিৰলৈ যাব বুলি জনোৱা হৈছিল। কিন্তু প্ৰশ্ন হৈছে এই উত্তপ্ত পৰিস্থিতিত ৰাজ্য চৰকাৰে সেইটো অনুমতি দিবনে? কাৰণ, তুলনামূলকভাৱে শান্ত পৰিস্থিতিতো ৰাহুল গান্ধীক পথেৰে তালৈ যাবলৈ বাধা দিয়া হৈছিল।

লগতে পঢ়ক: SCERT-ৰ ১০৫ কোটি টকীয়া কেলেংকাৰিৰ গোচৰত ১৪৩৩ পৃষ্ঠাৰ চাৰ্জ শ্বীট দাখিল

বিজেপি শাসিত মণিপুৰ চৰকাৰে অৱশ্যে কাকো বাধা দিয়া নাই বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে কয়, ‘’বিৰোধী মিত্ৰজোঁটৰ প্ৰতিনিধি আহি ৰাজ্যৰ পৰিস্থিতি চাই যাওক। গণতন্ত্ৰত কাকো বাধা দিব নোৱাৰি। ৰাজ্যৰ কোনো আপত্তি নাই।” কিন্তু পথেৰে যোৱাৰ পৰিৱৰ্তে হেলিকপ্টাৰত উঠি চুৰাচান্দপুৰলৈ ৰাওনা হৈছে বিৰোধী মিত্ৰজোঁটৰ দলটো।

২১ জনীয়া সংসদীয় প্ৰতিনিধি দলৰ সদস্য সুস্মিতা দেবে শনিবাৰে কয় যে আমি মণিপুৰৰ প্ৰকৃত পৰিস্থিতি চাব বিচাৰো। বিদায়ী তৃণমূলৰ সাংসদ তথা অসমৰ নেত্ৰী সুস্মিতা দেবে যোৱা ১৯ জুলাইত তৃণমূল সংসদীয় প্ৰতিনিধি দলৰ সদস্য হিচাপে মণিপুৰ ভ্ৰমণ কৰিছিল।

লগতে পঢ়ক: একেলগে লটাৰী কাটি কোটিপতি হ’ল কেৰালাৰ ১১ গৰাকী মহিলা; ২৫০ টকাত পালে ১০ কোটি!

উল্লেখ্য যে সেই সময়ছোৱাতেই থৌবাল আৰু কংগাপোকপি জিলাৰ সীমান্তত দুগৰাকী জনজাতীয় মহিলাক উলংগ কৰি খোজ কঢ়োৱা ভিডিঅ’ তথা দলবদ্ধ ধৰ্ষণৰ অভিযোগ পোহৰলৈ আহিছিল।  

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd