NORTHEAST NOW (Assamese)

গুৱাহাটীত ডাম্পাৰৰ সৈতে দুৰ্ঘটনাত স্কুটাৰ আৰোহী যুৱকৰ মৃত্যু; আনজনৰ অৱস্থা সংকটজনক

February 24, 2024 10:33 am · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফটো।

শুকুৰবাৰে নিশা গুৱাহাটীৰ তেতেলিয়া অঞ্চলৰ সমীপত ডাম্পাৰ ট্ৰাকে খুন্দা মৰাৰ ফলত এজন ২৪ বছৰীয়া যুৱক নিহত হয়।

অভিযোগ অনুসৰি, তেতেলিয়া অঞ্চলত তীব্ৰবেগী ডাম্পাৰ ট্ৰাকে তেওঁৰ স্কুটিত  খুন্দা মৰাৰ ফলত নিহত হয় হিমাং কাশ্যপ নামৰ যুৱকজন।

স্কুটীত থকা আন আৰোহীজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে।

জানিব পৰা মতে, ৰেডিছন ব্লু হোটেলৰ সমীপতে সংঘটিত হয় এই দুৰ্ঘটনা।

লগতে পঢ়কঃ ১কোটি টকাৰ আৰ্থিক সাহায্য প্ৰত্যাখ্যান হাৰিয়ানাত নিহত কৃষকৰ পৰিয়ালৰ; লাগে মাথোঁ ‘ন্যায়’

বাতৰি অনুসৰি, কাশ্যপ আৰু তেওঁৰ সংগীয়ে স্কুটিৰে গৈ থকা অৱস্থাত এ এছ ০১জিচি ১২৮৫ নম্বৰৰ ডাম্পাৰ ট্ৰাকখনে পিছফালৰ পৰা খুন্দা মাৰে।

ডাম্পাৰখনে ইমানেই প্ৰচণ্ডভাৱে খুন্দা মাৰিছিল যে কাশ্যপ থিতাতে নিহত হয়।

আহত আনজন সংগীক চিকিৎসাৰ বাবে জিএমচিএইচত ভৰ্তি কৰোৱা হয় আৰু তেওঁৰ  অৱস্থা বৰ্তমানো সংকটজনক হৈ আছে।

লগতে পঢ়কঃ ‘মই কোনো মালালা নহয়, মই মোৰ ভাৰতত নিৰাপদ আৰু স্বাধীন’; ভাইৰেল কাশ্মীৰী কন্যা ইয়ানাৰ ভাষণ

উল্লেখ্য যে মাত্ৰ দুদিন পূৰ্বে বুধবাৰে বেলতলা অঞ্চলত জিএমচিৰ ডাম্পাৰ ট্ৰাকৰ সৈতে হোৱা একেধৰণৰ দুৰ্ঘটনাত নিপেন্দ্ৰ নাথ নামৰ এজন অৱসৰপ্ৰাপ্ত ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছিল।

বৰ্তমান দুয়োটা ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। 

Related News