শেহতীয়াভাৱে বন্যপ্ৰাণীৰ বিৰুদ্ধে অপৰাধৰ মাত্ৰা বাঢ়ি অহাৰ পৰিপ্ৰেক্ষিতত বে-চৰকাৰী সংস্থা ইণ্টাৰনেশ্যনেল ৰাইনো ফাউণ্ডেশ্যন, আৰণ্যক আৰু বিশ্বনাথ বন্যপ্ৰাণী মণ্ডলৰ সমৰ্থনত বন বিভাগৰ কৰ্মচাৰীসকলৰ কেপাচিটী বিল্ডিঙৰ এটা প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন হয়।
আজি ২১ ডিচেম্বৰ শুকুৰবাৰে বিশ্বনাথ ঘাটত এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত বন বিভাগৰ কেম্দ্ৰীয় ৰেঞ্জ, অপৰাধ অনুসন্ধান ৰেঞ্জ আৰু বিশ্বনাথ বন্যপ্ৰাণী মণ্ডলৰ নিৰ্বাচিত কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে।প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰা কৰ্মচাৰীসকলক চোৰাং চিকাৰীৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত প্ৰশিক্ষণ প্ৰদান কৰা হয়।
বিশ্বনাথ চাৰিআলিৰ অন্তৰ্গত বিশ্বনাথ বন্যপ্ৰাণী মণ্ডলৰ মাণ্ডলিক বিষয়া মুকুট দাস, আৰণ্যকৰ সাধাৰণ সম্পাদক ড০ বিভব তালুকদাৰ, কেন্দ্ৰীয় আৰু অপৰাধ অনুসন্ধান ৰেঞ্জৰ ৰেঞ্জ বিষয়া ৰেঞ্জ বিষয়া প্ৰাঞ্জল বৰুৱা, আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্সৰ ব্যৱস্থাপক প্ৰাঞ্জল দাস, আৰু ইণ্টাৰনেশ্যনেল ৰাইনো ফাউণ্ডেশ্যনৰ যাদব মণ্ডলে উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে।
দেখা যায় যে যিহেতু চলিত বৰ্ষৰ অক্টোবৰত জিলা আইন সেৱা প্ৰাধীৰণে নতুন ডিভিজনটোৰ কৰ্মচাৰীসকলক প্ৰশিক্ষণ প্ৰাদন কৰিছিল গতিকে এনেধৰণৰ প্ৰশিক্ষণ প্ৰদানৰ ফলত অৰণ্যত অপৰাধ সংঘটিত কৰা দুস্কৃতিকাৰীক দোষী সাব্যস্ত কৰিব পৰা যাব। আৰণ্যকৰ সাধাৰণ সম্পাদক ড০ বিভব তালুকদাৰে ডিভিজনলৈ এটা স্নিফাৰ ডগ যোগান ধৰাৰ আশ্বাস প্ৰদান কৰিছে।