প্ৰভুভক্ত জন্তুটোৱেই হত্যাকাৰী! পোহনীয়া কুকুৰৰ কামোৰত মৃত্যু এটি ৩ মহীয়া কেঁচুৱাৰ

প্ৰতীকি ছবিঃ সংগ্ৰহীত।

বৰ আদৰেৰে কুকুৰটো পুহিছিল। সেইটোৱেই হ’লগৈ কাল। পোহনীয়া কুকুৰৰ কামোৰতে মৃত্যু হ’ল এটি তিনিমহীয়া কেঁচুৱাৰ। আমেৰিকাৰ আলবামাৰ চেলচিয়াত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, পুৱা প্ৰায় ১ বজাত পোহনীয়া কুকুৰটোৱে শিশুটিক কামোৰে। ইয়াৰ পিছতে শিশুটিক ততাতয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও তাত শিশুটিক মৃত ঘোষণা কৰা হয়।

বাতৰি অনুসৰি জানিব পৰা মতে হত্যাকাৰী কুকুৰটোক চিকিৎসা পদ্ধতিৰে বিষহীনভাৱে মৃত্যু ঘটোৱা হৈছে।

প্ৰাথমিকভাৱে জানিব পৰা গৈছে যে হত্যাকাৰী পোহনীয়া কুকুৰটোৰ শৰীৰত কুকুৰনেচীয়া আৰু কুকুৰৰ জিনৰ মিশ্ৰণ আছে। এইটো এটা হাইব্ৰীড কুকুৰ। আনকি পৰিয়ালৰ লোকেও সেই কথা জানিছিল। তথাপি কুকুৰটোক নিজৰ ঘৰতে ৰাখিছিল।

লগতে পঢ়কঃ হিংসাৰ জুই নুমুওৱা নাই! পুনৰ ৰক্তাক্ত মণিপুৰ; গোষ্ঠী সংঘৰ্ষত মৃত্যু ১৩ জনৰ

নিশা তিনিমহীয়া কেঁচুৱাটোক কুকুৰটোৱে কামুৰিছিল। গুৰুতৰভাৱে আহত শিশুটিক চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু তাত উপস্থিত হোৱাৰ লগে লগে চিকিৎসকে কয় যে কুকুৰে কামোৰাৰ বাবে শিশুটিৰ মৃত্যু হৈছে।

আৰক্ষীৰ বিবৃতিতো লগতে পোহনীয়া কুকুৰে কামোৰাৰ ফলত তিনি মহীয়া কেঁচুৱাটোৰ মৃত্যু হোৱা বুলি কোৱা হৈছে।

চেলছীৰ মেয়ৰ টনি পিকেলচিমাৰে কয় যে এই মৰ্মান্তিক ঘটনাত আমি দুখী। শিশু এটিৰ এনে ভাগ্য মানি ল’ব নোৱাৰি। কিন্তু এনে বিপদজনক পোহনীয়া জন্তু ঘৰত ৰাখিলে পৰিয়ালৰ সুৰক্ষাৰ দায়িত্ব নিজেই ল’ব লাগিব। চুবুৰীয়াকো সুৰক্ষিত ৰাখিব লাগিব।”

লগতে পঢ়কঃবন্ধ কৰক পথৰ কাষৰ সকলো আমিষ খাদ্যৰ দোকান! জয়ী হৈয়েই নিৰ্দেশ বিজেপি বিধায়কৰ

জনা গৈছে যে হত্যাকাৰী কুকুৰটোক স্থানীয় চিকিৎসা কেন্দ্ৰত ইউথেনেছিয়া কৰা হৈছে। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত কৰিব। জানিব পৰা মতে, মৃত শিশুটিৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছে।