‘মায়ে লজেন্স চুৰি কৰিছে’: চিধাই আৰক্ষী থানাত গৈ অভিযোগ লিখি থৈ আহিল ৩ বছৰীয়া এটি শিশুৱে

টফী বা লজেন্স বুলিলে সাধাৰণতে শিশু পাগল। যেতিয়া তাৰ প্ৰিয় সেই লজেন্স চুৰি হয়। লজেন্স চুৰি কৰিছিল আকৌ মাকে! এনে এক গুৰুতৰ অভিযোগ লৈ চিধা আৰক্ষী থানাত উপস্থিত এটি তিনি বছৰীয়া শিশু। লিখিতভাৱে দাখিল কৰিলে তাৰ অভিযোগ। অৱশেষত ‘চোৰ’ক গ্ৰেপ্তাৰ কৰাৰ আশ্বাস দিয়াতহে সি ঘৰলৈ উভতি আহিল।

সামাজিক মাধ্যমত শিশুটিৰ এই কৃতিত্ব দেখি হাঁহিত ৰ’ব পৰা নাই নেটিজেনসকলে। কিন্তু সকলোৱে মধ্য প্ৰদেশৰ এই শিশুটিৰ সাহসৰ প্ৰশংসা কৰিবলৈও পাহৰা নাই।

লগতে পঢ়ক: টী-২০ বিশ্বকাপত মেয়াপ্পানৰ প্ৰথম হেট্ৰিক; স্তম্ভিত শ্ৰীলংকা (ভিডিঅ’ চাওক)

মধ্য প্ৰদেশৰ বুৰহানপুৰৰ এখন আৰক্ষী থানাৰ সন্মুখৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দেখা গৈছে যে শিশুটিয়ে থানাৰৰ বাহিৰত বগা কাগজত অস্পষ্ট হস্তাক্ষৰত তাৰ নাম লিখিছে। দেখা গৈছে যে সি প্ৰায় ভঙা ভঙা কথাৰে অভিযোগ কৰিছে। সি কৈছে মায়ে মোৰ লজেন্স চুৰি কৰিছে। তেওঁক জে’লত দিয়ক।

মোৰ মায়ে সকলো টফী খাই পেলাইছে। গতিকে সি অভিযোগ কৰিবলৈ আৰক্ষীৰ ওচৰলৈ যাব। সি তাৰ দেউতাকৰ সৈতে গৈ থানাত উপস্থিত হয়। থানাৰ বাহিৰত বহি এগৰাকী মহিলা পুলিচে তেওঁৰ কথা শুনিছিল। ভিডিঅ’টোত শুনা গৈছে, “লজেন্সেছ চোৰি হো গয়া (লজেন্স চুৰি হৈছে)। পুলিচে সুধিলে, “কিচনে চুৰায়া (কোনে চুৰি কৰিছে)?” তুমনে (তুমি)? সি উত্তৰ দিছে, “মেইনে নেহি চুৰায়া। আম্মী নে চুৰায়া (মই চুৰি কৰা নাই। মায়ে এটা চুৰি কৰিছে।)”

লগতে পঢ়ক: যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ ১০৮ গৰাকী মহিলা বন্দীক মুকলি কৰি দিলে ৰাছিয়াই

ঘটনাটোৰ বিষয়ে তাৰ দেউতাকক সোধা হয়। তেওঁ অৱশ্যে কয় যে চকুত কাজল দিয়াৰ সময়ত সি দুষ্টামি কৰি আছিল। মাকে তাৰ গালত টিপি দিলে। তেতিয়াহ’লে শিশুটিয়ে মিছা অভিযোগ কৰিছে নেকি? তাৰ উত্তৰ অৱশ্যে পোৱা হোৱা নাই। ইপিনে, আৰক্ষী কৰ্মীসকলে তাৰ অভিযোগ লিখি চোৰক ধৰাৰ আশ্বাস দি তাক ঘৰলৈ পঠিয়াই দিয়ে। ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

শিশুৱে সাধাৰণতে আৰক্ষীৰ সৈতে কথা পাতিবলৈ ভয় কৰে, কন্দাকটা কৰে। কিন্তু এই ৩ বছৰীয়া শিশুটিয়ে যি সাহসৰ পৰিচয় দিছে তাৰ প্ৰশংসা কৰিছে বহুতেই। নেটিজেনসকলেও এনে এটি মিঠা চুৰিৰ কাহিনীত বৰ আমোদ পাইছে।