Karthik Meiyappan of UAE bags first hat-trick সংযুক্ত আৰৱ আমিৰাতৰ লেগ স্পিনাৰ কাৰ্তিক মেয়াপ্পানে টী-২০ বিশ্বকাপত প্ৰথমটো হেট্ৰিক অৰ্জন কৰিছে। শ্ৰীলংকাৰ বিৰুদ্ধে ১৫ তম অভাৰত বলিং কৰাৰ সময়ত তেওঁ হেট্ৰিক কৰে।
মেয়াপ্পানৰ অভাৰটোৰ চতুৰ্থ বলত ভানুকা ৰাজপক্ষে আউট হৈছিল। মেয়াপ্পানে পৰৱৰ্তী বলটোত চৰিথ আছালংকাৰ উইকেট দখল কৰে। সেইদৰে, অভাৰৰ অন্তিম বলটোত শ্ৰীলংকাৰ অধিনায়ক দাচুন ছানাকাক আউট কৰি টী-২০ বিশ্বকাপত প্ৰথমটো হেট্ৰিক অৰ্জন কৰে।
চলিত টী-২০ বিশ্বকাপ ২০২২-ৰ আৰম্ভণিতে অঘটন ঘটিছিল। দেওবাৰে প্ৰতিযোগিতাখনৰ উদ্বোধনী খেলখনত শ্ৰীলংকা নামিবিয়াৰ হাতত পৰাস্ত হয়। নামিবিয়াৰ ১৬৩ ৰাণ অনুসৰণ কৰি এছিয়া কাপ চেম্পিয়ন দলটো ৫৫ ৰাণত পৰাজিত হয়।
শ্ৰীলংকা মঙলবাৰে নিজৰ খেললৈ ঘূৰি আহিবলৈ ব্যাকুল হৈ পৰিছে। প্ৰথম ৰাউণ্ডত তেওঁলোকে গ্ৰুপ ‘এ’ মেচত সংযুক্ত আৰৱ আমিৰাতৰ মুখামুখি হয়। খেলখন ভিক্টোৰিয়াৰ জিএমএইচবিএ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। টছত পৰাজিত হোৱাৰ পিছত প্ৰথমে বেটিং কৰি দাচুন ছানাকাই নিৰ্ধাৰিত ২০ অভাৰত ৮ টা উইকেট হেৰুৱাই ১৫২ ৰাণ সংগ্ৰহ কৰে।
History – First hattrick in the T20 World Cup 2022. pic.twitter.com/AoLcKagK1i
— Johns. (@CricCrazyJohns) October 18, 2022
সংযুক্ত আৰৱ আমিৰাতৰ স্পিনাৰ কাৰ্তিক মেয়াপ্পানৰ বলৰ টাৰ্ণত দ্বীপৰাষ্ট্ৰখন বিধ্বস্ত হৈ পৰে। কাৰ্তিকে ২০ অভাৰৰ এই বিশ্বযুদ্ধত হেট্ৰিক লৈ ইতিহাস ৰচনা কৰে।
That’s the Hat-trick!
We can reveal that this wicket from Karthik Meiyappan is one of the moments that could be featured in your @0xFanCraze Crictos of the Game packs from Sri Lanka vs UAE. Grab your pack from https://t.co/8TpUHbQQaa to own iconic moments from every game. pic.twitter.com/1MV0Rz9AI9
— ICC (@ICC) October 18, 2022
কাৰ্তিকে চলিত টী-২০ বিশ্বকাপত প্ৰথমটো হেট্ৰিকৰ গৰাকী হ’ল। তেওঁ ২০ অভাৰৰ বিশ্বকাপত পঞ্চমগৰাকী বলাৰ আৰু ৱানিন্দু হাচাৰাঙ্গাৰ পিছত দ্বিতীয় গৰাকী স্পিনাৰ হিচাপে একেৰাহে তিনিটা বলত তিনিটা উইকেট দখল কৰে।