সম্পৰ্কীয়ৰ কোৰৰ চাবত প্ৰাণ গ’ল এটি চাৰি বছৰীয়া কণমানিৰ

News 2.00_05_44_58.Still002

ফটো : নৰ্থ-ইষ্ট নাও

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অধীনৰ কাৱৈমাৰী আৰক্ষী চকীৰ অন্তৰ্গত মাগুৰমাৰীত বৃহস্পতিবাৰে দুপৰীয়া এটি প্ৰায় চাৰি বছৰীয়া শিশুক লোমহৰ্ষক ভাৱে হত্যা কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বৃহস্পতিবাৰে দুপৰীয়া মাগুৰমাৰী গাৱঁৰ হেদাতুল ইছলাম নামৰ লোকজনৰ তিনি বছৰীয়া সন্তান ইফটিকাৰ হছেইনক একে পৰিয়ালৰ চামচুদ্দিন নামৰ লোক এজনে শিশুটিক এখন কোৰেৰে মূৰত আঘাত কৰে। লগে লগে পৰিয়ালৰ লোকে শিশুটিক ওচৰৰে চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত্যু হোৱা বুলি কয়।

পৰৱতী সময়ত কাৱৈমাৰী আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলত উপস্থিত হৈ  শিশুটোৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।

ঘটনা সম্পৰ্কে শিশুটিৰ পৰিয়ালৰ লোকে ৰূপহীহাট আৰক্ষী থানাৰ অধীনৰ কাৱৈমাৰি আৰক্ষী চকীত দাখিল কৰে এজাহাৰ।

আনহাতে কাৱৈমাৰি আৰক্ষীয়ে হত্যাৰ মূল অভিযুক্ত চামচুদ্দিনক নিজৰ ঘৰৰ পৰা আটক কৰি ৰূপহীহাট আৰক্ষী থানাৰ জিম্মাত ৰাখিছে।

ইফালে শিশু হত্যাকাৰী চামচুদ্দিন মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি একাংশ স্থানীয় লোকে জানিবলৈ দিছে।