৭০ বছৰীয়া গৌৰৱোজ্জ্বল যাত্ৰাৰ ইতিহাস সন্নিৱিষ্ট ‘গুৱাহাটী হাইক’ৰ্ট : হিষ্ট্ৰী এণ্ড হেৰিটেজ’ উন্মোচন

গুৱাহাটী উচ্চ ন্যায়ালয় চৌহদত শনিবাৰে ‘গুৱাহাটী হাইক’ৰ্ট : হিষ্ট্ৰী এণ্ড হেৰিটেজ’ নামৰ গ্ৰন্থখন উন্মোচনৰ মুহূৰ্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ক্ৰমে ৰঞ্জন গগৈ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল। ফটো : ইউ বি

গুৱাহাটী উচ্চ ন্যায়ালয় চৌহদত শনিবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট লেখক অৰূপ কুমাৰ দত্তই লিখি উলিওৱা ‘গুৱাহাটী হাইক’ৰ্ট : হিষ্ট্ৰী এণ্ড হেৰিটেজ’ নামৰ গ্ৰন্থখন  উন্মোচন কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ পাব্লিকেশ্যন ডিভিজনে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখনত গুৱাহাটী উচ্চ ন্যয়ালয়ৰ ৭০ বছৰীয়া গৌৰৱোজ্জ্বল যাত্ৰা সন্নিবিষ্ট হৈছে।

এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ক্ৰমে ৰঞ্জন গগৈ, এছ অৰবিন্দ বোবদে, অভয় মনোহৰ চাপ্ৰে, গুৱাহাটী উচ্চ ন্যয়ালয়ৰ মুখ্য ন্যায়াধীশ অজিত সিং, কেৰালা উচ্চ ন্যয়ালয়ৰ মুখ্য ন্যায়াধীশ হৃষীকেশ ৰয়, লেখক অৰূপ কুমাৰ দত্তকে ধৰি বহু গণ্য মান্য লোক উপস্থিত থাকে।

অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশ লৈ উচ্চতম ন্যয়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈয়ে গ্ৰন্থখনে উত্তৰ-পূৰ্বাঞ্চলৰ ন্যায়িক ইতিহাস লিপিবদ্ধ কৰা বুলি উল্লেখ কৰে। গুৱাহাটী উচ্চ ন্যয়ালয়ৰ পৰা আৰম্ভ হোৱা যাত্ৰাৰ কথা স্মৰণ কৰি ন্যায়াধীশজনে কয় যে ভাৰতৰ যি বৈচিত্ৰ্য সেয়া সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে আৰু গুৱাহাটী উচ্চ ন্যয়ালয়ে প্ৰতিফলিত কৰে।

ন্যায়াধীশ গগৈয়ে গুৱাহাটী উচ্চ ন্যয়ালয়ক এক ওখ খাপৰ ন্যায়িক অনুষ্ঠান বুলি অভিহিত কৰে।

অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালে গণতন্ত্ৰৰ চাৰিটা স্তম্ভই যৌথভাৱে কাম কৰিব লাগিব বুলি উল্লেখ কৰি উন্মোচিত গ্ৰন্থখন প্ৰতিখন  জিলাৰ পুথিভঁৰালত ৰখা হ’ব আৰু ছাত্ৰ-ছাত্ৰীয়ে যাতে পঢ়িবলৈ পায়, তাৰ ব্যৱস্থা কৰিব বুলি সদৰী কৰে। মুখ্যমন্ত্ৰী সোণোৱালে উত্তৰ-পূৰ্বাঞ্চলৰ দৰে বৈচিত্ৰ্যৰে ভৰা অঞ্চলটোত সাংবিধানিক মূল্যসমূহ অটুট ৰখাত গুৱাহাটী উচ্চ ন্যয়ালয়ে পালন কৰা ভূমিকাৰ কথাও উল্লেখ কৰে।

বিশিষ্ট লেখক তথা উন্মোচিত গ্ৰন্থখনৰ গ্ৰন্থকাৰ অৰূপ কুমাৰ দত্তই গ্ৰন্থখন যাতে সাধাৰণ পাঠকে সুলভ মূল্যত পঢ়িবলৈ পায় তাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়। দত্তই গ্ৰন্থখনৰ বিষয়ে আৰু লগতে তেওঁৰ লেখক জীৱন সম্পৰ্কে চমু বক্তব্য ৰাখে।