মুখ্যমন্ত্ৰী মহোদয়…..! আপোনাৰ শাসনত আৰক্ষীৰ কিমান অৰাজকতা?

নিৰীহ যুৱকৰ প্ৰাণ লৈ ঘূণীয়া কৰি এয়া কেনে ফটুৱা শাসন?

Attention মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা। নুশুনে নুবুজে নামানে বা নাও বুৰিলেও টিঙৰ পৰা নানামে যদিও আপোনাকে কৈছো বা সুধিছো – কিমান আৰু নিৰীহৰ ওপৰত আৰক্ষীৰ অত্যাচাৰ চলিব মুখ্যমন্ত্ৰী মহোদয়? আপুনিয়েই নিৰীহৰ লগত বাৰেপতি আৰক্ষীক কঠোৰ নহ’বলৈ আহ্বান জনাই অহা নাছিল জানো? মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছৰে পৰা তথা আৰক্ষীক ‘ফ্ৰী হেণ্ড’ দিয়াৰ পাছৰে পৰা কিমান ডেকা ল’ৰা ঘূণীয়া হৈ ঘৰতে দিন কটাবলগীয়া অৱস্থা হৈছে আপুনি খেয়াল ৰাখিছে নে? কিমানে আৰক্ষীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি চৰম পথো বাছি ল’লে! কিমান নীৰিহক বিনা কাৰণত আৰক্ষীয়ে প্ৰহাৰ কৰিলে! আপুনি মনত ৰাখিছে নে মুখ্যমন্ত্ৰী মহোদয়?

ডিজিপি মহোদয়, আপোনাকো কৈছো – এনেবোৰ আৰক্ষীৰ অত্যাচাৰৰ ঘটনা পোহৰলৈ আহিলে কেৱল ৰিজাৰ্ভ ক্লজ, নিলম্বনতেই শাস্তিবোৰ সীমাবদ্ধ কিয় থাকে? এই খাকী পোছাকজোৰ জন হিত জন সেৱাৰ্থে নহয় জানো? কিন্তু ২০২১ চনৰ পৰা সঘনাই এই পোছাকজোৰত ক’লাদাগ লাগিবলৈ ধৰা নাই নে? ভুৱা এনকাউন্টাৰত ভৰিত গুলি লাগি নগাঁওৰ সেই সুস্থ সৱল সমাজৰ হকে কাম কৰিবলৈ বহু সপোন পুহি কৰা কীৰ্তিকমল চিৰজীৱনলৈ ঘূণীয়া হৈ পৰিল।  এতিয়া প্ৰয়াত দীপাংকৰ গগৈলৈকে চাওঁকচোন। চৰম পন্থা বাছি লোৱাৰ পাছতো দীপাংকৰক ভিলেইন সজাবলৈ এইগৰাকী যোৰহাটৰ তদানীন্তন SP মোহনলাল মীনাই উঠি পৰি লাগিছিল। আৰু এসোপামান মনে সজা কথাৰে সংবাদ মাধ্যমৰ আগত দীপাংকৰ অমুক আছিল দীপাংকৰ তমুক আছিল বুলি বকলা মেলিব ধৰিছিল সংবাদ মাধ্যমৰ আগত। কিন্তু ক’তা যোৰহাটৰ গ্ৰেণেড বিস্ফোৰণ কাণ্ডত অভিযুক্ত বুলি আৰক্ষীয়ে চাৰি-পাঁচদিনকৈ থানালৈ মাতি নি নি অত্যাচাৰ চলোৱা দীপাংকৰ গগৈৰ দেখোন নামেই নাই। হিমন্ত বিশ্ব শৰ্মাৰ দিনত কেনেকৈ নিৰীহ যুৱকৰ ওপৰত অসম আৰক্ষীয়ে দানৱীয় অত্যাচাৰ চলাইছে এবাৰ ভাবক। যাৰ পৰিণতিত যোৱা বৰ্ষৰ ২৫ ডিচেম্বৰৰ দিনা চিপ লৈ আত্মহত্যা কৰিছিল নীৰিহ যুৱক দীপাংকৰ গগৈয়ে। যোৰহাটৰ বিৰিণাশায়েকৰ নিৰীহ যুৱক দীপাংকৰ গগৈৰ বাসগৃহত উপস্থিত হৈ মূখ্যমন্ত্ৰীয়ে ঘোষণা কৰা তদন্ত সমিতিৰ মৌনতা, পৰিয়ালৰ গোচৰৰ ভিত্তিত আৰক্ষীৰ তদন্তত গাপ দিবলৈ চেষ্টা কৰা আদিৰ ৰহস্য এতিয়া নিয়াই দাখিল কৰা এইখন শ্বাৰ্জশ্বীটত জলজল পটপট হৈ উঠিল। NIA ই দাখিল কৰা শ্বাৰ্জশ্বীটত যোৰহাট লিচুবাৰীৰ বোমা বিস্ফোৰণত বিপ্লৱ বৰুৱা, বিৰাজ কছাৰী আৰু অচ্যুত গগৈক অভিযুক্ত সজাইছে। কিন্তু ক’তা আৰক্ষীৰ অত্যাচাৰ সহিব নোৱাৰি চৰম পন্থা বাছি লোৱা দীপাংকৰ গগৈৰ দেখোন নামেই নাই NIA ৰ চাৰ্জশ্বীটত।

আৰক্ষীৰ অমানৱীয় অত্যাচাৰৰ বাবেই এগৰাকী মাতৃৰ বুকু উদং হ’ল, পুত্ৰহাৰা হ’ল এগৰাকী পিতৃ। যোৰহাট লিচুবাৰীৰ কাণ্ডৰ পাছত আৰক্ষীয়ে চাৰি-পাঁচদিন ধৰি ৰাতিপুৱা ৮ টাতে ঘৰৰ পৰা দীপাংকৰক উঠাই নি আলফাৰ সন্দেহত জেৰা চলোৱাৰ নামত কেনেদৰে আতিশায্য চলাইছিল সেয়া পৰিয়ালে নিজেই বৰ্ণনা কৰিছে।

NIA ৰ শ্বাৰ্জশ্বীটত নাম নথকা নিৰ্দোষী দীপাংকৰৰ দুৰ্ভগীয়া পিতৃ-মাতৃয়েনো এতিয়া কৰিব কি? চাৰিওফালে কেৱল হতাশগ্ৰস্ততা। বিশেষ একো কৰিব নোৱাৰিলেও মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মালৈ অভিযুক্ত আৰক্ষীসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’বলৈ আহ্বান জনালে দুৰ্ভগীয়া মাতৃয়ে। লগতে পিয়েও ক’লে মোৰ ল’ৰা দৰে অৱস্থা অন্য কাৰো লগতে নহওঁক।

 দীপাংকৰৰ জ্যেষ্ঠ ভগ্নীৰো অভিযোগ। যোৰহাটৰ তদানীন্তন SP মোহনলাল মীনাই মনে সজা কাহিনীৰে প্ৰমাণ থকা বুলি কোৱাৰ পাছতো কিয় প্ৰমাণ দিব নোৱাৰিলে

কেৱল ইমানেই নহয়, আলফাৰ নামত কেৱল সন্দেহৰ ভিত্তিত বৰহোলাৰ জয়ন্ত বৰা, শদিয়াৰ দীপজ্যোতি নেওঁগ, বিশ্বজিৎ বুঢ়াগোঁহাই, বাইহাটাৰ প্ৰাঞ্জল দাসক এনকাউন্টাৰ কৰা হল। আৰক্ষীৰ গুলীত গুলীবিদ্ধ শিৱসাগৰৰ বিক্ৰমপুৰ চাৰিআলিৰ পল্লৱজ্যোতি গগৈ। পল্লৱৰ পিতৃ মাতৃৰ ভাষ্য অনুসৰি দিন হাজিৰা কৰিবলৈ যাওঁতেহে পল্লৱক ধৰি নিছিল আৰক্ষীয়ে। শুকুৰবাৰে আটক কৰা পল্লৱক শণিবাৰে পুৱা পৰিয়ালৰ লোকক চমজাই দিম বুলি এখন কাগজত চহী কৰাই লৈছিল হেনো আৰক্ষীয়ে। ইয়াৰ লগতে আলফাৰ লিংক মেনৰ সন্দেহত আৰক্ষীৰ গুলীত আহত পল্লৱ জ্যোতি গগৈৰ পিতৃৰ বিস্ফোৰণ “জয়সাগৰৰ গ্ৰেনেড বিস্ফোৰণৰ বাতৰিৰ সময়ত মই মোৰ লৰাৰ সৈতে বিস্ফোৰণৰ বাতৰি চাই আছিলো। তাৰ গা বেয়া আছিল আগৰে পৰা। আৰক্ষীয়ে গ্রেনেড বিস্ফোৰণৰ ঘটনাত জৰিত থকা বুলি কবলৈ প্ৰেচাৰ দিছিল নহলে এনকাউন্টাৰৰ ভাবুকি দিছিল হেনো আৰক্ষীয়ে। মোৰ লৰাৰ পকেটত ১০ টকা এটাও নাথাকে সি কেনেকৈ আলফাত যাবলৈ সাহস কৰিব”?

কিমান আৰু আৰক্ষীৰ বৰ্বৰতাৰ বলি লৈ নিৰীহ যুৱক ঘূণীয়া হ’ব, চৰম পন্থা বাছি ল’ব বা মৃত্যুক আঁকোৱালি ল’ব? ২০২১ চনৰ পৰাহে হঠাৎ এনেবোৰ ঘটনা কিয় বৃদ্ধি পাইছে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক দিয়া ‘ফ্ৰী হেণ্ড’ৰ পৰিণতিয়েই নহয় নে এয়া? NIA ৰ চাৰ্জশ্বীটত দীপাংকৰৰ নাম নথকাৰ পাছতে তিতাবৰ আৰক্ষী থানাৰ সন্মুখত SP মোহনলাল মিনা, SDPO কাকলি পাটগিৰী, OC লক্ষ্মণ কুমাৰ দাসক গ্ৰেপ্তাৰ দাবী তুলি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল-সংগঠনে। 

NIA ৰ চার্জস্বীটৰ পাছতে এতিয়া নিৰীহ যুৱক দীপাংকৰ গগৈৰ ন্যায়ৰ দাবীত প্ৰতিবাদমুখৰ হৈ পৰিছে দল-সংগঠনৰ লগতে দীপাংকৰৰ পৰিয়াল। SP, SDPO, OC-ক গ্ৰেপ্তাৰ নকৰিলে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰ হুংকাৰ ।

আৰক্ষীৰ এই বৰ্বৰতাৰ বিৰুদ্ধে সচেতন মহলতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দুগৰাকীকৈ জ্যেষ্ঠ সাংবাদিক ক্ৰমে ললিত গগৈ আৰু মনোজ গোস্বামীয়ে ফেচবুকযোগে উজাৰিছে ক্ষোভ।  জ্যেষ্ঠ সাংবাদিক ললিত গগৈয়ে ফেচবুকত লিখি কয় ক্ষমতাৰ ৰাজদণ্ড হাতত লোৱাৰ পিচতেই পুলিচ মোৰ; মোৰ মতে চলিব বুলি কোনে সদম্ভে ঘোষণা কৰি আছিল? আৰক্ষীৰ নতুন পেৰ্টানৰ কথা কোনে কৈছিল? এতেকে নিয়াৰ তদন্তত নিৰ্দোষ প্ৰমাণিত হোৱা দীপাংকৰ গগৈ যি পৰিস্থিতিৰ বাবে তেওঁ আত্মহত্যা কৰিবলগীয়া হল তাৰ দায়িত্ব এতিয়া কোনে লব? আৰক্ষীৰ বেআইনী কাৰ্যৰ এইটোৱেই প্ৰথম ঘটনা নহয় । অপৰাধ দমনৰ নামত আৰক্ষীৰ ভুৱা এনকাউণ্টাৰক উৎসাহিত কৰি থাকিলে এনেবোৰ ঘটনা হবই । নগাওঁত এজন ছাত্ৰনেতাৰ ওপৰত ভুৱা এনকাউণ্টাৰ ; ওদালগুৰিত অভিযুক্ত কেনাৰাম বসুমতাৰী সজাই আন এজনক হত্যা ; বটদ্ৰৱাত অভিযুক্তৰ বাসগৃহত আৰক্ষীৰ বেআইনী বুলডেজাৰ অভিযান চলাবলৈ গৈ উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত ক্ষতিপূৰণ দিবলৈ বাধ্য হোৱাৰ দৰে যোৱা সময়ছোৱাত কিমানবোৰ অৰাজক ঘটনা হৈ গল। কোনোবা এজন আৰক্ষী বিষয়া গ্ৰেপ্তাৰ আৰু চাকৰিৰ পৰা বৰ্খাস্ত হলনে ? এতেকে দীপাংকৰ গগৈৰ ঘটনাৰ ক্ষেত্ৰতো একো নহয় । ঘটনাবোৰত জড়িত আৰক্ষী বিষয়াবোৰ ডাল-পাত। শক্তিমন্ত বিষবৃক্ষৰ মূলোচ্ছেদ অবিহনে ডাল-পাত কাটিবলৈ দাবী জনোৱাতো অৰ্থহীন ।

সাংবাদিক মনোজ গোস্বামীয়ে SP মোহনলাল মীনাৰ গ্ৰেপ্তাৰৰ দাবী তুলি ফেচবুকত লিখিছে আকৌ এইদৰে। কালি নিয়াই যোৰহাটৰ গ্ৰেনেড বিস্ফোৰণৰ চাৰ্জশ্বীট দিলে। ১৪ ডিচেম্বৰত সংঘটিত এই ঘটনাত অভিযুক্ত কৰি তিতাবৰৰ দীপাংকৰ গগৈক যোৰহাট আৰক্ষীয়ে ধৰি আনি অমানুষিক নিৰ্যাতন চলাইছিল। চফল ডেকা দীপাংকৰে অসম পুলিচৰ চাকৰিৰ বাবে পৰীক্ষা দিবলৈ সাজু হৈছিল। পুৱা শাৰীৰিক অনুশীলন কৰি থাকোতেই পুলিচে তেওঁক বাৰে বাৰে ধৰি আনে। অবিৰাম হাৰাশাস্তি, আসুৰিক নিৰ্যাতনৰ সন্মুখীন হল দীপাংকৰ। লাজে অপমানে জৰ্জৰিত দীপাংকৰে নিজৰ সকলো সপোন এৰি ২৬ডিচেম্বৰত আত্মহত্যা কৰে। কালি নিয়াই যোৰহাটৰ গ্ৰেনেড বিস্ফোৰণৰ চাৰ্জশ্বীট দিলে। চাৰ্জশ্বীটত আলফাৰ নেতাকে ধৰি বিভিন্ন জনৰ নাম আছে, তাত তিতাবৰৰ দীপাংকৰ গগৈৰ নাম নাই। ভুৱা গোচৰ তৰি অকথ্য নিৰ্যাতনৰে এজন নিৰ্দোষী অসমীয়া যুৱকক মৃত্যুৰ মুখলৈ থেলি দিয়াৰ বাবে মই তদানীন্তন যোৰহাটৰ এছ পি মোহনলাল মীনাৰ গ্ৰেপ্তাৰ দাবী কৰিলো।

মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা মহোদয়, কিমান আৰু অৰাজকতা, অশান্তি, আৰক্ষীৰ বৰ্বৰতা চলিব আপোনাৰ শাসনকালত? যদিহে এইবোৰ নিয়ন্ত্ৰণেই কৰিব নোৱাৰে তেন্তে গৃহমন্ত্ৰীৰ দপ্তৰটো আপোনাৰ হাতত ৰখাৰ কিবা যুক্তি আছে নে? আপোনালৈ দেখোন আপোনাৰ অধীনৰ আৰক্ষীয়ে কেয়াৰেই নকৰে। আপুনিয়েই দেখোন নিৰীহৰ ক্ষেত্ৰত আৰক্ষীক কঠোৰ নহ’বলৈ পৰামৰ্শ দি আহিছিল বাৰেপতি। ক’ত? দিনক দিনে দেখোন আৰক্ষীৰ বৰ্বৰতা, দাদাগিৰি বৃদ্ধিহে পাইছে, তাৰেই পৰিণতি যোৰহাটৰ দীপাংকৰ, নগাঁওৰপ কীৰ্তিকমল, শিৱসাগৰৰ পল্লৱ, শদিয়াৰ দ্বীপজ্যোতি, বাইহাটাৰ প্ৰাঞ্জল….. আৰু কত যে কি….? একাংশই ক’ব বিচাৰে… কেনে ফটুৱা শাসন চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?