NORTHEAST NOW (Assamese)

ভাৰত-বাংলা সীমান্তত বি এছ এফৰ জোৱানৰ গুলীয়াই আত্মহত্যা

November 2, 2019 10:25 pm · পান্না ঘোষ

ভাৰত-বাংলা সীমান্তৰ কৈলাশৰ মগুৰুলি গাঁৱত শুকুৰবাৰে নিশা সংঘটিত এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। অঞ্চলটোত সীমান্তৰ নিৰাপত্তাত নিয়োজিত এগৰাকী বি এছ এফৰ জোৱানে নিজৰ চাৰ্ভিছ ৰিভলভাৰে গুলীয়াই আত্মহত্যা কৰে।

আত্মহত্যা কৰা বি এছ এফৰ জোৱানজনক সম্ভুজি কেশৱ ভুসলে বুলি চিনাক্ত কৰা হৈছে। নিহত জোৱানজন মহাৰাষ্ট্ৰৰ সাতাৰা জিলাৰ বুলি জানিব পৰা গৈছে।

নিহত কেশৱ ২০ বি এছ এফ বেটেলিয়নৰ ডি কোম্পানীৰ কনিষ্টবল হিচাপে কৰ্মৰত আছিল। শুকুৰবাৰে পহৰাৰ দায়িত্বত থকা জোৱানজনে নিশা প্ৰায় ১.৩০ মান বজাত নিজৰ ছাৰ্ভিচ ৰিভলভাৰে গুলীয়াই আত্মহত্যা কৰে।

নিহত জোৱানজনে মৃত্যুৰ সময়ত পত্নী আৰু দুগৰাকী কন্যাক এৰি থৈ গৈছে বুলি জানিব পৰা গৈছে। আনহাতে বাতৰি লিখা সময়লৈকে নিহত বি এছ এফৰ জোৱানজনে কি কাৰণত গুলীয়াই আত্মহত্যা কৰিলে সেয়া জানিব পৰা হোৱা নাই।

Related News