নিয়ন্ত্ৰণ হেৰুৱাই ৮ জনক মহতিয়াই নিলে চাৰিচকীয়া বাহনে : থিতাতে নিহত দুজন

দেশৰ ৰাজধানী নতুন দিল্লীত পুনৰ সংঘটিত হৈছে ভয়ানক দুৰ্ঘটনা। এখন চাৰিচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই একেলগে মহতিয়াই নিয়ে ৮ গৰাকী ব্যক্তিক। থিতাহে নিহত হয় দুজন ব্যক্তি। বুধবাৰে নিশা দিল্লীৰ মালাই মন্দিৰ অঞ্চলত সংঘটিত হয় এই ঘটনা।

আৰক্ষীৰ সূত্ৰ অনুসৰি এই দুৰ্ঘটনাত মৃত্যু হোৱা লোক কেইজনক চিনাক্ত কৰা হৈছে। নিহত দুজন হৈছে মুন্না আৰু সমীৰ। প্ৰাথমিক তদন্ত আৰু প্ৰত্যক্ষদৰ্শীৰ পৰা জানিবলৈ পোৱা মতে যে এটি শিশু সহিতে ৮ জন ব্যক্তি অঞ্চলটোৰ পথৰ দাঁতিতে ৰৈ আছিল। তেনেতে সেই ফালেৰে আহি থকা এখন গাড়ীৰ গতিবেগ হঠাৎ বৃদ্ধই পাই আৰু পথৰ কাষত ৰৈ থকা লোক কেইজনক মহতিয়াই নিয়ে। লোক কেইজনৰ লগতে গাড়ীখনে দুখন দোকানতো খুন্দা মাৰে।

আৰক্ষীৰ মতে অত্যধিক গতিৰ বাবে চালকজনে গাড়ীখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাইছিল। এই দুৰ্ঘটনাত দুজনৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে বাকী ৬ জন গুৰুতৰভাৱে আহত হয়। তেওঁলোকক উদ্ধাৰ কৰি ততাতৈয়াকৈ ইএমএছত ভৰ্তি কৰোৱা হয়। নিহত আৰু আহত আটাইকেইজন বসন্ত বিহাৰ অঞ্চলৰ শিৱ কেম্পৰ বাসিন্দা।

ইতিমধ্যে গাড়ী চালকজনৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩০৪ ধাৰা অনুসৰি গোচৰ ৰুজু কৰিছে। বসন্ত বিহাৰ থানাৰ এজন আৰক্ষী বিষয়াই জনোৱা মতে, অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি চালকজনক চিনাক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।