ভগৱান শ্ৰীকৃষ্ণৰ জন্মভূমিৰ পৰা মছজিদ ভাঙি দিয়াৰ গোচৰ চলিব মথুৰা আদালতত!

index.jpgaaaaaa

ৰাম জন্মভূমিৰ পিছত এইবাৰ হিন্দুসকলৰ অন্য এক ভগৱান শ্ৰীকৃষ্ণৰ জন্মভূমিও পুনৰুদ্ধাৰ কৰা হ’ব!

ইতমিধ্য আদালতত শ্ৰীকৃষ্ণৰ জন্মভূমি পুনৰুদ্ধাৰৰ বাবে মথুৰাৰ আদালাতত এক আবেদন দাখিল কৰা হৈছে আৰু আদালতে এই আবেদন শুনানিৰ বাবে গ্ৰহণ কৰিছে।

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি যোৱা শুকুৰবাৰে মথুৰা জিলা ছেছন আদালতৰ বিচাৰপতি সাধন ঠাকুৰে এই গোচৰ আদালতত শুনানিৰ বাবে গ্ৰহণ কৰিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৱা ছেপ্টম্বৰ মাহত শ্ৰীকৃষ্ণ জন্মভূমিৰ পৰা মছজিদ ভাঙি দিয়াৰ দাবীৰে নিম্ন আদালতত জনোৱা এক আৰ্জি আদালতে খাৰিজ কৰি দিছিল।

ইফালে এই গোচৰৰ সংক্ৰান্তত আদালতে শ্বাহী দৰগাহ মছজিদ ট্ৰাষ্ট আৰু চুন্নী ৱাকফ বোডসহ সকলো পক্ষকে অহা ১৮ নৱেম্বৰত আদালত হাজিৰৰ হোৱাৰ নিৰ্দেশ জাৰি কৰিছে।

উত্তৰ প্ৰদেশৰ ৰঞ্জন অগ্নিহোত্ৰী নামৰ এজন লোকে আদালতত আবেদন কৰি মথুৰাৰ শ্ৰীকৃষ্ণ জন্মভূমিৰ ১৩.৩৭ একৰ ভূমিৰ লগতে প্ৰভূ শ্ৰীকৃষ্ণ মন্দিৰৰ স্বত্ব চু্‌ন্নী ৱাকফ বোৰ্ড আৰু শ্বাহী দৰগাহ মেনেজমেন্টৰ ট্ৰাষ্টৰ স্থানীয় কিছুসংখ্যক ইছলাম ধৰ্মাৱলম্বী লোকে অবৈধ ভাৱে দখল কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰিছে। অভিযোগৰাকী অগ্নিহোত্ৰীয়ে উক্ত ভূমিখিনি খালী কৰাৰো দাবী কৰিছে।

তেওঁ লগতে দাবী কৰিছে যে শ্ৰীকৃষ্ণৰ জন্মভূমিৰ ওপৰতে মুছলমানসকলৰ ইদগাহ মছজিদটো আছে।

উল্লেখ্য যে, আধ্যাত্মিক চহৰ মথুৰাত বহুকেইটা প্ৰাচীন মন্দিৰ আছিল বুলি হিন্দু ধৰ্মাৱলম্বী লোকে দাবী কৰি আহিছে। হিন্দুসকলে বিশ্বাস কৰে যে এই ভূমিভাগেই শ্ৰীকৃষ্ণৰ জন্মভূমি।

ইফালে একাংশ ইতিহাসবিদে দাবী কৰি আহিছে যে, প্ৰাচীন কেশৱনাথ মন্দিৰ ভাঙি ঔৰংগজেৱে তাৰ ওপৰতে মছজিদ নিৰ্মাণ কৰিছিল।

১৯৩৫ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ে উক্ত মন্দিৰৰ স্বত্ব মথুৰাৰ ৰজাৰ হাতত অৰ্পণ কৰিছিল আৰু বৰ্তমানে ইয়াৰ স্বত্ব আছে বিশ্ব হিন্দু পৰিষদৰ ঘনিষ্ঠ সংগঠন শ্ৰী কৃষ্ণভূমি ট্ৰাষ্টৰ হাতত।

ইয়াৰ পিছতে দুয়ো ধৰ্মৰ মানুহৰ মাজত ইয়াকে লৈ সংঘাত সূত্ৰপাত ঘটে। অৱশেষত ১৯৬৭ চনত এক চুক্তিৰ জৰিয়তে ভূমিৰ মালিকানা হিন্দুসকলৰ হাতলৈ আহিল যদিও মছজিদটোৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব লাভ কৰে মুছলমানসসকলে।

এতিয়া এই মছজিদটোকে ভাঙি দিয়াৰ দাবীৰে ৰঞ্জন অগ্নিহোত্ৰী নামৰ লোকজনে দাবী জনাই আদালতৰ দাৰস্থ হৈছে। আৰু মথুৰা চেছন আদালতে এই আবেদন শুনানিৰ বাবে গ্ৰহণ কৰিছে।