হাতত পিতৃৰ ফ’টো লৈ অপেক্ষাৰত এটি কণমানি দেৱশিশু : চেন্নাইত আৱদ্ধ ৰোগাক্ৰান্ত পিতৃ

বৰ্হি ৰাজ্যত জীৱন মৃত্যুৰে যুঁজি আছে চতিয়াৰ এজন যুৱক; স্বগৃহলৈ ওভতাই আনিবলৈ স্বাস্থ্যমন্ত্ৰীক কাতৰ আহ্বান পৰিয়ালৰ

20200602_130247-01

চেন্নাইত ৰোগাক্ৰান্ত পিতৃৰ অপেক্ষাৰত কণমামি শিশুটি

এটি কণ মানি দেৱশিশু।হাতত আছে এখন ফ’টো।

ফটো খনত থকা পিছে ব্যক্তি জন আন কোনো নহয়।ফটো কণমানি দেৱশিশুটিৰ পিতৃৰ।

শিশুটিৰ অপেক্ষাৰ চকুলোৱে যেন অন্তৰ চুই গৈছে সকলোৰে। কাৰণ ওচৰত নাই দেউতাক।আহিব বিচাৰে যদিও আহিব নোৱাৰে দেউতাক ।

কণমাটিটোৰ হাতৰ ফ’টোখন থকা লোকজন হৈছে পিতৃ জয়বাহাদুৰ দৰ্জী।

দৰাচলতে জয়বাহাদুৰ দৰ্জী কৰ্মসূত্ৰে চেন্নাইলৈ বুলি যোৱা বিশ্বনাথ চতিয়াৰ ৪ নং ভোজমাৰী  লীলবাহাদুৰ দৰ্জীৰ একমাত্ৰ সন্তান।

জীৱন যাপনৰ বাবে পেটৰ ভোক পৰিয়ালৰ ভোক মাৰিবলৈ সুদূৰ বৰ্হি ৰাজ্য চেন্নাইলৈ ঢাপলি মেলিব লগা হৈছিল জয়বাহাদুৰ দৰ্জী।

তেতিয়ালৈ সকলো ঠিকে আছিল। কিন্তু যোৱা কিছুদিন ধৰি বিভিন্ন বেমাৰত আক্ৰান্ত হোৱাৰ পাছত এতিয়া অসম ভৱনত জীৱন মৃত্যুৰে যুঁজি আছে জয়বাহাদুৰ দৰ্জী।

যেনে তেনে দুবেলা দুমুঠিৰে পৰিয়াল পোহ পাল দিয়া অত্যন্ত দৰিদ্ৰ পৰিয়ালৰ এই যুৱকজনৰ এনে পৰিস্থিতিত চিকিৎসা কৰি নিজৰ ঘৰৰ সকলোখিনি শেষ কৰিও কোনো সুফল নোপোৱাত এতিয়া অসম ভৱনতে কোনোমতে দিন অতিবাহিত কৰিছে যুৱকজনে।

উন্নত চিকিৎসা তথা জটিল অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজন হোৱা ২ লাখ টকাৰ বাবে এতিয়া মূৰে কপালে হাত দি সন্মুখত অন্ধকাৰ দেখিছে  দূৰ্ভগীয়া পৰিয়ালটোৱে।

পুত্ৰৰ এনে যান্ত্ৰণা দেখি মাতৃ তথা আত্মীয়ই এতিয়া ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীলৈ কাতৰ আহ্বান  “যি কোনো প্ৰকাৰে জয়বাহাদুৰক স্বগৃহলৈ অনাৰ ব্যৱস্থা লগতে উন্নতমানৰ চিকিৎসা কৰাৰ সুবিধা কৰি দিয়ক।”

যদি কোনোবা সদায়সয় ব্যক্তিয়ে জয় বাহাদুৰ দৰ্জীক সহায়ৰ হাত আগবঢ়াব খোজে তেতিয়া হ’লে ষ্টেট বেংক অফ ইন্ডিয়াৰ চতিয়া শাখাৰ 33404384461 নম্বৰ IFC CODE sbin0012972 সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে পৰিয়াল লোকে।