বিশ্বনাথৰ এখন ক’ভিড শূন্য গাঁও, গাঁওবাসীৰ প্ৰচেষ্টাক বহুতৰে প্ৰশংসা

ANTI-MOD

সমগ্ৰ ৰাজ্যতে ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই থকাৰ সময়তো বিশ্বনাথৰ উত্তৰাঞ্চলৰ মিজিকাজান অঞ্চল সম্পূৰ্ণ কৰ’ণামুক্ত৷

বিশ্বনাথৰ মিজিকাজান ৰ লোকসকলে চৰকাৰৰ সকলো নীতি-নিয়ম মানি সকলোকে সজাগ কৰা পৰিলক্ষিত হৈছে ৷

অঞ্চলটোৰ সকলো লোকেই ক’ভিডৰ নীতি নিয়ম মানি চলাৰ ফলত বৰ্তমান সময়লৈকে এজনো লোক ক’ভিডত আক্ৰান্ত হোৱা নাই ৷ যাৰ ফলত কভিড শূন্য অঞ্চলটো ৷

গাঁও খনত এই পৰিস্থিতি বাহাল ৰাখিবলৈ গাওঁবাসীয়ে সকলো প্ৰচেষ্টাই গ্ৰহণ কৰিছে।এই প্ৰচেষ্টা অনাগত দিনতো অব্যাহত থাকিব বুলি গাঁও খনৰ বহুতে প্ৰকাশ কৰিছে।