বাঢ়িছে পৃথিৱীৰ গতি, এদিনত হয়তো হৈ নাথাকিব ২৪ ঘণ্টা! কি কয় বিজ্ঞানীয়ে?

earth-and-moon-space-vi

স্কুলত সকলোৱে পঢ়িছে এদিনত ২৪ ঘণ্টা।

এয়া চিৰন্তন সত্য বুলিয়েই সকলোৱে ধাৰণা কৰি আহিছে যদিও সেই সত্যৰ যেন লৰচৰ হবলৈ আৰম্ভ কৰিছে।

এয়া কোনো সাধাৰণ লোকে কোৱা কথা নহয়, এয়া কৈছে বিশ্বৰ বিজ্ঞানীসকলেই।

বিশ্বৰ বহু বিজ্ঞানীয়ে প্ৰকাশ কৰা মতে বিগতপ্ৰায় পাঁচটা দশকত পৃথিৱৰ ঘূৰ্ণনৰ গতি বৃদ্ধি পাইছে। সেয়ে কমি আহিছে দিনৰ সময় সীমা।

এতিয়া আৰু  সম্পূৰ্ণ ২৪ ঘণ্টাত এটা দিন নহয়।

২৪ ঘণ্টাৰ পূৰ্বেই দিন একোটাৰ অন্ত পৰি পুনৰ নতুন দিন এটাৰ আৰম্ভনি হয়।

এনে হোৱাৰ কাৰণ হিচাবে বিজ্ঞানীসকল পৃথিৱীৰ আৱৰ্তনৰ গতি বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি কৈছে যে ২০২০ চনৰ ১৯ জুলাইত এদিন পূৰ্ণ হৈছিল সম্পূৰ্ণ ২৪ ঘণ্টাতকৈ ১.৪৬০২ মিলি ছেকেণ্ড (এক ছেকেণ্ডৰ এহেজাৰ ভাগৰ এভাগ) পূৰ্বে।

২০২১ চনত প্ৰতিটো দিন  গড়ে ২৪ ঘণ্টাতকৈ ০.০৫ মিলি ছেকেণ্ড হ্ৰাস পাব। ১৯৬০ চনৰ পৰা ২০২০ চনলৈ কৰা নিৰীক্ষণৰ পৰা এই কথা পোহৰলৈ আহিছে যে ২০২০ চনত চুটি দিনৰ সংখ্যা আছিল ২৮ টা।

২০২১ চনত চুটি দিনৰ সংখ্যা আৰু বৃদ্ধি পাব।

দৰাচলতে পৃথিৱীয়ে ৮৬,৪০০ ছেকেণ্ডত নিজৰ কক্ষপথত এপাক ঘূৰে।

কিন্তু এতিয়া ঘূৰ্ণনৰ সেই গতি লাহে লাহে বাঢ়ি যাবলৈ ধৰিছে।

ইণ্টাৰনেছনেল আৰ্থ ৰোটেছন এণ্ড ৰেফাৰেন্স ছিষ্টেম ছাৰ্ভিচে প্ৰকাশ কৰা তথ্য অনুসৰি ১৯৭০ চনৰ পৰা প্ৰতি ২৭ দিনৰ মূৰে মূৰে লিপ ছেকেণ্ড যোগ কৰা হৈছিল যদিও পৃথিৱীৰ গতি বাঢ়ি যোৱাৰ বাবেই ২০১৬ চনৰ ৩১ ডিচেম্বৰৰ পিছৰে পৰা দিনটোৰ সময়ৰ সৈতে কোনো লিপ ছেকেণ্ড যোগ কৰিবলগীয়া হোৱা নাই।

বিজ্ঞানী সুনন্দ বন্দোপাধ্যায়ে প্ৰকাশ কৰা মতে গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰভাৱ পৃথিৱীৰ গতিৰ ওপৰত পৰিব পাৰে।

গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে মেৰুৰ বৰফ ব্যাপক হাৰত গলিবলৈ লৈছে। বৰফ গলনৰ ফলত পৃথিৱীৰ ঘূৰ্ণনৰ গতিৰো পৰিৱৰ্তন ঘটিব পাৰে।