NORTHEAST NOW (Assamese)

Breaking News লিডুৰ টিৰাপ নদীত উদ্ধাৰ এজন ব্যক্তিৰ মৃতদেহ

November 12, 2021 11:30 am · মানস প্রতীম গগৈ, মাৰ্ঘেৰিটা
ফটো: নৰ্থইষ্ট নাও।

Breaking News আজি পুৱাতেই লিডুৰ টিৰাপ নৈত উদ্ধাৰ হৈছে এজন ৪৫ উৰ্ধৰ ব্যক্তিৰ মৃতদেহ ৷ ব্যক্তিজনক লিডু কাম্বা গাৱৰ নিবাসী পৱন গড় বুলি চিনাক্ত কৰা হৈছে ৷

কালিৰে পৰা পৰিয়ালৰ লোকে ব্যক্তিজন নিৰুদ্দেশ হৈ আছিল বুলি  জানিবলৈ দিছে।

সন্ধাহীন হৈ পৰাৰ পাছত পৰিয়ালৰ লোকে ব্যক্তিজনৰ কোনো সম্ভেদ লাভ কৰা নাছিল ৷

আজি টিৰাপ নৈত ব্যক্তিজনৰ মৃতদেহ উপঙি থকা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

কেনে পৰিস্থিতিত পৰি ব্যক্তিজনে এনেদৰে মৃত্যুক আকোৱালি লব লগা হ’ল সেয়া বৰ্তমানেওঁ জানিব পৰা নাই ৷

বৰ্তমান আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে

Related News