কাবুলৰ সামৰিক বিমান বন্দৰত ভয়ানক বিস্ফোৰণ

উল্লেখ্য যে তালিবান প্ৰশাসনে আই এছ উগ্ৰপন্থী সংগঠনৰ নেতৃত্বত ৰক্তাক্ত বিদ্ৰোহৰ সন্মুখীন হৈছে। যোৱা কেইটামান সপ্তাহত আই এছ-এ কাবুলত কেইবাটাও মূল অট্টালিকা আৰু প্ৰতিষ্ঠানক লক্ষ্য কৰি লৈছে।

দেওবাৰে আফগানিস্তানৰ ৰাজধানী কাবুলত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ। বিস্ফোৰণত একাধিক লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। স্থানীয় সময় অনুসৰি দেওবাৰে পুৱা কাবুল মহানগৰীৰ সামৰিক বিমানবন্দৰৰ বাহিৰত সংঘটিত হয় এই বিস্ফোৰণ। তালিবানৰ গৃ্হমন্ত্ৰালয়ে সদৰী কৰিছে এই তথ্য।

তালিবানৰ মুখপাত্ৰ আব্দুল নাফি ঠাকুৰে ৰয়টাৰ্ছক কয় যে – দেওবাৰে পুৱা কাবুল সামৰিক বিমানবন্দৰৰ বাহিৰত বিস্ফোৰণ সংঘটিত হয়। এই ঘটনাত আমাৰ কেইবাজনো নাগৰিক শ্বহীদ আৰু আহত হয়। ‘ .

এই ঘটনাৰ তদন্ত অব্যাহত আছে বুলি মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়ে। কিন্তু তেওঁ বিস্ফোৰণৰ কাৰণ বা ইয়াৰ লক্ষ্য কি আছিল সেই কথা স্পষ্ট কৰা নাই।

স্থানীয় বাসিন্দাসকলে জনোৱা মতে, পুৱা ৮ বজাৰ ঠিক আগতে দুৰ্গযুক্ত সামৰিক বিমানবন্দৰৰ চাৰিওফালে তীব্ৰ বিস্ফোৰণৰ শব্দ শুনা যায়। লগে লগে নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ছীল কৰি ৰখাৰ লগতে সকলো পথ অৱৰোধ কৰা বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে তালিবান প্ৰশাসনে আই এছ উগ্ৰপন্থী সংগঠনৰ নেতৃত্বত ৰক্তাক্ত বিদ্ৰোহৰ সন্মুখীন হৈছে। যোৱা কেইটামান সপ্তাহত আই এছ-এ কাবুলত কেইবাটাও মূল অট্টালিকা আৰু প্ৰতিষ্ঠানক লক্ষ্য কৰি লৈছে।

জানিব পৰা মতে বিস্ফোৰণ সংঘটিত হোৱা ঠাইত ৰাছিয়া আৰু পাকিস্তানৰ দূতাবাসৰ উপৰিও দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ো আছিল।