ভাৰতীয় জীৱন বীমা নিগমৰ কাম-কাজত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ দাবী সাহিত্য সভাৰ

ভাৰতীয় জীৱন বীমা নিগমৰ জ্যেষ্ঠ মণ্ডল প্ৰবন্ধক মানস ৰঞ্জন চাহুক সাক্ষাৎ অসম সাহিত্য সভাৰ

ASOM SAHITYA SABHA

ফটো : অসম সাহিত্য সভা

‘অসমৰ বিভিন্ন প্ৰান্তত অৱস্থিত ভাৰতীয় জীৱন বীমা নিগমৰ সকলো কাৰ্যালয়ৰ বিভাগীয় কাম-কাজত অসমীয়া তথা খিলঞ্জীয়া ভাষাসমূহৰ প্ৰয়োগ নিশ্চিত হ’ব লাগিব’। অসমীয়া ভাষা প্ৰয়োগৰ নিশ্চয়তা প্ৰদান কৰিবলৈ আজি অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ নেতৃত্বত যোৱা এটি সঁজাতি দলে ভাৰতীয় জীৱন বীমা নিগমৰ জ্যেষ্ঠ মণ্ডল প্ৰবন্ধক মানস ৰঞ্জন চাহুক গুৱাহাটীৰ ফাঁচী বজাৰস্থিত কাৰ্যালয়ত সাক্ষাৎ কৰি এই দাবী জনায়।

‘মাতৃভাষা আমাৰ সকলোৰে জন্মস্বত্ব’। গতিকে মাতৃভাষা ব্যৱহাৰৰ এই মৌলিক অধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ নেতৃত্বত সভাই যোৱা ২১ ফেব্ৰুৱাৰিৰ আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ পৰাই গ্ৰহণ কৰা জনজাগৰণ কাৰ্যসূচীৰ অংশ হিচাপে আজি এই ভাৰতীয় জীৱন বীমা নিগমৰ লগত আলোচনাত মিলিত হয়।

সভাই প্ৰেৰণ কৰা এক সংবাদ বিজ্ঞপ্তিত সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই জানিবলৈ দিয়া মতে সাহিত্য সভাই গ্ৰহণ কৰা জনজাগৰণ কাৰ্যসূচীৰ অংশ হিচােপ আজি সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে ৰাজ্যৰ ৰাজ্যভাষা আইন-১৯৬০ প্ৰয়োগৰ বাবে গ্ৰহণ কৰা সভাৰ এই প্ৰস্তাৱ নিগমৰ কাৰ্যালয়ত এখন স্মাৰক-পত্ৰ অৰ্পণ কৰি আলোচনাত মিলিত হয়।

আলোচনা কালত সভাই নিগমৰ অনা-অসমীয়া বিষয়া-কৰ্মচাৰীক অসমীয়া ভাষা শিক্ষণৰ বাবে সকলো ব্যৱস্থা সভাৰ তৰফৰ পৰা কৰা হ’ব বুলিও উল্লেখ কৰে। এই ক্ষেত্ৰত সভাই স্পষ্ট কৰি কয় ‘অসমৰ জীৱন বীমা নিগমৰ অধীনৰ যিকোনো চাকৰিৰ বাবে গ্ৰহণ কৰা সাক্ষাৎকাৰত মাতৃভাষাৰ জ্ঞান বাধ্যতামূলক কৰিবই লাগিব’।

সভাই এই ক্ষেত্ৰত মত প্ৰকাশ কৰি কয় যে গোলকীকৰণৰ এই সময়ছোৱাত কেৱল ইংৰাজী ভাষাটোৰ জৰিয়তে উচ্চ শিক্ষা আহৰণৰ সুযোগ দিয়াৰ বাবেই মাতৃভাষা বা চৰকাৰী শিক্ষানুষ্ঠানত অধ্যয়ন কৰা শিক্ষাৰ্থীসকললৈ চৰম প্ৰত্যাহ্বান আহি পৰিছে। এই প্ৰত্যাহ্বান গ্ৰহণ কৰিবৰ নিমিত্তেই সভাই চতুৰ্থ শ্ৰেণীৰ পৰা প্ৰথম শ্ৰেণীলৈকে যিকোনো চাকৰিত ৫০ নম্বৰ মাতৃভাষা আৰু ৫০ নম্বৰ চৰকাৰী ভাষা-নীতিমতে প্ৰশ্নোত্তৰ বাধ্যতামূলক কৰিবলৈ জীৱন বীমা নিগমকে ধৰি সংশ্লিষ্ট সকলো পক্ষকে আহ্বান জনাইছে।

এনে নিয়োগ নীতি প্ৰযোজ্য নহ’লে সভাই নিগমৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলিও উল্লেখ কৰে। আজিৰ আলোচনাত সভাৰ হৈ ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ উপ-সভাপতি অনজ্ঞ নাথ, আহ্বায়ক হৃদয়ানন্দ গগৈ, কুঁহি উপ-সমিতিৰ আহ্বায়ক কিশোৰ জৈন আৰু নিগমৰ হৈ উপস্থিত থাকে কাজল শৰ্মা।

উল্লেখ্য, মঙলবাৰে সভাৰ সভাপতিসহ এটি সঁজাতি দলে গুৱাহাটী বিশ্ববিদ্যালয়ত উপাচাৰ্যকে ধৰি বিভিন্ন ক্ষেত্ৰৰ বিষয়া-সংগঠকৰ সৈতে অসমীয়া ভাষা প্ৰয়োগ সন্দৰ্ভত এক আলোচনাত মিলিত হ’ব।